Thursday, July 7, 2022
HomeNewsভাৰত-দক্ষিণ আফ্ৰিকা টি-২০ শৃংখলাত আহিব ধুমুহা ! দীনেশ কাৰ্তিক, উমৰান মালিক ভাৰতীয়...

ভাৰত-দক্ষিণ আফ্ৰিকা টি-২০ শৃংখলাত আহিব ধুমুহা ! দীনেশ কাৰ্তিক, উমৰান মালিক ভাৰতীয় দলত

 

অলিম্পিয়া প্ৰতিবেদন

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰিলে বি চি চি আইয়ে । ভাৰতৰ মাটিত অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাখনত মুঠ ৫ খন মেচ অন্তৰ্ভুক্ত কৰা হৈছে ।

টি-২০ শৃংখলাৰ বাবে বি চি চি আইয়ে কে এল ৰাহুলক অধিনায়কৰ দায়িত্ব দিয়াৰ লগতে ঋষভ পণ্টক দলটোৰ উপ-অধিনায়ক হিচাপে দায়িত্ব অৰ্পণ কৰিছে । গুৰুত্বপূৰ্ণ কথাটো হ’ল আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰখা দীনেশ কাৰ্তিকক পুনৰ দললৈ ঘূৰাই অনা হৈছে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘোষিত ভাৰতীয় দলটোত স্থান লাভ কৰিছে দীনেশ কাৰ্তিকে । চলিত আই পি এলত ফিনিচাৰৰূপে উজলি উঠাৰ বাবে দীনেশ কাৰ্তিক উপেক্ষা কৰিব নোৱাৰিলে নিৰ্বাচক মণ্ডলীয়ে ।

আনহাতে, বহু কেইজন জ্যেষ্ঠ খেলুৱৈক এই টি-২০ শৃংখলাৰ পৰা বিশ্ৰাম দিয়া হৈছে । এই শৃংখলাৰ পৰা বাদ পৰা তাৰকা ক্ৰিকেটাৰৰ ভিতৰত আছে বিৰাট কোহলি, ৰোহিত শৰ্মা আৰু যশপ্ৰীত বুমৰাহ । একেদৰে ভাৰতীয় দললৈ আমন্ত্ৰণ জনোৱা হৈছে তৰুণ ক্ৰিকেটাৰ উমৰান মালিকক । আই পি এলৰ পিছতেই ৯ জুনৰ পৰা ১৯ জুনলৈ ভাৰতৰ মাটিত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ এই টি-২০ আন্তঃৰাষ্ট্ৰীয় দ্বিপাক্ষিক শৃংখলা ।

ভাৰত-দক্ষিণ আফ্ৰিকাৰ এই টি-২০ শৃংখলা দুয়োটা দলৰ বাবেই অতি গুৰুত্বপূৰ্ণ । কিয়নো সন্মুখত আছে টি-২০ ক্ৰিকেট বিশ্বকাপ । এই বিশ্বকাপত স্থান লাভৰ বাবে ক্ৰিকেটাৰসকলে নিশ্চিতভাৱে শৃংখলাটোত উন্নত প্ৰদৰ্শন আগবঢ়াব লাগিব । বিশ্বকাপৰ প্ৰতি লক্ষ্য কৰিয়েই নিৰ্বাচকে জ্যেষ্ঠসকলক বিশ্ৰাম প্ৰদান কৰি বহু যুৱ খেলুৱৈক দলত স্থান দিছে । যুৱ ক্ৰিকেটাৰসকলে লাভ কৰা এই সুযোগক কিদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয় ।

ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি-২০ শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত ৯ জুনত দিল্লীত অনুষ্ঠিত হ’ব । দ্বিতীয়খন মেচ ১২ জুনত কটকত, তৃতীয়খন মেচ ১৪ জুনত বিশাখাপত্তনম, চতুৰ্থখন মেচ ১৭ জুনত ৰাজকোটত আৰু পঞ্চমখন মেচ ১৯ জুনত বেংগালুৰুত অনুষ্ঠিত হ’ব ।

বিচিচিআইয়ে ভাৰত-দক্ষিণ আফ্ৰিকাৰ বাবে ঘোষণা কৰা দলটো– কে এল ৰাহুল (অধিনায়ক), ঋতুৰাজ গায়কোৱাড়, ঈশান কিষাণ, দীপক হুদা, শ্ৰেয়াছ আয়াৰ, ঋষভ পন্ত (উপ-অধিনায়ক, উইকেটকীপাৰ), দিনেশ কাৰ্তিক (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ভেঙ্কটেশ আয়াৰ, য়ুজবেন্দ্ৰ চাহল, কুলদীপ যাদৱ, অক্ষৰ পেটেল, ৰবি বিষ্ণই, ভূৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, অভেশ খান, অৰ্শদীপ সিং আৰু উমৰান মালিক ।

ভাৰত বনাম দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাৰ দল– টেম্বা বাভুমা (অধিনায়ক), কুইন্টন ডি কক, ৰিজা হেণ্ড্ৰিক্স, হেনৰিখ ক্লাসেন, কেশৱ মহাৰাজ, এডেন মাৰ্ক্ৰাম, ডেভিদ মিলাৰ, লুঙ্গি এনগিডি, এনৰিক নৰ্টজে, ৱেইন পাৰনেল, ডোৱেন প্ৰেটোৰিয়াছ, কাগিচো ৰাবাডা, তাব্ৰিজ চামচি, ট্ৰিষ্টান, ৰাছি ভান ডাৰ ডাৰ ডাছচেন, মাৰ্কো জানচেন ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen + sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments