Monday, October 3, 2022
HomeNewsভাৰত-বাংলাদেশ সীমান্তত আই পি এল অনুৰাগীক আটক

ভাৰত-বাংলাদেশ সীমান্তত আই পি এল অনুৰাগীক আটক

ভাৰত-বাংলাদেশ সীমান্তত আই পি এল অনুৰাগীক আটক

অলিম্পিয়া প্ৰতিবেদন:

বিশ্বচৰ্চিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ প্ৰভাৱ ভাৰত বাংলাদেশ সীমান্তত । ভাৰতীয় সুৰক্ষা বাহিনী নামিব লগীয়া হ’ল আই পি এলৰ সুৰক্ষাত । এক নভবা নিচিন্তা ঘটনা চলিত আই পি এলত দেখা গ’ল । আই পি এলে প্ৰতি বছৰে বিশ্বৰ ক্ৰিকেটপ্ৰেমীৰ হৃদয় জিনিবলৈ সক্ষম হৈ আহিছে । বিশ্বৰ বহু দেশৰ অনুৰাগীয়ে নিজৰ প্ৰিয় খেলুৱৈ জনৰ খেল উপভোগ কৰিবলৈ অধীৰ আগ্ৰহ প্ৰকাশ কৰে ।

এনে কোটি কোটি অনুৰাগীৰ মাজত এজন ব্যক্তিক্ৰমি অনুৰাগীয়ে তেওঁৰ অদ্ভুত ক্ৰিকেট প্ৰেমৰ জড়িয়তে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে । ভাৰত- বাংলাদেশ সীমান্ততো আই পি এলৰ প্ৰভাৱ পেলোৱা এইজন ক্ৰিকেটপ্ৰেমী হ’ল বাংলাদেশৰ মহম্মদ ইব্ৰাহিম ।

আৰু অধিক পঢ়ক

উল্লেখযোগ্য যে স্বচক্ষুৰে আই পি এল উপভোগ কৰাৰ ইচ্ছাৰে সীমান্তৰ দালালৰ জড়িয়তে কলকাতা হৈ মুম্বাইলৈ যোৱাৰ ইচ্ছা কৰিছিল ইব্ৰাহিমে । সেই উদ্দেশ্যে পশ্চিম বংগৰ ২৪ পৰগণা সীমান্ত‌ইদি এক স্থানীয় দালালৰ জড়িয়তে তেওঁ পাৰ হয় । কিন্তু ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ বি এছ এফৰ হাতৰপৰা সাৰি যাব নোৱাৰিলে ইব্ৰাহিম । সুৰক্ষা বাহিনীয়ে পাছত ইব্ৰাহিমৰ প্ৰাথমিক খবৰ কৰি নিশ্চিত হয় যে আই পি এল প্ৰদৰ্শনেই আছিল তেওঁৰ এই অবৈধ উপায়েৰে ভাৰত ভ্ৰমণৰ মূল উদ্দেশ্য ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

সেয়েহে ইব্ৰাহিমক আটক নকৰি বি এছ এফে বাংলাদেশ সুৰক্ষা বাহিনীক গতাই দিয়ে । ক্ৰিকেটৰ প্ৰতি কিমান ভালপোৱা থাকিলে এনে দু:সাহসিক কাম কৰিব পাৰি সেয়া ভাবিবই নোৱাৰি ! এতিয়াৰ পৰা ভাৰত- বাংলাদেশ সীমান্তত আই পি এল অনুৰাগীক বাধা দিবলৈ বি এছ এফে অধিক কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments