Thursday, July 7, 2022
HomeNewsভূগোলৰ শিক্ষকে গঢ়িছে ৰাষ্ট্ৰীয় খেলুৱৈ : নিজা প্ৰচেষ্টাত নিৰ্মাণ কৰিলে ষ্টেডিয়াম, হোষ্টেল

ভূগোলৰ শিক্ষকে গঢ়িছে ৰাষ্ট্ৰীয় খেলুৱৈ : নিজা প্ৰচেষ্টাত নিৰ্মাণ কৰিলে ষ্টেডিয়াম, হোষ্টেল

তুষাৰ প্ৰতিম

বৰ্তমান সময়ত খেল ‘ধেমালি’ হৈ থকা নাই। বৰ্তমান খেল এটা সুন্দৰ কেৰিয়াৰলৈ ৰূপান্তৰ হৈছে। ল’ৰাই হ‌ওক বা ছোৱালীয়েই হ‌ওক খেলৰ মাধ্যমেৰে জগত জিনিবলৈ সক্ষম হৈছে। একবিংশ শতিকাত তীব্ৰ গতিৰে মানুহৰ জীৱন প্ৰণালী সলনি হৈ অহাৰ সমান্তৰালভাৱে সলনি হৈছে মানুহৰ খাদ্যাভ্যাসৰ লগতে সাজ সজ্জা। কিন্তু এনে সময়তে এইখন ভাৰতৰ এনে কিছুমান গ্ৰাম্যঞ্চল আছে য’ত মহিলাক ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ কৰি ৰখাৰ লগতে দীঘল উৰণীৰে ঢাকি ৰখা হয়। খেল পথাৰলৈ ওলাই আহি ল’ৰাৰ সমানে সমানে ছোৱালীয়ে খেলা তেনে সমাজৰ বাবে সাধাৰণ কথা নহয়। এনে এখন গাওঁ আছিল বিহাৰৰ চিৱান (siwan) জিলাত। য’ত মহিলাক চাৰিবেৰৰ মাজত আৱদ্ধ কৰি ৰখা হয়। এনে এখন গাঁৱৰ পৰাই এতিয়া মাত্ৰ এজন ব্যক্তিৰ আপ্ৰাণ প্ৰচেষ্টাত ওলাই আহিছে কুৰি গৰাকীতকৈ অধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। য’ত এসময়ত ছোৱালীয়ে খেলৰ সময়ত পৰিধান কৰা কাপোৰ, উচ্চ বৰ্ণ, নিম্ন বৰ্ণৰ বাচ বিচাৰৰ দৰে এলান্ধুকলীয়া কুসংস্কাৰৰে ভৰি আছিল তাত এতিয়া মাত্ৰ এজন ব্যক্তিৰ ত্যাগ আৰু কষ্টৰ বিনিময়ত গঢ় লৈ উঠিছে ৰাণী লক্ষ্মীবাঈ স্প’ৰ্টছ ক্লাব। য’ত প্ৰশিক্ষণ গ্ৰহণ কৰে উচ্চ, নিচ বাচ বিচাৰহীন শতাধিক ছোৱালীয়ে।

পাঠকৰ লগত তেওঁৰ শিক্ষাৰ্থীসকল

সঞ্জয় পাঠক। বিহাৰৰ চিৱান (siwan) জিলাৰ এখন চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ ভূগোলৰ শিক্ষক। এইগৰাকী সঞ্জয় পাঠকৰ নাই কোনো শাৰীৰিক শিক্ষা বা খেলৰ আনুষ্ঠানিক বা অনানুষ্ঠানিক প্ৰশিক্ষণ। তথাপিও তেওঁ ইণ্টাৰনেটৰ মাধ্যমৰ জড়িয়তে বিভিন্ন ক্ৰীড়াৰ কৌশল আহৰণ কৰি জিলাখনৰ শতাধিক ছোৱালীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। স্থাপন কৰিছে ৰাণী লক্ষ্মীবাঈ স্প’ৰ্টছ ক্লাব নামেৰ এটা ক্লাব। নিৰ্মাণ কৰিছে আৱাসীক গৃহ‌ও।

সঞ্জয় পাঠক।

২০০৯ চনত জিলাখনত অনুষ্ঠিত হৈছিল এক পঞ্চায়ত পৰ্যায়ৰ এক ক্ৰীড়া প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত উপস্থিত আছিল সঞ্জয় পাঠক। সেই প্ৰতিযোগিতাতে জিলাখনৰ দুজনী ছোৱালীয়ে দৌৰ প্ৰতিযোগিতাৰ কেইবাটাও শিতানত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰতিযোগিতাত উপস্থিত থকা সঞ্জয় পাঠকৰ সেইদিনাই মনলৈ আহিছিল এক বিশেষ চিন্তা। তেওঁ উপলব্ধি কৰিছিল গ্ৰাম্যঞ্চলৰ এই ছোৱালীবোৰৰ প্ৰতিভাৰ কোনো অভাৱ নাই। উপযুক্ত প্ৰশিক্ষণ লাভ কৰিলে গ্ৰাম্যঞ্চলৰ এই ছোৱালীবোৰ যে ক্ৰীড়া ক্ষেত্ৰত বহু দূৰ আগুৱাই যাব পাৰিব সেয়া পাঠকে বুজি পাইছিল। যাৰবাবে তেওঁ সেই দিনাই ঠিৰাং কৰিছিল এই প্ৰতিভাৱান ছোৱালীসকলক উপযুক্ত প্ৰশিক্ষণৰ জড়িয়তে উলিয়াই আনিব। ইয়াৰ পিছতেই তেওঁ আৰম্ভ কৰে ৰাণী লক্ষ্মীবাঈ স্প’ৰ্টছ ক্লাব। অৱশ্যে এই ক্লাব আৰম্ভ কৰাৰ ক্ষেত্ৰত সঞ্জয় পাঠকৰ সন্মুখত আহি পৰিছিল বিভিন্ন ধৰণৰ প্ৰতিবন্ধকতা। গাঁৱৰ এচাম যুৱকে মুকলিকৈ সুৰা পান কৰি সুৰাৰ বটল ক্লাবৰ ফিল্ডত ভাঙি থৈ যোৱাৰ লগতে ছোৱালীয়ে পৰিধান কৰা খেলৰ উপযোগী পোচাকক লৈয়ো নানান অশ্লীল কথা কবলৈ আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও খেল পথাৰৰ কাষত অশ্লীল গান উচ্চ স্বৰত বজাবলৈ আৰম্ভ কৰিছিল। উচ্চ শ্ৰেণীৰ ছোৱালীৰ লগত নিম্ন শ্ৰেণীৰ উঠা বহা সমাজৰ এচাম লোকৰ বাবে অসহ্যকৰ আছিল। যাৰ বাবে এই ক্লাবত প্ৰশিক্ষণ গ্ৰহণ কৰা ছোৱালীবোৰৰ পৰিয়ালৰ লোকক বিভিন্নধৰনে মানসিক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। আন নালাগে সঞ্জয় পাঠকৰ সহকৰ্মীসকলেও প্ৰথম পৰ্যায়ত তেওঁৰ এই কাৰ্যক সমালোচনা কৰিবলৈ ধৰিছিল। এইসকলোবোৰৰ উপৰিও সঞ্জয় পাঠকৰ এই মহৎ কামত হেঙাৰ হৈ ঠিয় দিছিল তেওঁৰ নিজ পিতৃ মাতৃ। অৱশ্যে এই সকলো সমস্যা সাহসেৰে মোকাবিল কৰি ৰাণী লক্ষ্মীবাঈ স্প’ৰ্টছ ক্লাবক আগুৱাই লৈ গ’ল পাঠকে। শেহতীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে ২০ জনী ছোৱালী থাকিব পৰাকৈ এটা আৱাসীক গৃহ।

ৰাণী লক্ষ্মীবাঈ স্প’ৰ্টছ একাডেমী

দেশৰ লগতে বিদেশৰো সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা সঞ্জয় পাঠকৰ এই স্প’ৰ্টছ ক্লাবৰ পৰা বৰ্তমানলৈকে ২৫ গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সফল মহিলা খেলুৱৈ সৃষ্টি হৈছে। কেৱল ইউটিউবত ভিডিঅ’ চাই আৰু অধ্যয়ন কৰি ফুটবল, হকী, ৰাগবী, হেণ্ডবল, এথলেটিকছ, বেডমিণ্টন আদিৰ দৰে ক্ৰীড়াৰ প্ৰশিক্ষণ প্ৰদান কৰি জিলাখনৰ ছোৱালীবোৰক উলিয়াই লৈ গৈছে পাঠকে। ছাত্ৰীবাসৰ ছোৱালীবোৰক যি পৰিমাণৰ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন সেই পৰিমাণে এতিয়াও দিবলৈ অপাৰগ পাঠকে ইয়াৰ বাবে দুখ প্ৰকাশ কৰিছে। কেৱল মাত্ৰ নিজৰ দৰমহাৰ ২৫ শতাংশ ধনেৰে ক্লাবৰ ছোৱালীসকলৰ বাবে খাদ্যৰ যোগাৰ কৰিবলগীয়া হৈছে । সংবাদ মাধ্যমৰ আগত এই বিষয়ত তেওঁ কয় , হোষ্টেলৰ ছোৱালীবোৰক চাৰিটা সময়ত কল, কণীকে আদি কৰি বিভিন্ন পুষ্টিকৰ খাদ্য দিব লাগে। কিন্তু মই এতিয়া সপ্তাহত এদিন কণী আৰু প্ৰতিদিনে কেৱল দালিয়া দিয়েই ৰাখিবলগীয়া হৈছে। কেতিয়াবা মোৰ মনত ভাব আহে মই বাৰু ছোৱালীহঁতক পুষ্টিকৰ খাদ্য যোগান ধৰিব নোৱাৰি পাপ কৰিছোঁ নেকি! অৱশ্যে গাঁওখনৰ পৰা শেহতীয়াকৈ একাংশ ব্যক্তি আগবাঢ়ি আহিছে যিয়ে আৰ্থিকভাৱে ক্লাবটোক সহায়ৰ হাত আগবঢ়াইছে। সঞ্জয় পাঠকৰ এই কাৰ্যত প্ৰথমে বাধা দিয়া এগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত এতিয়া কয় এইদৰে, প্ৰথমে সঞ্জয়ৰ এই সপোনক আমি পাগলামি বুলি ভাবিছিলোঁ। কিন্তু এতিয়া আমি তেওঁৰ এই কাৰ্যক লৈ বহুত সুখী। আমি আমাৰ ছোৱালীৰ সফলতাক লৈ গৌৰৱান্বিত। কিয়নো তেওঁলোকৰ সফলতা এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চাৰ লাভ কৰিছে। এই ক্লাব আমাৰ গাওঁ, জিলা আৰু ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৃষ্ঠাত পাঠক আৰু তেওঁৰ কাহিনী

সঞ্জয় পাঠকৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা ৰাণী লক্ষ্মীবাঈ স্প’ৰ্টছ ক্লাবৰ পৰা বৰ্তমানলৈকে বহু কেইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সফল ক্ৰীড়াবিদ সৃষ্টি হোৱাৰ লগতে বহুতেই ক্ৰীড়াৰ মাধ্যমেৰে লাভ কৰিছে চৰকাৰী চাকৰি। তেওঁৰ আশা ৰাণী লক্ষ্মীবাঈ স্প’ৰ্টছ ক্লাবক ‘মোহন বাগান’ৰ দৰে এক ট্ৰাষ্টলৈ ৰূপান্তৰ কৰিব। কেৱল বিহাৰৰেই নহয়, অন্যান্য ৰাজ্যৰ ছোৱালীক সেই ক্লাবৰ জড়িয়তে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় স্তৰলৈ লৈ যাব। তেওঁৰ মৃত্যুৰ পিছতো ৰাণী লক্ষ্মীবাঈ স্প’ৰ্টছ ক্লাব সফলতাৰে আগুৱাই গৈ থাকিব।

মাত্ৰ এজন ব্যক্তিৰ যোগাত্মক চিন্তাৰ ফচল ৰাণী লক্ষ্মীবাঈ স্প’ৰ্টছ ক্লাব। চৰকাৰী সাহাৰ্য অবিহনেই সঞ্জয় পাঠকে এই ক্লাবক খুব কমসময়ৰ ভিতৰতে সফলভাবে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আটাইতকৈ ডাঙৰ কথাটো হৈছে পাঠকে ক্ৰীড়াৰ মাধ্যমেৰে বিহাৰৰ চিৱান (siwan) জিলাৰ লোকসকলৰ মাজত থকা এলান্ধুকলীয়া কুসংস্কাৰ আঁতৰ কৰিবলৈ সক্ষম হৈছে। যিসময়ত সঞ্জয় পাঠকক তেওঁৰ কাৰ্যৰ বাবে পাগলামি বুলি ইতিকিং কৰা হৈছিল সেই সঞ্জয় পাঠকৰ পাগলামি বোৰেই এতিয়া মহৎ কাৰ্য ৰূপে বিবেচিত হৈছে। সঞ্জয় পাঠক আৰু তেওঁৰ ৰাণী লক্ষ্মীবাঈ স্প’ৰ্টছ ক্লাবৰ জড়িয়তেই দেশ বিদেশৰ দৃষ্টি আকৰ্ষণ কৰিছে জিলাখনে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments