কেৱল অৰ্থৰ লোভত নতুনকৈ গঠন কৰা ইউৰোপিয়ান চুপাৰ লীগ ভূমিষ্ঠ হোৱাৰ পূৰ্বেই মৃত্যুৰ দিশলৈ গতি কৰিলে। অনুৰাগীৰ তীব্ৰ প্ৰতিবাদৰ ওচৰত যেন সেও মানিলে ইউৰোপিয়ান চুপাৰ লীগৰ পৃষ্ঠপোষকসকলে। এই লীগৰ অন্যতম সদস্য ৰিয়েল মাদ্ৰিদ, বাৰ্চিলোনাকে ধৰি ইউৰোপৰ ১০ টা ক্লাবে লীগখনৰ পৰা আঁতৰি অহাৰ লগে লগেই চুপাৰ লীগখনৰ শ্মশান যাত্ৰা আৰম্ভ হ’ল। দুটা ক্লাবেৰে আৰু কোনো কাৰণতে এই চুপাৰ লীগ অনুষ্ঠিত হ’ব নোৱাৰে। ইফালে লীগখনৰ সহ-সভাপতি তথা জুভেণ্টাছৰ সভাপতি Andrea Agnelli য়েও এক বিবৃতীৰ জড়িয়তে এই চুপাৰ লীগ আৰু অনুষ্ঠিত কৰা সম্ভৱ নহয় বুলি ঘোষণা কৰিছে।
ইউৰোপৰ মুঠ ১২ টা ক্লাবে নতুনকৈ ভূমিষ্ঠ কৰিবলৈ সকলোধৰণৰ প্ৰচেষ্টা হাতত লোৱা ইউৰোপিয়ান চুপাৰ লীগক উয়েফা আৰু ফিফায়েও সমৰ্থন জনোৱা নাছিল। আনকি ফিফাই এই লীগ অনুষ্ঠিত কৰিলে সেই লীগত খেলা খেলুৱৈয়ে ফিফাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি স্পষ্ট ঘোষণা কৰিছিল। ইয়াৰ পিছতেই এই লীগৰ পৃষ্ঠপোষকতা কৰা ১০ টা ক্লাবে পিছলৈ ঘূৰি আহে।
কোৱা হৈছে কেৱল মাত্ৰ অৰ্থ উপাৰ্জনৰ বাবেই এই লীগ অনুষ্ঠিত কৰাৰ চেষ্টা চলোৱা হৈছে। অৰ্থৰ বাবেই প্ৰতিযোগিতাৰ প্ৰাথমিক চৰ্ত ভৰিৰে মোহাৰি পেলাবলৈ কুণ্ঠাবোধ কৰা নাই এই লীগৰ পৃষ্ঠপোষক সকলে। যাৰ বাবে অনুৰাগীসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। অনুৰাগীসকলৰ স্পষ্ট কথা ইউৰোপিয়ান চুপাৰ লীগৰ প্ৰয়োজন নাই, তেওঁলোকে উয়েফা চেম্পিয়নছ লীগ হে লাগে।
অনুৰাগীৰ এনে প্ৰতিবাদ আৰু বিশ্বৰ সকলো প্ৰান্তৰ পৰা হোৱা সমালোচনাৰ ওচৰত সেও মানি প্ৰথমে চেলছি তাৰপিছত মানচেষ্টাৰ চিটিয়ে এই লীগৰ পৰা নাম প্ৰত্যাহাৰ কৰে। ইয়াৰ পিছত ইংলেণ্ডৰ চাৰিটা ক্লাবে লীগত অংশগ্ৰহণ নকৰে বুলি ঘোষণা কৰে। লিভাৰপুলৰ স্বত্বধিকাৰী জন ডব্লিউ হেনৰিয়ে ক্লাবটোৰ অনুৰাগীসকলৰ ওচৰত আনুষ্ঠানিকভাৱে ক্ষমা বিচাৰে। জুভেণ্টাছৰ সভাপতি, যি চুপাৰ লীগৰো সহ সভাপতি আছিল তেওঁ এতিয়া আৰু এই লীগ অনুষ্ঠিত কৰা সম্ভৱ নহয় বুলি ঘোষণা কৰিছে।
মঙ্গলবাৰে নিশা নিশা মানচেষ্টাৰ চিটি, মানচেষ্টাৰ ইউনাইটেড, লিভাৰপুল, চেলছি, আৰ্চেনাল আৰু টটেনহামৰ পাছে পাছে বুধবাৰে ইণ্টাৰ মিলান আৰু এ চি মিলানেও চুপাৰ লীগত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত ৰাজহুৱা কৰে। একেই সিদ্ধান্ত গ্ৰহণ কৰিলে।জুভেণ্টাছেও।
চুপাৰ লীগৰ পৃষ্ঠপোষক ১২ টা ক্লাবৰ ১০ টাই লীগৰ পৰা আঁতৰি অহাৰ পিছত এতিয়া কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই ৰিয়েল মাদ্ৰিদ তথা চুপাৰ লীগৰ সভাপতি পেৰেজে।