Thursday, July 7, 2022
HomeNewsভোট যুদ্ধত জয়ী হ'ল কেইবাজনো প্ৰাক্তন খেলুৱৈ আৰু সংগঠক

ভোট যুদ্ধত জয়ী হ’ল কেইবাজনো প্ৰাক্তন খেলুৱৈ আৰু সংগঠক

ভোট যুদ্ধৰ অৱসান। জনতাই দিলে জনাদেশ। পুনৰ পাঁচ বছৰলৈ সৰ্বসাধাৰণে নিৰ্বাচিত কৰিলে নিজৰ প্ৰতিনিধি। এই প্ৰতিনিধি সকলৰ মাজত আছে কেইবাগৰাকীও প্ৰাক্তন খেলুৱৈৰ লগতে ক্ৰীড়াৰ লগত জড়িত ব্যক্তি।

অসমৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী তথা মাজুলী বিধানসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল এগৰাকী প্ৰাক্তন খেলুৱৈ হোৱাৰ উপৰিও অসম অলিম্পিক সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি।আছে। মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে সোণোৱালে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীৰো দায়িত্ব পালন কৰিছিল। আনহাতে মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা ৰাজ্যৰ ক্ৰীড়া বিভাগ নিজৰ হাততে ৰাখি তেওঁ গুৱাহাটীক দেশৰ ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছিল। ইয়াৰ ভিতৰত তেওঁ বহু কেইখন আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত কৰাৰ উপৰিও আন্তঃগাঁথনি নিৰ্মাণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।

আনহাতে জালুকবাৰী সমষ্টিৰ বিজেপি বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰতাপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ক্ৰীড়াৰ লগত উতঃপুতঃ ভাৱে জড়িত হৈ আছে। তেওঁ বেডমিণ্টন এছিয়াৰ উপ সভাপতি, তথা ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি আছে। তেওঁ সন্থাৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে খেলুৱৈৰ বিভিন্ন সমস্যাৰ সমাধানত গুৰুত্ব প্ৰদান কৰাৰ উপৰিও দেশৰ লগতে ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছিল‌। তেওঁৰ নেতৃত্বতে অসমৰ বেডমিণ্টন ক্ষেত্ৰখনেও এখোজ আগুৱাই যাবলৈ চেষ্টা অব্যাহত ৰাখিছে।

এই দুজন নবনিৰ্বাচিত বিধায়কৰ উপৰিও বোকাখাত সমষ্টিৰ অগপ বিধায়ক, মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, জাগীৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পিয়ুষ হাজৰিকা, বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নুমল মমিন আদিও অসম অলিম্পিক সন্থাৰ বিভিন্ন দায়িত্ব গ্ৰহণ কৰি আছে। আনহাতে আন কেইবাগৰাকীও নিৰ্বাচিত বিধায়ক অসমৰ বিভিন্ন ৰাজ্যিক ক্ৰীড়া সন্থাৰ বিভিন্ন দায়িত্ব গ্ৰহণ কৰি আছে।

ইফালে চুবুৰীয়া পশ্চিমবঙ্গটো বহু কেইজন প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈয়ে ৰাজনীতিৰ পথাৰলৈ আহি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। ইয়াৰ ভিতৰত প্ৰাক্তন ক্ৰিকেটাৰ অশোক দিন্দা, মনোজ তিৱাৰী, বিদেশ বসু অন্যতম। ৰাজ্যখনত তৃতীয় বাৰৰ বাবে ক্ষমতা দখলৰ বাবে যোগ্যতা অৰ্জন কৰা তৃণমূল কংগ্ৰেছৰ হৈ প্ৰাক্তন ক্ৰিকেটাৰ মনোজ তিৱাৰী আৰু প্ৰাক্তন ফুটবলাৰ বিদেশ বসু বিধায়ক হিচাপে নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে। আনহাতে বিজেপিৰ হৈ প্ৰাক্তন ক্ৰিকেটাৰ অশোক দিন্দা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments