Wednesday, July 6, 2022
HomeNewsভয়াতুৰ মহম্মদ আলী

ভয়াতুৰ মহম্মদ আলী

বিশ্বৰ প্ৰসিদ্ধ বক্সাৰ মহম্মদ আলীৰ সফলতাৰ কথা নতুনকৈ অৱতাৰণা কৰাৰ প্ৰয়োজন নাই। ১৮বছৰতকৈ কম সময়ৰ পৰাই তেওঁ বক্সিং ৰিঙত নিজৰ আধিপত্য বিস্তাৰ কৰাৰ লগতে নিজৰ দেশৰ নাম উজলাই তুলিছিল। এইগৰাকী বক্সাৰৰ প্ৰভাৱ ইমানেই শক্তিশালী আছিল যে তেওঁৰ নাম শুনিয়েই একাংশ বক্সাৰৰ শৰীৰৰ ঘাম বাহিৰ হৈছিল। অৱশ্যে এইগৰাকী শক্তিশালী বক্সাৰে বক্সিং ৰিঙত যিদৰে সফলতা লাভ কৰিছিল, প্ৰতিপক্ষক ধাৰাসায়ী কৰিছিল ঠিক একেদৰে তেওঁ আছিল অত্যন্ত ভয়াতোৰ। তেওঁৰ ইমানেই বেছি ভয় আছিল যে অলিম্পিকত অংশগ্ৰহণৰ পৰাই নিজৰ নাম প্ৰত্যাহাৰ কৰিবলৈ ওলাইছিল।

১৯৬০ চনৰ ৰোম অলিম্পিকৰ সময়ৰ কথা। প্ৰতিযোগিতাখনলৈ যোগ্যতা অৰ্জন কৰাৰ পিছত মহম্মদ আলীৰ বাবে আটাইতকৈ কঠিন কাম হিচাপে পৰিগণিত হৈছিল আমেৰিকাৰ পৰা ৰোমলৈ যাত্ৰা কৰাটো। তেওঁৰ ধাৰণা আছিল অধিক সংখ্যক বিমানেই যাত্ৰা পথত দুৰ্ঘটনাত পতিত হয়। সেয়ে তেওঁ বিমানত যাত্ৰা কৰিবলৈ ভয় কৰিছিল। পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ যে তেওঁ প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰৰ বাবে আগবাঢ়িছিল। অৱশ্যে তেওঁৰ শৈশৱৰ প্ৰশিক্ষক মাৰ্টিনৰ বুজনিৰ পিছত তেওঁ এই সিদ্ধান্ত পৰিহাৰ কৰিছিল। ইয়াৰ পিছত যেতিয়া তেওঁ ৰোমলৈ যাত্ৰা কৰিবলৈ আগবাঢ়িছিল তেতিয়া তেওঁ বিমান বন্দৰ কৰ্তৃপক্ষৰ পৰা আমেৰিকা আৰু ৰোমৰ মাজত যাত্ৰা কৰাৰ সময়ত কিমান বিমান দুৰ্ঘটনাত পতিত হৈছে তাৰ সম্পূৰ্ণ ডাটা বিচাৰিলে। বিমানবন্দৰ কৰ্তৃপক্ষই এই ক্ষেত্ৰত তেনেকুৱা দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা মনত নাই বুলি কোৱাত তেওঁ কিছু সাহস পাইছিল যদিও বিকল্পৰ ব্যৱস্থা কৰিছিল। আলীয়ে আৰ্মীৰ গুদামৰ পৰা এটা পেৰাচ্যুট ক্ৰয় কৰি লৈছিল আৰু গোটেই যাত্ৰা পথত তাক নিজৰ পিঠিত বান্ধি ৰাখিছিল।

মহম্মদ আলীৰ এই বিমান যাত্ৰাৰ পিছতেই অৱশ্যে ভয় কমি আহিছিল আৰু পৰৱৰ্তী সময়ত পাইলটৰ কাষত গৈ বহিলৈ যাত্ৰা কৰিব‌ও ভয় কৰা নাছিল।

ৰোম অলিম্পিকত সেইবাৰ মহম্মদ আলীয়ে লাভ কৰা স্বৰ্ণ পদকটো অৱশ্যে বেছি দিন তেওঁৰ লগত নাথাকিল। আমেৰিকাত বৰ্ণবৈষম্যৰ ভয়ংকৰ ৰূপ দেখি তেওঁ নদীলৈ দলিয়াই পেলাইদিছিল সেই পদকটো। ৰোম অলিম্পিকৰ পৰা অহাৰ পিছত আলীয়ে আমেৰিকাৰ এখন ৰেষ্টুৰেণ্টলৈ গৈছিল। কিন্তু তেওঁ জনা নাছিল যে সেই ৰেষ্টুৰাত কৃষ্ণবৰ্ণৰ লোকৰ প্ৰৱেশ বন্ধ আছিল। ৰেষ্টুৰাখনৰ বাহিৰত গৈ যেতিয়া আলী উপস্থিত হৈছিল তেতিয়া তেওঁৰ দেহৰ বৰণৰ হাতত থকা অলিম্পিক পদকটো কাঢ়ি লবলৈ চেষ্টা কৰিছিল। এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হোৱাৰ বাবেই অলিম্পিক পদকটো নদীলৈ দলিমাৰি দিছিল। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁক অলিম্পিক কমিটিৰ তৰফৰ পৰা আন এটা পদক প্ৰদান কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments