অলিম্পিয়াৰ প্ৰতিবেদ
যোৱা কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণ দি থকাৰ ফলত হায়দৰাবাদ চহৰ ভয়াবহ বানৰ কৱলত পৰিছে। বৰ্তমানলৈকে ৩৫ জন লোক এই বানত মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে। চহৰখনৰ বাসিন্দাসকলৰ ব্যক্তিগত সম্পত্তিৰ লগতে ৰাজহুৱা খণ্ডৰ এটাৰ পিছত এটা সম্পত্তি ধ্বংস হৈছে। ইয়াৰ মাজতে অলিম্পিক পদক বিজয়ী শ্বুটাৰ গগণ নাৰাংগৰ এক বিশেষ টুইটে এতিয়া ক্ৰীড়া অনুৰাগীৰ অন্তৰত বৰকৈ আঘাত দিছে। তেলেংগানাৰ ৰাজধানী চহৰ হায়দৰাবাদত থকা নাৰাংগৰ শ্বুটিং একাডেমী ‘গান ফৰ গ্ল’ৰি’ৰ প্ৰায় সকলো সামগ্ৰী নষ্ট হৈছে পানীত।

হায়দৰাবাদত থকা গগণ নাৰাংগৰ গান ফৰ গ্ল’ৰি দেশৰ ভিতৰতে এখন জনপ্ৰিয় শ্বুটিং একাডেমী। এই শ্বুটিং একাডেমীখন পানীৰ তলত থাকিবলগীয়া হোৱাত কিছুদিন পূৰ্বে জাৰ্মানী আৰু ইটালীৰ পৰা ক্ৰয় কৰি অনা ব্যয়বহুল ৰাইফল আৰু পিষ্টলসমূহ এতিয়া সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে। জানিব পৰা মতে জাৰ্মানী আৰু ইটালীৰ পৰা ক্ৰয় কৰি অনা ১০০টা ৰাইফল আৰু ৮০ টা পিষ্টল সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে। ইয়াৰ উপৰিও আনুসংগিক অন্যান্য সামগ্ৰীও নষ্ট হৈ পৰিছে।
টুইটাৰত গগণ নাৰাংগে জনোৱা অনুসৰি শ্বুটিংৰ এই সামগ্ৰী সমূহ তেওঁ তেলেংগানাত খুলিব লোৱা তেওঁৰ এখন নতুন একাডেমীৰ বাবে ক্ৰয় কৰি আনিছিল। কোটি টকাৰ সামগ্ৰী এইদৰে পানীত ডুবি নষ্ট হোৱাত শ্বুটাৰ জনে অতি বেদনাৰে আক্ষেপ কৰিছে যে ভৱিষ্যতৰ চেম্পিয়নৰ বাবে দেখা তেওঁৰ সপোন পানীত উটি গ’ল।
