Tuesday, October 4, 2022
HomeNewsমংগলবাৰৰ পৰা সৰুসজাইত ৰাষ্ট্ৰীয় ছিনিয়ৰ জলক্ৰীড়া প্ৰতিযোগিতা

মংগলবাৰৰ পৰা সৰুসজাইত ৰাষ্ট্ৰীয় ছিনিয়ৰ জলক্ৰীড়া প্ৰতিযোগিতা

মংগলবাৰৰ পৰা সৰুসজাইত ৰাষ্ট্ৰীয় ছিনিয়ৰ জলক্ৰীড়া প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন: সৰুসজাইত ৰাষ্ট্ৰীয় ছিনিয়ৰ জলক্ৰীড়া প্ৰতিযোগিতা । সমাবেশ ঘটিছে ৭০০ ৰো অধিক সাঁতোৰবিদৰ । সজাই পৰাই তোলা হৈছে সৰুসজাইৰ ড০ জাকিৰ হুছেইন একোৱাটিক কমপ্লেক্স ।

মংগলবাৰৰ পৰা সৰুসজাইৰ ড০ জাকিৰ হুছেইন জলক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব ৭৫ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ জলক্ৰীড়া চেম্পিয়নশ্বিপ । ভাৰতীয় ছুইমিং ফেডাৰেচন আৰু অসম সাঁতোৰ সন্থাৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ২২ খন ৰাজ্যৰ প্ৰায় ৭০০ ৰো অধিক সন্তৰণবিদে । মংগলবাৰে প্ৰথম দিনা অনুষ্ঠিত হ’ব পুৰুষ-মহিলাৰ ৪০০ মিটাৰ ফ্ৰি ষ্টাইল , পুৰুষ-মহিলাৰ ২০০ মিটাৰ ইনডুভিজুৱেল মেডলি, পুৰুষ -মহিলাৰ বেষ্ট ষ্টক । ইয়াৰ লগতে থাকিব ফ্ৰি ষ্টাইল ৰিলে ।

এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন সফলৰূপে আয়োজন কৰিবলৈ সাজু হৈ পৰিছে অসম সাঁতোৰ সন্থা । সোমবাৰে সৰুসজাইত আয়োজিত এক সংবাদমেলত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ বিষয়ে অৱগত কৰিলে অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ দাসে —-

এনে উন্নত মানৰ টুৰ্ণামেন্ট অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দৰ্শকে উপভোগ কৰিব পাৰিব । জলক্ৰীড়াৰ জৰিয়তে অসমৰ খেলুৱৈক সচেতনতা সৃষ্টিৰ এয়া এক প্ৰয়াস । এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পাৰিব বুলি আশাবাদী অসম সাঁতোৰ সন্থাৰ সম্পাদক জন —

ইফালে মংগলবাৰৰ প্ৰতিযোগিতাৰ বাবে সম্পূৰ্ণ সাজু হৈ পৰিছে বিভিন্ন ৰাজ্যৰ খেলুৱৈসকল । এটা দিনৰ পূৰ্বে ড জাকিৰ হুছেইন একোৱাটিক কমপ্লেক্সত এনেদৰে অনুশীলন অব্যাহত ৰাখিছে খেলুৱৈসকলে । সকলোৰে চকুত পদক জয়ৰ সপোন । অলিম্পিয়া স্পৰ্টছৰ কেমেৰাৰ সন্মুখত ক’লে তেওঁলোকৰ সপোনৰ কথা —

এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ তেলেংগানাৰ পৰা আহিছে প্ৰশিক্ষক । অসমলৈ আহি আনন্দিত সাঁতোৰ প্ৰশিক্ষক জ’ন —ইফালে মংগলবাৰে বিয়লি ৪ বজাত ছিনিয়ৰ নেচনেল একোৱাটিক চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠান । মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।

ক্ৰীড়া অনুৰাগীৰ আশা — অসমত ছিনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া চেম্পিয়নশ্বিপ সাফল্যমণ্ডিত হৈ উঠক । ৰাষ্ট্ৰৰ সাঁতোৰ ইতিহাসত লিপিবদ্ধ হওক অসমৰ নাম ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments