Friday, September 30, 2022
HomeNewsমঙলবাৰৰ পৰা সৰ্বভাৰতীয় আমন্ত্ৰণমূলক স্বাধীনতা দিৱস কাপ ফুটবল -ঃকামপুৰত আৰম্ভণিৰ খেল

মঙলবাৰৰ পৰা সৰ্বভাৰতীয় আমন্ত্ৰণমূলক স্বাধীনতা দিৱস কাপ ফুটবল -ঃকামপুৰত আৰম্ভণিৰ খেল

মঙলবাৰৰ পৰা সৰ্বভাৰতীয় আমন্ত্ৰণমূলক স্বাধীনতা দিৱস কাপ ফুটবল -ঃকামপুৰত আৰম্ভণিৰ খেল

অলিম্পিয়া স্প’ৰ্টছৰহৈ নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকা: নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম পুৰণি তথা ঐতিহ্যমণ্ডিত সৰ্বভাৰতীয় আমন্ত্ৰণমূলক প্ৰাইজমানি স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ এইবাৰৰ ৭৪ সংখ্যক প্ৰতিযোগিতাখনি মঙলবাৰৰ পৰা আৰম্ভ হ’ব । এইবাৰ প্ৰতিযোগিতাৰ খেলসমূহ সংস্থাৰ নুৰুল আমিন ষ্টেডিয়ামৰ উপৰি কামপুৰ ক্ৰীড়া সংস্থাৰ ব্যৱস্থাপনাত কামপুৰৰ খেলপথাৰত আৰু ধিং ক্ৰীড়া সংস্থাৰ ব্যৱস্থাপনাত ধিঙৰ খেলপথাৰতো অনুষ্ঠিত হ’ব ।

কামপুৰত মঙলবাৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ আৰু ধিঙত ৭ ছেপ্টেম্বৰৰ পৰা ১১ ছেপ্টেম্বৰলৈ সমান্তৰালভাবে প্ৰাৰম্ভিক পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ পাছত অহা ১১ ছেপ্টেম্বৰত নুৰুল আমিন ষ্টেডিয়ামত এখন প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেল আৰু ১২ ছেপ্টেম্বৰৰ পৰা কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ লীগ ভিত্তিত অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাখনত যোগদান নিশ্চিত কৰা ১৯ টা দলৰ ভিতৰত যোৱাবাৰৰ বিজয়ী গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ আৰু ৰাণাৰ্ছ আপ কেৰালা ইউনাইটেড ফুটবল ক্লাবক পোনপটীয়াকৈ কোৱাৰ্টাৰ ফাইনেলত স্থান দিয়া হৈছে ।

ছেমিফাইনেল খেল দুখন ২১ আৰু ২২ ছেপ্টেম্বৰত আৰু ফাইনেল খেলখন অহা ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব । মঙলবাৰে কামপুৰত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰা হ’ব যদিও ১১ ছেপ্টেম্বৰত পৰম্পৰাগতভাবে নুৰুল আমিন ষ্টেডিয়ামত মূল উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব । কামপুৰত অনুষ্ঠিত হ’ব লগা উদ্বোধনী খেলখন বাৰেকুৰী ফুটবল ক্লাব, তিনিচুকীয়া বনাম ইলেভেন ষ্টাৰ, বঙাইগাঁৱৰ মাজত হ’ব । নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব প্ৰাক্তন ফুটবলাৰ তথা ক্ৰীড়া সংস্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, ক্ৰীড়া পেন্সনাৰ হিতেশ্বৰ বেজবৰুৱাই ।

নগাঁও ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক প্লাৱন বৰুৱাৰ পৰা জানিব পৰা মতে এইবাৰৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা দল কেইটা হ’ল : কেৰালা ইউনাইটেড এফ চি, কেৰালা লুকা চ’কাৰ ক্লাব, কাছাৰ লেনৰোল এফ চি, গুৱাহাটী এ এছ‌ ই বি, আই টি বি পি, আছাম ৰাইফলছ, অ’ইল ইন্ডিয়া এফ চি, গুৱাহাটী টাউন ক্লাব, যোৰহাট টাউন ক্লাব, বঙাইগাঁও ইলেভেন ষ্টাৰ, তিনিচুকীয়া বাৰেকুৰী এফ চি, যোৰহাট বৰভেটা এছ চি, ওডালগুৰি দৈমালু ক্লাব, মৰাণ টাউন ক্লাব, দুলীয়াজান হিমল এফ চি, দুলীয়াজান আপাৰ আছাম এফ চি, মাজুলী কাৰছেং ক্লাব আৰু নগাঁৱৰ দুটা দল ক্ৰমে সঞ্জীৱন সমাজ আৰু ষ্টাৰ স্পৰ্টিং ক্লাব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments