Tuesday, October 4, 2022
HomeNewsমনত আছেন ৰাহুল দ্ৰাবিড়ক! ক্ৰিকেটৰ পথাৰত আন এজন দ্ৰাবিড়ে সৃষ্টি কৰিছে ত্ৰাস

মনত আছেন ৰাহুল দ্ৰাবিড়ক! ক্ৰিকেটৰ পথাৰত আন এজন দ্ৰাবিড়ে সৃষ্টি কৰিছে ত্ৰাস

বিশ্ব ক্ৰিকেটত দ্যা ৱাল হিচাপে পৰিচিত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়। বিশ্ব ক্ৰিকেটত এসময়ত ত্ৰাসৰ কাৰণ হৈ পৰা দ্ৰাবিড়ৰ সন্মুখত বহু বিশ্বত্ৰাস বলাৰৰ অৱস্থা সূচনীয় হৈ পৰিছিল। দ্ৰাবিড়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত বিশ্বৰ ক্ৰিকেট অনুৰাগী সকলে দ্ৰাবিড়ৰ সেই ক্ৰীড়া প্ৰতিভা দেখিবলৈ পোৱা নাছিল। কিন্তু শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট অনুৰাগী সকলৰ বাবে আহিছে এক সুখৰ খবৰ। দ্ৰাবিড়ে হাতত বেট লৈ খেল পথাৰত ত্ৰাসৰ সৃষ্টি কৰিছে। অৱশ্যে এইজন দ্ৰাবিড় প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড় নহয়। সংবাদ শিৰোনাম দখল কৰা এইজন দ্ৰাবিড় হৈছে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ সমিত দ্ৰাবিড়। নিজৰ পিতৃৰ পদাংক অনুসৰণ কৰি ক্ৰিকেটৰ পথাৰত আগবাঢ়িছে সমিত দ্ৰাবিড়।হাতত বেট লৈ সমিতে দাঙি ধৰা দৰ্শনীয় প্ৰদৰ্শনৰ বাতৰিয়ে ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।

ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ সমিত দ্ৰাবিড়

কেইদিনমান আগতে এক দ্বিশতকীয় ইনিংছ খেলি সংবাদ শিৰোনাম দখল কৰা সমিতে পুনৰএক দ্বি শতকীয়া ইনিংছ খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বাংলালুৰুৰ নিজৰ স্কুল মাল্য অদিতি ইণ্টাৰনেশ্যনেলক প্ৰতিনিধিত্ব কৰি অনূৰ্দ্ধ ১৪ বছৰীয়া ক্ৰিকেটত জুনিয়ৰ দ্ৰাবিড়ে দ্বি শতৰাণ অৰ্জন কৰিছে।’বিটিআৰ শ্বীল্ড’ নামৰ প্ৰতিযোগিতাখনত অনূৰ্দ্ধ ১৪-ৰ গ্ৰুপ-১ৰ দ্বীতীয় ডিভিজন টুৰ্ণামেণ্টত জুনিয়ৰ দ্ৰাবিড়ে মাত্ৰ মাত্ৰ ১৪৪ টা বলত ২১১ ৰানৰ অপৰাজিত এক ইনিংছ খেলে। য’ত ২৪ টা চাৰিৰ উপৰিও আছিল এটা ছিক্সাৰ । জুনিয়ৰ দ্ৰাবিড়ৰ এই দ্বিশতকীয় ইনিংছৰ সহায়ত তেওঁৰ দলে নিৰ্ধাৰিত ৫০ অভাৰত ৩ উইকেট হেৰুৱাই ৩৮৬ ৰানৰ বিশাল স্কোৰ থিয় কৰাবলৈ সক্ষম হয় আৰু মেচখনত বিজয় সাব্যস্ত কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ সমিত দ্ৰাবিড়ে বিগত বছৰৰ ২০ ডিচেম্বৰত ১৪ বছৰ অনূৰ্দ্ধ ইণ্টাৰ জোনেল টুৰ্ণামেণ্টত ২০১ ৰানৰ এক দ্বিশতকীয় ইনিংছ খেলি সংবাদ শিৰোনামা দখল কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments