✍️ সন্তোষ গোস্বামীৰ কলম
ফুটবল খেলিছিলো সৰুৰে পৰা। কিন্তু পদ্ধতিগতভাৱে ফুটবল খেলুৱৈ হৈছিলো ১৯৬৩ চনৰ পৰাহে। আজিও মনত পৰে তাহানিৰ সেই দিনবোৰ। প্ৰথম চাকৰিত যোগ দিয়েই নিযুক্তি পালো দেৰগাঁৱত। প্ৰশিক্ষণ শেষ কৰা তেতিয়া আমি নতুন ‘দাৰোগা’। মোৰ ভৰিত কিবা যাদু আছিল নেকি নাজানো, কিন্তু দেৰগাঁও আৰক্ষীৰ লোকসকলে মোৰ ভৰিত হয়তো যাদুৱেই দেখিছিল। সেয়েহে দায়িত্ব পৰিছিল এটা ক্লাব গঢ়ি তোলাৰ। সময়ত দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ চৌহদতেই আত্মপ্ৰকাশ কৰিলে দেৰগাঁও এথলেটিক ক্লাব চমুকৈ দেৰগাঁও এ চি। দায়িত্ব ল’লো ক্লাবৰ সম্পাদক আৰু ফুটবল দলৰ কেপ্টেইন হিচাপে। এই দেৰগাঁও এ চি প্ৰকৃততে আছিল দেৰগাঁও পুলিচ এ চি। এই ক্লাবৰ হৈয়েই ১৯৬৩ চনৰ পৰা আৰম্ভ কৰি দিলো ফুটবল খেলৰ কুচকাৱাজ। প্ৰথম প্ৰতিযোগিতা আছিল যোৰহাটৰ এ টি পি এ শ্বিল্ড। ছেম্পিয়ন হৈছিলো। দলৰ অধিনায়কৰ দায়িত্বৰ লগতে প্ৰশিক্ষকো হৈছিলো নিজেই। এ টি পি এ শ্বিল্ড প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ প্ৰতিপক্ষ দলটো কোন আছিল এতিয়া মনত নাই। দেৰগাঁও থানাৰ দাৰোগা হিচাপে কাম-কাজ কৰি যোৱাৰ মাজতেই ‘দেৰগাঁও পুলিচ’ৰ দায়িত্ব লৈ আগবাঢ়িছিলো। প্ৰতিযোগিতাসমূহত দেৰগাঁও পুলিচ হিচাপেই যোগ দিছিলো যদিও আমাৰ জাৰ্ছীত কিন্তু ‘অসম পুলিচ’ বুলিয়েই আছিল।
১৯৬৬ চনত ওপৰৱালাৰ নিৰ্দেশ আহিল। সৰ্বভাৰতীয় আৰক্ষী ক্ৰীড়াৰ ফুটবলত যোগ দিব লাগে। যেনে হুকুম। নিজৰ দল আৰু নিজক সাজু কৰিলো আৰক্ষী ক্ৰীড়াত যোগ দিবলৈ। সেয়া ১৯৬৬ চনৰ কথা। খেল অনুষ্ঠিত হৈছিল পাটনাত। সহজেই জিকিলো। সেয়া আছিল ইষ্ট জ’নৰ খেল। সেই সময়ত দেশৰ ৰাজ্যসমূহক চাৰিটা জ’ন বা অঞ্চলত ভাগ কৰি প্ৰতিযোগিতাসমূহ চলোৱা হৈছিল। ইষ্ট জ’ন খেলৰ চেম্পিয়ন হোৱাৰ পিছত গুৱাহাটীত অনুষ্ঠিত হ’ল মূল খেল। ফুটবলত আমিয়েই হৈ ৰ’লো অদ্বিতীয়। সেইবাৰ ফুটবলৰ ফাইনেলত আমাৰ বিপক্ষে আছিল মাদ্ৰাজ পুলিচ। মাদ্ৰাজ পুলিচ দলত ৰাষ্ট্ৰীয় দলৰ কেইবাজনো খেলুৱৈ আছিল। গতিকেই আমাৰ বহুতৰে মন কঁপিছিল দুৰু দুৰুকৈ। নিৰ্দিষ্ট দিনটোত খেলপথাৰত নামি পৰিলো। প্ৰথম অৱস্থাৰ উত্তেজনা পিছলৈ নোহোৱা হ’ল, কিয়নো মাদ্ৰাজ পুলিচক আমি হৰুৱালো এক-দুই গ’লত নহয়, ছয় গ’লৰ ব্যৱধানত। সৰ্বভাৰতীয় আৰক্ষী ক্ৰীড়াৰ ফুটবল প্ৰতিযোগিতাত ‘অসম পুলিচ’ উজলি উঠিল। ‘অসম পুলিচ’ৰ হৈ ৰবীন নেওগে চাৰি গ’ল দিলে। কমলা নাথ আৰু আনন্দ লস্কৰে দিলে এক গ’লকৈ। চাৰি গ’ল দিলে যদিও ৰবীন নেওগে কিন্তু হে¿ট্ৰক নাপালে। দুটা গ’ল দিয়াৰ পিছত কমলা নাথে দিছিল তৃতীয়টো গ’ল। তাৰ পিছতহে বাঢ়িছিল ৰবীন নেওগৰ ব্যক্তিগত স্ক’ৰ।
মনত পৰে নগাঁৱৰ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতালৈ। সেই প্ৰতিযোগিতাত ‘অসম পুলিচ’ হিচাপে যোগদান কৰি আমি আঁজুৰি আনিছিলো স্বাধীনতা দিৱস কাপ ফুটবলৰ ট্ৰফী। তাৰ পিছত আৰু ৰৈ থকা নাই। অসম পুলিচে ৰাজ্যখনৰ অন্যতম ফুটবল প্ৰতিযোগিতাসমূহত যোগদান কৰি ৰাষ্ট্ৰীয় ক্ৰীড়াত উজলি উঠিছিল। সেয়া ১৯৬৭ চনৰ কথা। ১৯৬৭ চনতে সন্তোষ ট্ৰফীৰ খেলত অসম দলৰ নেতৃত্ব বহন কৰিবলগীয়া হ’ল। সেইবাৰ সন্তোষ ট্ৰফীৰ খেল অনুষ্ঠিত হৈছিল উৰিষ্যাৰ ৰাজধানী চহৰ কটকত। প্ৰথম খেলখনতেই আমি জয়ী হ’লো। প্ৰতিপক্ষ আছিল ভাৰতীয় ৰে’ল। খুব সহজেই ভাৰতীয় ৰে’লক আমি পৰাভূত কৰিলো। তাৰ পিছৰখন আছিল প্ৰি-কোৱাৰ্টাৰ ফাইনেল। খেল হৈছিল তেতিয়াৰ মহীশূৰত। সেইবাৰ কিন্তু অসম দল হাৰিল। মহীশূৰ চহৰত মহীশূৰ ফুটবল দলৰ হাতত আমি হাৰিলো। আমি নগাঁৱৰ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাত যোগ দিম। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেই খেলত যোগ দিয়াটোত সন্মানৰ প্ৰশ্নও জড়িত আছিল। ট্ৰফী আনিমেই, মনত সেই আত্মবিশ্বাস আছিল। কিন্তু অসম আৰক্ষীৰ তেতিয়াৰ কৰ্ণধাৰ মহাপৰিদৰ্শক ভবানী প্ৰসাদ বৰুৱাৰ মনত হয়তো এটা সন্দেহ ৰৈ গৈছিল—জিকিবনে· এনে সন্দেহৰ বাবেই অসম পুলিচক ফুটবল খেলৰ প্ৰশিক্ষণ দিয়াৰ বাবে তেতিয়াৰ আৰক্ষী মহাপৰিদৰ্শকৰ কাৰ্যালয়ে হায়দৰাবাদৰ পৰা এজন দক্ষ প্ৰশিক্ষকক অসমলৈ আনিছিল। অসম পুলিচৰ হৈ ফুটবল খেলা কোনোজন খেলুৱৈয়ে পদ্ধতিগতভাৱে খেলিবলৈ শিকা নাছিল। কিন্তু স্বভাৱসিদ্ধ এইসকল খেলুৱৈৰ আছিল দুভৰিৰ কৌশল। সেয়ে কতৃÇপক্ষই খেলুৱৈসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলে। হায়দৰাবাদৰ পৰা মাতি অনা হ’ল ডি ৱাই এছ লাইটক। এইজন প্ৰশিক্ষকৰ ভৰিত কিন্তু সঁচাকৈয়ে যাদুৱেই আছিল। ভাৰতীয় ফুটবল দলৰ দক্ষ খেলুৱৈ লাইটৰ তত্ত্বাৱধানত প্ৰশিক্ষণ লাভ কৰা অসম পুলিচৰ দলটোৱে সেই একেই ১৯৬৭ চনতে স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাত যোগদান কৰিলে। ‘কেপ্টেইন’ হিচাপে মোৰ কান্ধতেই দায়িত্ব পৰিল। সময়ত নগাঁও পালোগৈ। কোৱাৰ্টাৰ ফাইনেলত আমি মুখামুখি হ’লো পঞ্জাবৰ জলন্ধৰ লীডাৰ্ছ ক্লাবৰে। প্ৰচণ্ড উত্তেজনাপূৰ্ণ খেল আছিল। দল পৰিচালনা কৰিলো ঠিকেই, সময়ত ৰেফাৰীৰ দীঘলীয়া হুইছেল বাজিল। ১-০ গ’লত আমি বিজয়ী হ’লো। ছেমিফাইনেলত আমি মুখামুখি হৈছিলো কলিকতাৰ হাওৰা ইউনিয়নৰ। সেই খেলতো জিকিলো। অৱশেষত আহিল ফাইনেলৰ দিনটো। প্ৰতিপক্ষ হিন্দুস্তান এয়াৰ ক্ৰাফ্ট, বাংগালোৰ। প্ৰচণ্ড উত্তেজনাপূৰ্ণ খেল। ‘হাফ টাইম’লৈকে গলশূন্যভাৱে খেলখন আগবাঢ়িছিল। ‘হাফ টাইম’ৰ পিছত আহিল এটা সুযোগ। কমলা নাথৰ ভৰিত বল। কমলাই পাছ দিলে সলিল মাৰাকক। মাৰাকেও সেই পাছৰ সদ্ব্যৱহাৰ কৰি নিজ দলক ১-০ গ’লত আগবঢ়াই নিলে। খেল তেতিয়াও শেষ হোৱা নাই, ১৩ মিনিট বাকী। তেনেতেই সুযোগ পালো এটা ‘কৰ্নাৰ কিক’ৰ। সেই খেলৰ পূৰ্বে আমাৰ প্ৰশিক্ষক লাইটে ‘কৰ্নাৰ কিক’ শিকাইছিল ‘আউট ছুইং’ আৰু ‘ইন ছুইং’ এই দুই পদ্ধতি। কিক মাৰিবলৈ নিৰ্দেশ দিলো কমলা নাথক। ক’লো— ‘ইন ছুইং’ মাৰ। খেল শেষ হ’বলৈ মাথোঁ তেৰ মিনিট। কমলাৰ সোঁভৰিয়ে হিন্দুস্তান এয়াৰ ক্ৰাফ্টৰ গ’ল প’ষ্টলৈ কোবাল শ্বট মাৰিলে। ‘ইন ছুইং’ কৰ্নাৰ শ্বট। বল গৈ গ’ল প’ষ্টৰ নেটত লাগিলগৈ। লগে লগে ৰেফাৰীৰ দীঘলীয়া হুইছেলৰ শব্দ। খেল শেষ হ’ল। স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাত ‘অসম পুলিচ’ ২-০ গ’লত জয়ী হ’ল। পঞ্চাশ বছৰৰ আগৰ সেই অভিজ্ঞতাই আজিও ৰোমাঞ্চিত কৰে আমাৰ দেহ-মন।