Tuesday, October 4, 2022
HomeNewsমুম্বাই ইণ্ডিয়ানছৰ ধাৰাবাহিক পৰাজয়

মুম্বাই ইণ্ডিয়ানছৰ ধাৰাবাহিক পৰাজয়

মুম্বাই ইণ্ডিয়ানছৰ ধাৰাবাহিক পৰাজয়

অলিম্পিয়া প্ৰতিবেদন: পৰাজয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ মুম্বাই ইণ্ডিয়ানছৰ । অষ্টম বাৰৰ বাবে পৰাজয়ৰ মালা পিন্ধিলে ৰোহিত বাহিনীয়ে । শতকেৰে উজলিল লক্ষ্ণৌৰ অধিনায়ক কে এল ৰাহুল ।কালিকা লাগিছে নেকি মুম্বাই ইণ্ডিয়ানছৰ ? এই প্ৰশ্নৰ উদয় হৈছে অনুৰাগীৰ মাজত । কাৰণ চলিত আই পি এলত প্ৰথমৰ পৰা এখনো মেচত জয়ী হ’ব পৰা নাই ৰোহিত শৰ্মা নেতৃত্বাধীন দলটো । ৮ খন মেচৰ ভিতৰত ৮ খনতেই পৰাজয়ৰ নাম লিখিলে মুম্বাইয়ে । দেওবাৰেও পূৰ্বৰ ৫ বাৰৰ চেম্পিয়ন দলে লজ্জাজনক আত্মসমৰ্পণ কৰিলে নবাগত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে । প্ৰথমে বেটিং কৰি লক্ষ্ণৌৱে ৬ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ১৬৮ ৰাণ ।

আৰু অধিক পঢ়ক

লক্ষ্ণৌৰ অধিনায়ক ৰূপে কে এল ৰাহুলে ক্ৰীজত আনিলে বেটিং ধুমুহা । ১২ টা বাউণ্ডেৰী আৰু ৪ টা অভাৰ বাউণ্ডেৰীৰে ৬২ টা বলত দললৈ আগবঢ়ালে ১০৩ ৰাণ ।সেইদৰে লক্ষ্ণৌৰ হৈ মনিষ পাণ্ডেই ২২ আৰু আয়ুস বাদানিয়ে ১৪ ৰাণৰ এক ইনিংছ খেলে । জয়ৰ বাবে ১৬৯ ৰাণৰ লক্ষ্য লৈ ক্ৰীজত নামিল ৰোহিত বাহিনী । কিন্তু লক্ষ্ণৌৰ দুৰ্ধৰ্ষ বলাৰৰ সন্মুখত তিস্তিব নোৱাৰিলে মুম্বাই ইণ্ডিয়ানছে । লক্ষ্ণৌৰ ক্ৰুনাল পাণ্ডিয়াই অকলেই দখল কৰে ৩ টা উইকেট । ৩১ টা বলত ৩৯ ৰাণ কৰি পেভেলিয়নলৈ উভতিল মুম্বাইৰ অধিনায়ক ৰোহিত শৰ্মা । মুম্বাইৰ হৈ তিলক বৰ্মাৰ ৩৮ আৰু কেইৰণ পলাৰ্ডৰ ১৯ ৰাণেও পৰাজয়ৰ গৰাহৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে দলটোক । অৱশেষত ৩৬ ৰাণৰ ব্যৱধানত জয়ী হ’ল লক্ষ্ণৌ ছুপাৰ জায়েন্টছ ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

এই জয়ৰ পাছতেই ১০ পইন্টৰে তালিকাৰ চতুৰ্থ স্থানত অৱস্থান কৰিছে লক্ষ্ণৌ চুপাৰ জায়েন্টছে ।বিপৰীতে, চলিত চিজনত ৮ খন মেচতেই পৰাজয় বৰণ কৰি ০ পইন্টৰে তালিকাৰ সৰ্বনিম্ন স্থানত আছেগৈ মুম্বাই ইণ্ডিয়ানছ । মুম্বাই ইণ্ডিয়ানছৰ ধাৰাবাহিক পৰাজয়ত নিৰাশ অনুৰাগীসকল । হিটমেনৰ নেতৃত্বৰ দলটোৰ এনে ছন্দপতন সঁচাকৈ দুৰ্ভাগ্যজনক । অনুৰাগীসকলে আশা কৰিছে- ঘূৰি আহক হিটমেনৰ পুৰণি বেটিং ফৰ্ম । ৰোহিত শৰ্মাৰ অধিনায়কত্বত আই পি এলত গঢ়ি যাওক ৰাণৰ পাহাৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments