Wednesday, August 10, 2022
HomeNewsমল্লযুঁজৰে কমনৱেলথ গেমছত পদকৰ বৰষুণ

মল্লযুঁজৰে কমনৱেলথ গেমছত পদকৰ বৰষুণ

মল্লযুঁজৰে কমনৱেলথ গেমছত পদকৰ বৰষুণ,

অলিম্পিয়া প্ৰতিবেদন: মল্লযুঁজৰে কমনৱেলথ গেমছত পদকৰ বৰষুণ । এটা দিনতে ভাৰতলৈ আহিল আধা ডজন পদক । মহিলাৰ ২০০ মিটাৰৰ ছেমিফাইনেলত থমকিল ধিং এক্সপ্ৰেছ ।

এটা দিনতে ভাৰতলৈ আহিল আধা ডজন পদক

কমনৱেলথ গেমছত ভাৰতীয় মল্লযোদ্ধাই উৰুৱালে ত্ৰিৰংগা । শুক্ৰবাৰৰ দিনটোত ভাৰতীয় এথলীটে আজুৰি আনিলে স্বৰ্ণসহ মুঠ ৬ টাকৈ পদক । মহিলাৰ ৫৭ কেজি শাখাত ৰূপ জয় কৰিলে অংশু মালিকে । ফাইনেলত নাইজেৰিয়াৰ অ’ডুনায় ফোলাছাডৰ হাতত ৩-৭ ব্যৱধানত পৰাস্ত হয় অংশু । টকিঅ’ অলিম্পিকত ব্ৰঞ্জজয়ী বজৰং পুনীয়াৰ পদকৰ ৰং কমলৱেলথ গেমছত হলগৈ সোণালী ।

পুৰুষৰ ৬৫ কেজি শাখাত স্বৰ্ণ অৰ্জন কৰিলে তেওঁ । ফাইনেলত বজৰং পুনীয়াই কানাডাৰ এল মেকলীনক ৯-২ বৃহৎ ব্যৱধানত পৰাস্ত কৰে । আনহাতে, মহিলাৰ ৬২ কেজি শাখাত স্বৰ্ণৰ মুকুট পিন্ধিলে সাক্ষী মালিকে । সাক্ষীয়ে কানাডাৰ মল্লযুঁজাৰু এনা গোডিনেজ গঞ্জালেজক ৪-৪ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ দখল কৰিলে । মল্লযুঁজত ভাৰতৰ অন্য এক সফলতা আহিল দীপক পুনীয়াৰ জৰিয়তে ।

পুৰুষৰ ৮৬ কেজি ফ্ৰি ষ্টাইলত স্বৰ্ণ জিনিলে তাৰকা মল্লযোদ্ধা দীপক পুনীয়াই । দীপক পুনিয়াই ফাইনেলত পাকিস্থানী খেলুৱৈ মহম্মদ ইনামক ৩-০ ত ধাৰাশায়ী কৰি স্বৰ্ণ পদক হস্তগত কৰে । সেইদৰে ব্ৰঞ্জ জিনিলে দিব্যা কাকৰাণে । ৬৮ কেজি মহিলাৰ ফ্ৰি ষ্টাইলত এই সাফল্য অৰ্জন কৰিছে মল্লযুঁজাৰু গৰাকীয়ে । তেওঁ টেংগোৰ টাইগাৰ লিলি ককাৰ লেমালীক ২-০ ত পৰাস্ত কৰে । আনহাতে, ভাৰতৰ মোহিত গ্ৰেৱালে জমাইকাৰ এৰন জনছনক বাই ফলৰ জৰিয়তে ৬-০ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।

আৰু অধিক পঢ়ক

শুক্ৰবাৰৰ দিনটোত ভাৰতে লাভ কৰা মুঠ ৬ টা পদকৰ সহায়ত মুঠ পদকৰ সংখ্যা হলগৈ ২৬ টা । ইয়াৰে ৯ টা স্বৰ্ণ, ৮ টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক । ইফালে ১৪০ টা পদক লাভেৰে পদকৰ তালিকাত অষ্ট্ৰেলিয়া শীৰ্ষত থকাৰ বিপৰীতে ২৬ টা পদকেৰে পঞ্চম স্থানলৈ উন্নীত হ’ল ভাৰত ।

আনহাতে, ভাৰতৰ ৭ গৰাকী তাৰকা বক্সাৰে কমনৱেলথ গেমছত নিজৰ পদ নিশ্চিত কৰিছে । শনিবাৰে ছেমিফাইনেলৰ যুঁজত অৱৰ্তীণ হ’ব বক্সাৰ সকল । সেইসকল বক্সাৰ হ’ল—- সাগৰ, ৰোহিত, মহম্মদ হোজামুদ্দিন , জেছমিন, নিখাত জাৰিণ, অমৃত পাংঘল আৰু নিতু । সকলোৱে আশা কৰিছে এই পদকৰ ৰং হওঁক সোণালী । আনহাতে, ভাৰতে লনবলত অৰ্জন কৰিছে পুনৰ সফলতা ।

মেনছ ফ’ৰছ ইভেন্টত ভাৰতীয় দলটো ফাইনেলত প্ৰৱেশ কৰিছে

শুক্ৰবাৰে, ভাৰতে বিপক্ষক ছেমি ফাইনেলত ১৩-১২ ব্যৱধানত পৰাস্ত কৰিছে । পৰৱৰ্তী তেওঁলোকৰ লক্ষ্য হ’ব স্বৰ্ণজয় । দলটোৰ খেলুৱৈ হ’ল- — সুনীল বাহাদুৰ, নভনীত সিং, চন্দন কুমাৰ আৰু দিনেশ কুমাৰ ।

এনে ভাল লগা খবৰৰ মাজতো বাৰ্মিংহামৰ পৰা আহিছে এক নিৰাশাজনক খবৰ । মহিলাৰ ২০০ মিটাৰ দৌৰৰ ছেমিফাইনেলত থমকিল ধিং এক্সপ্ৰেছ হিমা দাস । কমনৱেল্থ গেমছৰ ব্যক্তিগত ইভেণ্টৰ পৰা বিদায় ল’লে হিমা দাসে । দ্বিতীয় ছেমি ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে হিমাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় যদিও মাত্ৰ ০.০১ ছেকেণ্ডৰ ব্যৱধানত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে হিমাই ।

এনে আশা প্ৰত্যাশাৰ মাজৰে ভাৰতে বাৰ্মিংহামত পদক অৰ্জনৰ যুঁজত নামি পৰিছে । ভাৰতীয় ক্ৰীড়া অনুৰাগীয়ে আশা কৰিছে কমনৱেলথ গেমছত ভাৰতে দখল কৰক অভিলেখ সংখ্যক পদক ।

 

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments