১৯ মে’, গুৱাহাটী : অসম চৰকাৰৰ নৱনিযুক্ত মহাধিবক্তা দেৱজিৎ (লন) শইকীয়ালৈ অভিনন্দন জ্ঞাপন কৰিছে গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ মুখ্য প্ৰশিক্ষক নবাব আলীয়ে। নৱনিযুক্ত মহাধিবক্তা দেৱজিৎ (লন) শইকীয়া গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰৰ আৰম্ভনিৰে পৰা অৰ্থাৎ ১৯৮৪ চনৰে পৰা সদস্য আছিল আৰু ১৯৮৮ চনত অসম ৰঞ্জী দলত গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰক প্ৰতিনিধিত্ব কৰিছিল।
উল্লেখ্য যে, বুধবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত ৰাজ্যৰ মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোহাঁইৰ স্থানত জ্যেষ্ঠ এডভোকেট দেৱজিৎ (লন) শইকীয়াক অসম চৰকাৰৰ মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে। নৱনিযুক্ত মহাধিবক্তা দেৱজিৎ (লন) শইকীয়া এগৰাকী সুদক্ষ আইনজ্ঞ হোৱাৰ উপৰিও অসম ক্ৰিকেট সন্থাৰ সম্পাদক হিচাপে অতি দক্ষতাৰে দায়িত্ব পালন কৰিছে।