Thursday, July 7, 2022
HomeNewsমহানগৰীৰ ভিন্ন স্থানত ক্ৰীড়া ভাৰতীৰ ক্ৰীড়া কেন্দ্ৰ স্থাপন

মহানগৰীৰ ভিন্ন স্থানত ক্ৰীড়া ভাৰতীৰ ক্ৰীড়া কেন্দ্ৰ স্থাপন

ক্ৰীড়াৰ জৰিয়তে সুস্থ সমাজ গঠনৰ মহৎ প্ৰচেষ্টাত ব্ৰতী ক্ৰীড়া ভাৰতীয়ে সমগ্ৰ অসমৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন ক্ৰীড়া কেন্দ্ৰ স্থাপন কৰিছে। বিগত দুটা বছৰ ধৰি গুৱাহাটী মহানগৰত ক্ৰীড়াৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ হাতত লোৱা ক্ৰীড়া ভাৰতীয়ে শেহতীয়াকৈ মহানগৰীত কেইবাটাও ক্ৰীড়া কেন্দ্ৰ মুকলি কৰিছে। ইয়াৰ উপৰিও ক্ৰীড়া ভাৰতীৰ বিভিন্ন কেন্দ্ৰত প্ৰশিক্ষণ আদিও আৰম্ভ কৰিছে।

যোৱা ১০ নৱেম্বৰত গুৱাহাটী মহানগৰীৰ অন্তৰ্গত নাৰেঙ্গী নগৰত পশ্চিম ধুপগুৰি ক্ৰীড়া কেন্দ্ৰ আৰু কামাখ্যা নগৰত আদিংগীৰি ক্ৰীড়া কেন্দ্ৰ শুভাৰম্ভ কৰা হয়। ইয়াত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ক্ষেত্ৰ প্ৰচাৰক উলাষ কুলকৰ্ণি, হকী ইণ্ডিয়াৰ লগতে অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তথা অসম হকীৰ সম্পাদক তপন দাস, ক্ৰীড়া ভাৰতী উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক মনোজ মাহান্তি, ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ সদস্য আলোক ত্ৰিপাঠীৰ লগতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কেইবাগৰাকীও সদস্য উপস্থিত থাকে।

উল্লেখ্য যে ইতিমধ্যে আদিংগীৰিত হকীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। প্ৰশিক্ষণ প্ৰদান কৰিছে অসম জুনিয়ৰ হকী দলৰ অধিনায়ক চিৰাজ বড়োৱে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments