Tuesday, October 4, 2022
HomeNewsমহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত ক্ৰীড়া সপ্তাহ উদযাপন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত ক্ৰীড়া সপ্তাহ উদযাপন

অলিম্পিয়া প্ৰতিবেদন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত এক সুন্দৰ ক্ৰীড়াৰ পৰিবেশ । বিশ্ববিদ্যালয় সপ্তাহত অংশ ললে ছাত্র-ছাত্রীসকলে । বিজয় উল্লাসত মুখৰিত গুৱাহাটীৰ চৌহদ ।

অষ্টম বৰ্ষত ভৰি দিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ক্ৰীড়া সপ্তাহে । বিগত সময়বোৰৰ দৰেই এইবাৰো ছাত্র-ছাত্রীৰ মাজত অনুষ্ঠিত বিভিন্ন খেল-ধেমালী । ৭ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা বিশ্ববিদ্যালয় সপ্তাহৰ অন্ত পৰিব অহা ১২ এপ্ৰিলত । ৯ টা বিভিন্ন খেলত জীপাল হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটীৰ চৌহদ । ক্ৰিকেট, কাবাডী, বেডমিন্টন, কেৰম, দবাৰ উপৰি দেখা গ’ল মিউজিকেল চেয়াৰ, ৰছীটনা আদি পৰম্পৰাগত খেল-ধেমালী । শৈক্ষিক জীৱনৰ অৱসাদ আঁতৰাই এটা সপ্তাহ খেলত মনোনিৱেশ কৰিছে বিশ্ববিদ্যালয়খনৰ ৭ টাকৈ বিভাগৰ ছাত্র-ছাত্রীয়ে । ক্ৰীড়াৰ মাধ্যমেৰে উজলি উঠিছে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল ।

পঢ়া-শুনাৰ মাজতে এনে ক্ৰীড়াই ভৱিষ্যতে ছাত্র-ছাত্রীসকলক সহায় কৰিব বুলি আশাবাদী সহকাৰী পঞ্জীয়ক বিচিত্র বিকাশ ।

কেৱল ছাত্ৰীসকলেই নহয়, প্ৰীতি মেচত খেল পথাৰত নামিল বিশ্ববিদ্যালয়ৰ প্ৰবক্তা আৰু কৰ্মচাৰীসকল । কৰ্ম ব্যস্ততাৰ মাজত ক্ৰীড়াক ৰিফ্ৰেচমেন হিচাপে গ্ৰহণ কৰিছে তেওঁলোকে ।

ইফালে, ৰেফাৰী ৰূপত দেখা গল সদৌ অসম শাৰিৰিক শিক্ষা আৰু শিক্ষিত সন্থাৰ সম্পাদক মৃংগাক জ্যোতি ডেকাক । শিক্ষানুষ্ঠানত এনে ক্ৰীড়াৰ বাৰ্তাবৰণ সৃষ্টিৰ বিষয়টোৱে আনন্দিত কৰিছে মৃংগাকক ।

ইফালে কাবাডী আৰু ভলীবলৰ ৰেফাৰী ৰূপত যোগ প্ৰশিক্ষক বিকাশ বৰুৱাৰো উপস্থিত থাকিল । বিশ্ববিদ্যালয়ৰ আমন্ত্রণ মৰ্মে এনে প্ৰতিযোগিতাত সংযুক্ত হৈ সুখী বিকাশ বৰুৱা ।

এনেদৰেই বিশ্ববিদ্যালয় সপ্তাহৰ লগত অনুষ্ঠিত হৈছে বিভিন্ন প্ৰতিযোগিতাৰ লগতে বাৰ্ষিক খেল-ধেমালী । ক্ৰীড়াই দিয়ে এক সুস্থ দেহ আৰু মন
। শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশত ক্ৰীড়াও মহৌষধি হিচাপে গণ্য কৰা হয় । ক্ৰীড়া অনুৰাগীৰ আশা -শিক্ষানুষ্ঠানক এনে ক্ৰীড়াই ছাত্র-ছাত্রী সকলক প্ৰদান কৰক শিক্ষাৰ জীৱনী শক্তি । এনে প্ৰতিযোগিতাৰ আচলত ধৰিয়েই শিক্ষা-দীক্ষাৰ সমান্তৰাললৈ ক্ৰীড়াঙ্গনত আগুৱাই যাওক অসমৰ ভৱিষ্যত প্ৰজন্ম ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments