Tuesday, October 4, 2022
HomeNewsমহাৰজত জয়ন্তী উপলক্ষে ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খেল-ধেমালী

মহাৰজত জয়ন্তী উপলক্ষে ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খেল-ধেমালী

মহাৰজত জয়ন্তী উপলক্ষে ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খেল-ধেমালী

অলিম্পিয়া স্পৰ্টছ: ক্ৰীড়াৰ এক সুন্দৰ পৰিবেশ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । মাৰাথন দৌৰ, কাবাডী, ফুটবল, খো খোত জীপাল বিদ্যালয়ৰ খেলপথাৰ । ২০০ গৰাকী খেলুৱৈয়ে কৰিলে অংশগ্ৰহণ । ৭৫ বছৰত ভৰি দিলে দক্ষিণ কামৰূপত অৱস্থিত ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে । ১৯৪৭ চনৰ ২৪ এপ্ৰিলত স্থাপিত এই বিদ্যালয়খনত আয়োজন কৰা হৈছে মহাৰজত জয়ন্তী । চলিত মাহৰ ২১ ৰ পৰা ২৪ এপিললৈ চলিছে বিভিন্ন কাৰ্য্যসূচী । ইয়াৰ মাজতে প্ৰথম দিনটোত বিদ্যালয়খনৰ ক্ৰীড়া উদযাপন সমিতিয়ে আয়োজন কৰিলে দিনজোৰা ক্ৰীড়া কাৰ্যসূচী । পুৱাতে ছোৱালীৰ দৌৰ প্ৰতিযোগিতা উদ্বোধন কৰে উদযাপন সমিতিৰ সভাপতি ড০ অৱনী দাসে । মাৰাথনত অংশ ললে ৪৭ গৰাকী খেলুৱৈয়ে ।

আৰু অধিক পঢ়ক

ইয়াৰ উপৰি মহিলাৰ প্ৰীতি ফুটবল খেল অনুষ্ঠিত হ’ল কামৰূপা ফুটবল কোচিং চেন্টাৰ বনাম ৰামপুৰ ফুটবল কচিং চেন্টাৰৰ মাজত । খো খোৰ প্ৰীতি মেচত অংশগ্ৰহণ কৰিলে সোণাপুৰ ক্ৰীড়া সন্থা বনাম দক্ষিণ কামৰূপ ক্ৰীড়া সন্থা । ইফালে কাবাডীৰ প্ৰীতি মেচত চিমিনা নাইন স্টাৰ বনাম চিমিনা ভাই ভাই দল মৈদানত অৱতীৰ্ণ হোৱা দেখা গ’ল । কাবাডী খেলখন উদ্বোধন কৰিলে বিদ্যালয় খনৰ অধ্যক্ষা অঞ্জু ভট্ৰচাৰ্যই । মহাৰজত জয়ন্তী উপলক্ষে আয়োজিত এই প্ৰীতি মেচ আৰু মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে বহু খেলুৱৈয়ে । মহাৰজত জয়ন্তীৰ বিভিন্ন কাৰ্য্যসূচীৰ লগতে খেল-ধেমালিত জীপাল হ’ল ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উল্লেখযোগ্য যে, ক্ৰীড়াৰ ক্ষেত্ৰত ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আছে এক সুন্দৰ ইতিহাস । এই বিদ্যালয়ৰ খেলপথাৰতে খেলৰ আদিপাঠ গ্ৰহণ কৰি জন্ম হৈছে খো-খো, কাবাডী আৰু ফুটবলৰ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ । ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় এথলীট বিপুল চৌধুৰী, প্ৰয়াত নৃপেন কলিতা অন্যতম । তদুপৰি, প্ৰায় ১৯৮৮ ৰ পৰা ১৯৯৪ লৈকে দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ খো খোৰ ল’ৰাৰ দল ৯ বাৰৰ আৰু ছোৱালী দল দল আছিল ৭ বাৰৰ ৰাজ্যিক চেম্পিয়ন । এই দলসমূহৰ অধিকাংশই আছিল এই বিদ্যালয়খনৰ অধ্যয়নৰত ছাত্র বা প্ৰাক্তন ছাত্র ।

বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰি ক্ৰীড়াৰ পৰিবেশত আদিপাঠ গ্ৰহণ কৰাৰ পাছৰ পৰ্যায়ত কেইবাজনো ৰাষ্ট্ৰীয় ৰেফাৰীৰ সৃষ্টি হৈছে । খো খোৰ ৰাষ্ট্ৰীয় খেলুৱৈ, ৰেফাৰী আৰু এন আই এছ প্ৰশিক্ষক হ’ল ৰূপা দাস ঠাকুৰীয়া । সেইদৰে খো খোৰ ৰাষ্ট্ৰীয় ৰেফাৰী হল অমিয় মজুমদাৰ ।আনহাতে এজন কাবাডীৰ ৰেফাৰী হ’ল মিলন ঠাকুৰীয়া। সেইসময়ত ক্ৰীড়াৰ উত্তৰণত প্ৰতিষ্ঠাপক শিক্ষক প্ৰয়াত ভৱানীকান্ত দাস আৰু প্ৰাক্তন ক্ৰীড়া বিষয়া অমৰেন্দ্ৰ ঠাকুৰীয়াৰ অৱদানক সকলোৱে শলাগে ।

মহাৰজত জয়ন্তী উদযাপন কৰা বিদ্যালয়খনৰ পূৰ্বৰ সেই ক্ৰীড়াৰ জয়যাত্রা অক্ষুণ্ণ থাকক সদায়ে । কিন্তু উপযুক্ত খেলপথাৰ থকা পাছতো বৰ্তমান নাই বিদ্যালয়খনৰ শাৰীৰিক নিৰ্দেশক । ক্ৰীড়া অনুৰাগীৰ আশা — খেলুৱৈৰ সৃষ্টিৰ স্বাৰ্থত ক্ৰীড়া ক্ষেত্ৰত থকা অসুবিধাসমূহ দূৰ কৰক ক্ৰীড়া বিভাগে । বিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ শুভক্ষণতেই লাভ কৰক সেই সুখবৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments