Tuesday, October 4, 2022
HomeNewsমহিলাৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় শিবিৰলৈ আমন্ত্ৰণ অসমৰ ফুটবলাৰ অপূৰ্ণা নাৰ্জাৰীক

মহিলাৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় শিবিৰলৈ আমন্ত্ৰণ অসমৰ ফুটবলাৰ অপূৰ্ণা নাৰ্জাৰীক

মহিলাৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় শিবিৰলৈ আমন্ত্ৰণ অসমৰ ফুটবলাৰ অপূৰ্ণা নাৰ্জাৰীক

অলিম্পিয়া প্ৰতিবেদন: সমাগত ছাফ মহিলা ফুটবল চেম্পিয়নশ্বিপৰ বাবে পুনেত ২৯ আগষ্টৰ পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় শিবিৰ । ২৯ আগষ্টত আৰম্ভ হোৱা শিবিৰটো ২ ছেপ্টেম্বৰত অন্ত পৰিব । এই শিবিৰলৈ আমন্ত্ৰিত ২৬ গৰাকী মহিলা ফুটবল খেলুৱৈৰ ভিতৰত অসমৰ অপূৰ্ণা নাৰ্জাৰীও আছে ।

অপূৰ্ণাক ষ্ট্ৰাইকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । এইবাৰৰ ছাফ মহিলা ফুটবল চেম্পিয়শ্বিপ নেপালত ৬-১৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব । ভাৰতীয় দলটোৱে নেপাললৈ ৰাওনা হ’ব ৩ ছেপ্টেম্বৰত । ডিফেণ্ডিং চেম্পিয়ন ভাৰত আছে গ্ৰুপ “এ” ত । ৭ ছেপ্টেম্বৰত পাকিস্তানৰ বিৰুদ্ধে খেলি ভাৰতে অভিযান আৰম্ভ কৰিব । এই গ্ৰুপৰ আন দুটা দল হ’ল মালদ্বীপ আৰু বাংলাদেশ ।

১৯ বছৰ অনূৰ্দ্ধ ভাৰতীয় মহিলা ফুটবল দলত স্থান লাভ কৰা অপূৰ্ণাই ছিনিয়ৰ ৰাষ্ট্ৰীয় দলতো স্থান লাভ কৰিব বুলি আশা কৰা হৈছে । সেয়া হ’লে গলকীপাৰ অঞ্জনা শইকীয়াৰ পাছত অপূৰ্ণা নাৰ্জাৰীয়ে হ’ব ছিনিয়ৰ ভাৰতীয় দলত খেলা অসমৰ দ্বিতীয় গৰাকী মহিলা ফুটবলাৰ । ভাৰতে ১০ ছেপ্টেম্বৰত মালদ্বীপ আৰু ১৩ ছেপ্টেম্বৰত বাংলাদেশৰ বিৰুদ্ধে খেলিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen + three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments