Tuesday, October 4, 2022
HomeNewsমহিলাৰ টি-২০ মেচত ষ্টেফানি টেইলৰক অতিক্ৰম কৰি স্মৃতি মান্ধানাৰ নতুন অভিলেখ

মহিলাৰ টি-২০ মেচত ষ্টেফানি টেইলৰক অতিক্ৰম কৰি স্মৃতি মান্ধানাৰ নতুন অভিলেখ

মহিলাৰ টি-২০ মেচত ষ্টেফানি টেইলৰক অতিক্ৰম কৰি স্মৃতি মান্ধানাৰ নতুন অভিলেখ

অলিম্পিয়া প্ৰতিবেদন ভাৰতৰ মহিলা ক্ৰিকেটাৰৰ ভিতৰত স্মৃতি মান্ধানাৰ সুকীয়া পৰিচয় আছে । বাওঁহতীয়া অপেনাৰগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত গঢ়িছে ইটোৰ পাছত আনটো অভিলেখ । এইবাৰ স্মৃতিয়ে স্টেফানি টেইলৰক অতিক্ৰম কৰি মহিলাৰ টি-২০ ক্ৰিকেটত গঢ়িলে নতুন অভিলেখ । পিছ পেলালে মিতালী ৰাজ, ডিয়েণ্ডা ডটিন আৰু ডেনিয়েল ওৱাটকো ।
উল্লেখযোগ্য যে ভাৰত আৰু ইংলেণ্ডৰ মাজত তিনিখন মেচৰ টি-২০ আন্তৰ্জাতিক শৃংখলা চলি আছে । এই শৃংখলাৰ পথম মেচত ঘৰুৱা দল ইংলেণ্ড জয়ী হ’লেও দ্বিতীয় মেচত উভতি ধৰিলে ভাৰতে । ১৩ ছেপ্টেম্বৰ, মঙলবাৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে দ্বিতীয় মেচত জয়ী হৈ তিনিখন মেচৰ টি-২০ শৃংখলাত সমতা স্থাপন কৰিলে । মেচখনত স্মৃতি মান্ধানাৰ বিধ্বংসী ইনিংছৰ সহায়ত ভাৰত ৮ উইকেটত বিজয়ী হয় ।

মেচখনত বাওঁহতীয়া অপেনাৰ স্মৃতি মান্ধানাই ৫৩ টা বলত ১৩ টা বাউণ্ডেৰীৰ সহায়ত অপৰাজিত ৭৯ ৰাণ কৰে । নিজৰ দেশৰ মাটিৰ বাহিৰত আন্তৰ্জাতিক টি-২০ ক্ৰিকেটত এয়া আছিল স্মৃতিৰ দশমটো অৰ্ধশতক । ইয়াৰ পূৰ্বে এই ৰেকৰ্ড আছিল ৱেষ্ট ইণ্ডিজৰ ষ্টেফানি টেইলৰৰ নামত । নিজ দেশৰ বাহিৰত মহিলাৰ টি-২০ মেচত তেওঁ ৯ টা ৫০ ৰো অধিক ৰাণ কৰিছে । অভিলেখৰ দিশৰ পৰা তালিকাৰ তৃতীয় স্থানত আছে ভাৰতৰ মিতালী ৰাজ । দেশৰ বাহিৰত তেওঁ খেলিছে ৬ টা ৫০ ৰো অধিক ৰাণৰ ইনিংছ । ৱেষ্ট ইণ্ডিজৰ ডিয়েণ্ডা ডটিন আৰু ইংলেণ্ডৰ ডেনিয়েল ৱাটেও সমসংখ্যক ৫০ প্লাছ ৰাণ কৰিছে ।

সিদিনা টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয় ইংলেণ্ড দলে । দলটোৱে নিৰ্ধাৰিত অভাৰত ৬ টা উইকেট হেৰুৱাই কৰে ১৪২ ৰাণ । নিৰ্ধাৰিত লক্ষ্য পূৰণ কৰিবলৈ নামি ভাৰতে ব্যক্তিগত ২০ ৰাণত শেফালি বাৰ্মাৰ উইকেটটো হেৰুৱায় । দয়ালান হেমলতাই ৯ ৰাণত আউট হোৱাত ভাৰতৰ সংগ্ৰহ হয় ২ উইকেটত ৭৭ ৰাণ । ইয়াৰ পাছত অপেনাৰ স্মৃতি মান্ধানা আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰৰ অটুট যুটিৰ সহায়ত ভাৰতে ১৬.৪ অভাৰতে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে ।

ক্ৰীড়াপ্ৰেমীৰ আশা — মোহময়ী ক্ৰিকেটাৰ স্মৃতি মান্ধানা অধিক উজলি উঠক বিশ্ব ক্ৰিকেটত । পুৰুষৰ লগতে ভাৰতীয় মহিলা দলেও শাসন কৰক বিশ্ব ক্ৰিকেটক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments