Sunday, October 2, 2022
HomeNewsমহিলাৰ টি-২০ লীগত অসমৰ মিশ্ৰিত ফলাফল

মহিলাৰ টি-২০ লীগত অসমৰ মিশ্ৰিত ফলাফল

মহিলাৰ টি-২০ লীগত অসমৰ মিশ্ৰিত ফলাফল

অলিম্পিয়া প্রতিবেদন: ঝাৰখণ্ডৰ ৰাঁচীত ছিনিয়ৰ মহিলা টি-২০ ক্ৰিকেট লীগত অসমে প্ৰথম মেচত সোমবাৰে সৌৰাষ্ট্রৰ বিৰুদ্ধে জয়লাভ কৰিলেও মংগলবাৰে দ্বিতীয় মেচত পঞ্জাৱৰ বিৰুদ্ধে পৰাস্ত হয় । সোমবাৰে অসমে সৌৰাষ্ট্রক ১৯ ৰাণত পৰাস্ত কৰে । টছত জিকি প্ৰথমে বেট কৰা অসমে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটত কৰে ১০৬ ৰাণ ।

আৰু অধিক পঢ়ক

অসম দলৰ অপেনাৰ গায়ত্ৰী গুৰুঙে ৩২, মনীষা দাসে ৩০ আৰু দেৱশ্ৰী কোঁৱৰে ২১ ৰাণৰ বৰঙণি যোগায় । প্ৰত্যুত্তৰত সৌৰাষ্ট্ৰই অসমৰ বলাৰসকলৰ সন্মুখত টিকিব নোৱাৰি ২০ অভাৰত ৯ উইকেটত ৮৭ ৰাণহে কৰে । বলিঙত অসমৰ হৈ ২ টাকৈ উইকেট দখল কৰে মনীষা দাস আৰু মৌচুমী নৰহে । ইফালে মংগলবাৰে একে স্থানত অনুষ্ঠিত মেচত অসমক ৬ উইকেটত পৰাস্ত কৰে পঞ্জাৱে । অসমে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৩ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১১২ ৰাণ ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

দলৰ উমা ছেত্ৰীয়ে ৬১ টা বলত ২টা ছয় আৰু ৬ টা চাৰিৰ সহায়ত ৬৩ ৰাণত অপৰাজিত হৈ ৰয় । মনীষা দাসে কৰে ৪২ ৰাণ । প্ৰত্যুত্তৰত পঞ্জাৱে ১৬.২ অভাৰত চাৰিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় । পঞ্জাৱ দলৰ অ’পেনাৰ টানিয়া ভাটিয়া আৰু প্ৰগতি সিংহ উভয়ে ৩২ ৰাণকৈ সংগ্ৰহ কৰে । বলিঙত অসমৰ মৌচুমী নৰহ, দেৱশ্ৰী কোঁৱৰ আৰু পাপৰী গগৈয়ে এটাকৈ উইকেট লাভ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments