Friday, September 30, 2022
HomeNewsমাউণ্ট কামেট আৰোহণৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ অনুষ্ঠান

মাউণ্ট কামেট আৰোহণৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ অনুষ্ঠান

মাউণ্ট কামেট আৰোহণৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ অনুষ্ঠান

অলিম্পিয়া প্ৰতিবেদন: নন্দা দেৱীৰ পাছত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ পাৰ্বত্য শিখৰ ‘মাউণ্ট কামেট’ আৰোহণৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে যোৱা ৭ ছেপ্টেম্বৰ, বুধবাৰে নেহৰু ষ্টেডিয়াম সংলগ্ন অসম পৰ্বতাৰোহণ সন্থাৰ কাৰ্যালয়ত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অসম পৰ্বতাৰোহণ সন্থাৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰে অলিম্পিয়া প্ৰকাশনে ৷ উত্তৰাখণ্ডৰ গাড়োৱাল হিমালয়ৰ ২৫,৪৪৬ ফুট উচ্চতাৰ ‘মাউণ্ট কামেট’ ১৯৯৭ চনত আৰোহণ কৰিছিল অসমৰ এদল পৰ্বতাৰোহীয়ে ৷

মামুদ ৰছিদৰ নেতৃত্বত যোৱা সেই দলটোৰ সদস্যসকল হ’ল– জয়ন্ত ৰয়, মানস বৰুৱা, উপেন চক্ৰৱৰ্তী, প্ৰতুল চন্দ্ৰ দাস, দিগন্ত ৰয়, অপূৰ্ব বোস আৰু অনুপম ডেকা ৷ এই ঐতিহাসিক ক্ষণৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে নৱপ্ৰজন্মক উৎসাহিত কৰিবলৈ আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ৷ অনুষ্ঠানটোৰ আঁতধৰে অলিম্পিয়া প্ৰকাশনৰ পৰিচালন সঞ্চালক চিৰঞ্জীৱ শৰ্মাই ৷ উক্ত দুঃসাহসিক অভিযানৰ নেতৃত্ব বহন কৰা মামুদ ৰছিদ, সদস্য মানস বৰুৱা, উপেন চক্ৰৱৰ্তী, জয়ন্ত ৰয়ৰ লগতে জ্যেষ্ঠ পৰ্বতাৰোহী ৰাজেন্দ্ৰ প্ৰসাদ গৌতম, অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱা, জ্যেষ্ঠ সাংবাদিক ৰূপম বৰুৱা, পুলিন সাহা, উদয় বৰগোঁহাইৰ লগতে ভালেসংখ্যক উদীয়মান পৰ্বতাৰোহী উপস্থিত থাকে ৷

ইয়াৰ পূৰ্ৱে অসমৰ পৰা যোৱা কেইবাটাও অভিযাত্ৰীৰ দলে চেষ্টা চলাইও ‘মাউণ্ট কামেট’ প্ৰতিকূল পৰিৱেশৰ বাবে আৰোহণ কৰিব পৰা নাছিল ৷ ১৯৭২ চনত অতনু প্ৰদাস বৰুৱা, ৰোহিনী কুমাৰ ভূঞা, ১৯৮৯ চনত অজিত কলিতা, ১৯৯১ চনত মামুদ ৰছিদৰ নেতৃত্বত যোৱা অভিযাত্ৰীৰ দলে ‘মাউণ্ট কামেট’ আৰোহণ কৰাত ব্যৰ্থ হৈছিল ৷ ২৫ বছৰৰ পূৰ্বৰ এই সফল অভিযান কালৰ কথা সোঁৱৰি আবেগিক হৈ পৰে অভিযানকাৰী দলটোৰ নেতা মামুদ ৰছিদ আৰু আৰোহণকাৰী উপেন চক্ৰৱৰ্তী ৷

অনুষ্ঠানত ‘মাউণ্ট কামেট’ আৰোহন কৰা দলটোৰ অন্যতম সদস্য তথা অসম পৰ্বতাৰোহণ সন্থাৰ সম্পাদক মানস বৰুৱাই এই সফল আৰোহণ সম্পৰ্কত লিখা আৰু অলিম্পিয়া স্পৰ্টছৰ নমিতা গোস্বামীয়ে পাঠ কৰা আত্মকথাৰ জৰিয়তে উপস্থিত সকলোৱে এই ঐতিহাসিক আৰোহণৰ বহু ৰোমাঞ্চকৰ দিশৰ বিষয়ে জানিব পাৰি আপ্লুত হৈ পৰে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen + 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments