অলিম্পিয়াৰ প্ৰতিবেদন
বিগ বেশ্ব লীগত মেলব’ৰ্ণ ৰেনেগেডছ নামৰ ফ্ৰেঞ্চাইজিটোৱে মাত্ৰ ১৫ বছৰীয়া এগৰাকী ক্ৰিকেটাৰক চুক্তিবদ্ধ কৰি চমক সৃষ্টি কৰিছে। দক্ষিণ আফ্ৰিকাৰ তাৰকা স্পীনাৰ ইমৰান তাহিৰৰ দৰে ক্ৰিকেটাৰৰে সমৃদ্ধ মেলব’ৰ্ণ ৰেনেগেডছ ফ্ৰেঞ্চাইজিটোত চুক্তিবদ্ধ হোৱা এই ১৫ বছৰীয়া বলাৰজন হৈছে আফগানিস্তানৰ নুৰ আহমেদ।
আফগানিস্তানৰ অনূৰ্ধ ১৯ দলৰ হৈ বিশ্বকাপত অংশগ্ৰহণ কৰা নুৰ আহমেদে ২০০৫ চনত কাবুলত জন্মগ্ৰহণ কৰিছিল। কেৰিয়াৰত এখন প্ৰথমশ্ৰেণীৰ মেচ, দুখন লিষ্ট A ৰ মেচ আৰু ১৫ খন টেষ্ট মেচ খেলা নুৰ আহমেদৰ ওপৰত বিগত বৰ্ষৰ পৰাই দৃষ্টি ৰাখিছিল ৰেনেগেডছে। এগৰাকী সুদক্ষ স্পীনাৰ হিচাপে অনাগত দিনত উজলি উঠাৰ পূৰ্ণ সম্ভাৱনা থকা নুৰ আহমেদকলৈ আশাবাদী মেলব’ৰ্ণ ৰেনেগেডছ।