Tuesday, October 4, 2022
HomeNewsমানসিক অৱসাগগ্ৰস্ততা:মাইকেল ফেল্পছ, নাওমি ওচাকা আৰু ইনিয়েষ্টাৰ কথাৰে

মানসিক অৱসাগগ্ৰস্ততা:মাইকেল ফেল্পছ, নাওমি ওচাকা আৰু ইনিয়েষ্টাৰ কথাৰে

depression

বিগত তিনিবছৰ মানসিক অৱসাদগ্ৰস্ততাত ভুগি আছে জাপানী টেনিছ তাৰকা নাওমি ওচাকা৷ এইবাৰৰ ফৰাচী অ’পেনৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ সময়ত নাওমিয়ে এই ঘোষণা কৰিছিল৷ কেৱল নাওমিয়ে নহয়৷ ইয়াৰ পুৰ্বেও বহু বিশ্ব ক্ৰীড়াৰ বিখ্যাত তাৰকা মানসিক অৱসাদ গ্ৰস্ততাত ভোগাৰ কথা পোহৰলৈ আহিছে৷

মাইকেল ফেল্পছঃ যুক্তৰাষ্ট্ৰৰ ২৩ বাৰৰ অলিম্পিক পদকজয়ী মাইকেল ফেল্পছে সংবাদ মাধ্যমৰ আগত বিভিন্ন সময়ত প্ৰকাশ কৰিছে  তেওঁ মানসিক অৱসাদগ্ৰস্ততাত ভোগাৰ কথা৷ প্ৰতিখন খেলৰ পিছতেই মানসিক অৱসাদগ্ৰস্ততাত ভোগে ফেল্পছ ৷ ২০১৮ ত তেওঁ কৈছিল– ‘ছুইমিং পুলৰ ভিতৰত বিভিন্ন ৰেকৰ্ড গঢ়িলেও মই প্ৰতিযোগিতাৰ পিছত মানসিক অৱসাদত ভোগো৷ এয়া মোৰ জীৱনৰ অংশ হৈ পৰিছে৷ ইয়াৰ পৰা এতিয়া আৰু মুক্তি মই বিচৰা নাই৷ ২০১২ অলিম্পিকৰ পিছত বহুদিন নিজকে এটি কোঠালিৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল সাতোঁৰবিদ গৰাকীয়ে৷

আন্দ্ৰেছ ইনিয়েস্তা : দুৱাৰকৈ ইউৰো কাপ, ইয়াৰ পিছত ২০১০ বিশ্বকাপ ফুটবলৰ খিতাপ জয় কৰা স্পেইন ফুটবল দলৰ গুৰুত্বপূৰ্ণ সদস্য ইনিয়েস্তাই মানসিক অৱসাদ গ্ৰস্ততাৰ ফলত তেওঁৰ জীৱন কিদৰে ক্ষতিগ্ৰস্ত কৰিছিল সেয়া সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল কিছুদিন পূৰ্বে৷ ২০০৯ বৰ্ষত বন্ধু দানিজাকৰ মৃত্যুৰ পিছত মানসিকভাবে ভাঙি পৰিছিল ইনিয়েস্তা৷ ২২ বছৰ বয়সত এছপানিঅলছৰ ডিফেণ্ডাৰ গৰাকীয়ে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লৈছিল৷ ২০০৯ ত চেম্পিয়নছ লীগৰ খিতাপ জয় কৰাৰ পিছত মানসিক অৱসাদত ভুগিছিল ইনিয়েস্তায়ে৷ সেইবাৰ শৰীৰ, মন দুয়োটাই ভাগি পৰিছিল৷ ‘‘বহু চেষ্টা কৰিও মই সেই ভয়ংকৰ অৱস্থাৰ পৰা ওলাই আহিব পৰা নাছিলো৷ জীৱনলৈ যেন অন্ধকাৰ নামি আহিছে মোৰ তেনেকুৱা অনুভৱ হৈছিল’’- কৈছিল ইনিৱেস্তায়৷

ৰবাৰ্ট এনকে : ২০০৯ ৰ ১০ ডিচেম্বৰত জাৰ্মান ফুটবল দলৰ সদস্য ৰবাট এনকেই আত্মহত্যা কৰিছিল৷ কাৰণ মানসিক অৱসাদগ্ৰস্ততা ৷ বয়স আছিল মাত্ৰ ৩২ বছৰ যি সময়ত ৰেবাটে আত্মহত্যা কৰিছিল সেই সময়ত তেওঁৰ কেৰিয়াৰ গ্ৰাফ যথেষ্ট উৰ্ধমূখী আছিল৷ ২০১০ বিশ্বকাপ ফুটবলৰ বাবে জাৰ্মানী দলত তেওঁৰ স্থান প্ৰায় নিশ্চিত আছিল৷ ফুটবলাৰ সকলৰ আন্তৰ্জাতিক সংগঠনে ২০১৬ ত প্ৰকাশ কৰা এটি সমীক্ষাত বিশ্বৰ এক তৃতীয়াংশ পেছাদাৰী খেলুৱৈয়ে মানসিক অৱসাদগ্ৰস্ততাৰ সৈতে যুঁজদিয়ে বুলি প্ৰতিবেদন প্ৰকাশ কৰিছিল৷

মাইকেল ট্ৰেছকথিক: ২০০৬-০৭ এছেজ টেষ্ট শৃংখলাৰ পিছত নিজৰ মানসিক অৱসাদৰ বিষয়ে প্ৰকাশ কৰিছিল ইংলেণ্ডৰ ক্ৰিকেট দলৰ বেটছমেন মাৰ্কাছ ট্ৰেছকথিকে৷ তেওঁৰ পিছত ইংলেণ্ড দলৰ দুই-তাৰকা হামিছন আৰু এন্দ্ৰিউ ফ্লিণ্টফেও কেইবাবোৰো প্ৰকাশ কৰিছিল তেওঁলোকৰ মানসিক অৱসাদ গ্ৰস্ততাৰ কথা৷ খেলুৱৈসকলে কিদৰে মানসিক অৱসাদ গ্ৰস্ততাৰ পৰা মুক্ত হ’ব পাৰি তাৰেই এক প্ৰচাৰ অভিযান ২০১২ ত আৰম্ভ কৰিছিল ট্ৰেছকথিকে৷

ৰন্দা ৰাউছি: মিক্সড মাছিয়েল আৰ্টৰ বিশ্ব বিশ্ৰুত মহিলা খেলুৱৈ ৰন্দা ৰাউছি৷ ২০১৫ বৰ্ষত হলী হোমৰ হাতত নিজৰ অপৰাজিত থকাৰ ৰেকৰ্ড ভংগৰ পিছত মানসিক অৱসাদগ্ৰস্ততাত ভুগি আত্মহত্যাৰ কথা ভাবিছিল তেওঁ৷ ২০১৬ ত ইউ এফ চিত দ্বিতীয় বাৰৰ বাবে পৰাস্ত হোৱাৰ পিছত অৱসৰ ঘোষণা কৰে ৰাউছিয়ে৷ অৱসৰৰ পিছত তীব্ৰ মানসিক অৱসাদত ভুগি বহুদিন নিজকে আচুতীয়াকৈ ৰাখিছিল তেওঁ৷ ২০১৮ ত বৃটিছ সংবাদ পত্ৰ ‘‘গাডিয়েন’’ত দিয়া এক সাক্ষাৎ কৰাত ৰন্দায়ে কৈছিল তেওঁৰ মানসিক অৱসাদগ্ৰস্ততাত ভোগা সময়বোৰৰ কথা৷ খ্ৰীষ্ট’ফ ডমিনিছ : ১৯৯৯ ৰ ৰাগবি বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে অসাধাৰণ প্ৰদৰ্শন আগবঢ়োৱা ফ্ৰান্সৰ ৰাগবী দলৰ উইংগাৰ খ্ৰীষ্ট’ফ ডমিনিচেও ভোগিছিল মানসিক অৱসাদগ্ৰস্ততাত৷ ২০০৭ ত প্ৰকাশিত আত্মজীৱনীত এই কথা লিখিছিল তেওঁ৷ যোৱা বছৰ নৱেম্বৰ মাহত আত্মহত্যা কৰে ডমিনিচে৷ বিল্ডিঙৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যা কৰে তেওঁ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 + twenty =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments