Wednesday, May 25, 2022
HomeNewsমাষ্টাৰ্ছৰ সফল এথলিট বিজয় ভূঞা : যাৰ ওচৰত হাৰ মানে বয়সেও

মাষ্টাৰ্ছৰ সফল এথলিট বিজয় ভূঞা : যাৰ ওচৰত হাৰ মানে বয়সেও

মানুজনৰ ওচৰত বয়সে হাৰ মানিবলৈ বাধ্য হৈছে। সময়তকৈ মানুহজন কিছু আগত দৌৰিবলৈ সক্ষম। অসমৰ মাষ্টাৰ্ছ এথলিটসকলৰ ভিতৰত অন্যতম সফল এইগৰাকী এথলিটে অসমলৈ কঢ়িয়াই আনিছে বহু কেইটা সফলতা। স্বক্ৰীড়া প্ৰতিভাৰে গৌৰৱান্বিত কৰিছে অসমক।

আমি কবলৈ বিচাৰিছোঁ ডিব্ৰুগড়ৰ বাণীপুৰৰ নিবাসী বিজয় ভূঞাৰ কথা। এইগৰাকী মাষ্টাৰ্ছ এথলিটে বয়সৰ জোখাৰে ৫০ ৰ দেওনা অতিক্ৰম কৰিলেও ট্ৰেকত হৈ পৰে ৩০/৩৫ বছৰীয়া যুৱকৰ দৰে। যাৰ বাবে তেওঁ অনায়াসে প্ৰতিহত কৰে তেওঁৰ অন্যান্য প্ৰতিদ্বন্দীক। ট্ৰেকত নামাৰ পূৰ্বেই প্ৰতিদ্বন্দী সকলে স্বীকাৰ কৰিল‌ই বশ্যতা। বিজয় ভূঞাৰ ভাষাত — ‘মই যেতিয়া দৌৰিবলৈ যাওঁ তেতিয়া লগৰ বোৰে কয় ত‌ইটো এইবাৰো গ’ল্ড নিবি’।

সৰুতে ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত কৰা ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক অৰ্জন কৰা বিজয় ভূঞাই স্কুল পৰ্যায়ত অতি উন্নত ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে মিলনজ্যোতি ক্লাবৰ হৈ চাব জুনিয়ৰ পৰ্যায়ত ফুটবলৰ বি ডিভিজন লীগত অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও আন্তঃবিদ্যালয় প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰি বিজয় ভূঞাই ছাত্ৰ অৱস্থাতে বিদ্যালয়লৈ বহু কেইটা পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। পৰবৰ্তী সময়ত কলেজ পৰ্যায়ত মাৰাথান প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰি পদক লাভ কৰিবলৈ সক্ষম হৈছিল বিজয় ভূঞা। অৱশ্যে কলেজৰ দেওনা পাৰ হোৱাৰ পিছত চাকৰি জীৱন আৰম্ভ কৰাৰ বাবে ক্ৰীড়াৰ পৰা আঁতৰি থাকিবলগীয়া হয় এইগৰাকী এথলিট।

বন্ধু গণেশ গগৈৰ কথা মতে পৰবৰ্তী সময়ত ৩৫ বছৰ বয়সত বিজয় ভূঞাই মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। প্ৰথমবাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিয়েই বিজয় ভূঞাই দুটা ৰূপৰ পদকৰ লগতে এটা ব্ৰঞ্জৰ পদক লাভ কৰে।

‘প্ৰথমে মই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈ দেখিছিলোঁ প্ৰতিযোগীসকলৰ একা‌ংশ‌ই ভাৰতীয় দলৰ জাৰ্চি পৰিধান কৰি থকাৰ বিপৰীতে আন একাংশ‌ই ৰাজ্যৰ জাৰ্চি পৰিধান কৰি আছিল। তেওঁলোকক দেখি প্ৰথমে অলপ ভয়ভাৱ জাগিছিল। কিন্তু যেতিয়া ট্ৰেকত নামো তেতিয়া তেওঁলোক সকলো মোৰ পিছত আছিল। তেতিয়াহে মনলৈ অলপ সাহস আহিছিল।’ প্ৰথমে মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ৰ অভিজ্ঞতা সম্পৰ্কে আমাৰ আগত এইদৰে কয় বিজয় ভূঞাই।

মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰে পৰা প্ৰতিবাৰেই জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন ইভেণ্টত স্বৰ্ণ পদক লাভ কৰি অহা বিজয় ভূঞাই ৰাষ্ট্ৰীয় পৰ্যায়টো লাভ কৰিছে বহু কেইটা পদক।

ৰাষ্ট্ৰীয় পৰ্যায়ত ২০১৯ চনত অন্ধ্ৰপ্ৰদেশত অনুষ্ঠিত হোৱা ৪০ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাত ৫০ বছৰৰ শাখাত ভূঞাই ৪×৪০০ মিটাৰ ৰীলেত স্বৰ্ণ, ৪×১০০ ত ৰূপ আৰু ব্যক্তিগতভাৱে ৪০০ মিটাৰ হাৰ্দল্ছত ব্ৰঞ্জৰ পদক লাভ কৰিছে। আনহাতে শেহতীয়াকৈ মণিপুৰৰ ইম্ফলত অনুষ্ঠিত হোৱা ৪১ সংখ্যক মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাত ভূঞাই ব্যক্তিগতভাৱে ৪০০ মিটাৰত স্বৰ্ণ পদক লাভ কৰাৰ উপৰিও ৪×৪০০ মিটাৰ ৰীলেত স্বৰ্ণ, ৪×১০০ মিটাৰত ৰূপ, ব্যক্তিগতভাৱে ৪০০ মিটাৰ হাৰ্দল্ছত স্বৰ্ণ আৰু ২০০ মিটাৰত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছে।

প্ৰতিদিনে পুৱা ৪ বজাত ৭ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি অনুশীলন কৰিবলৈ যোৱা বিজয় ভূঞাই ঘৰৰ সন্মুখতে এক খেল পথাৰ তৈয়াৰ কৰিছে। য’ত নিজৰ সাধ্যনুসৰি সৰু ল’ৰা-ছোৱালীক প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিছে।

‘মই নিজেও যিহেতু প্ৰশিক্ষণ লোৱা নাই গতিকে আজিও মই মোৰ কণিষ্ঠৰ পৰাও শিকিবলৈ যত্ন কৰোঁ। ল’ৰা-ছোৱালী বোৰক নিজে যি জানোঁ তাকেই শিকাবলৈ যত্ন কৰিছোঁ।’– এইদৰে কয় বিজয় ভূঞাই।

ক্ৰীড়াৰ লগত জড়িত হৈ থকাৰ বাবেই, প্ৰতিদিনে অনুশীলন কৰি থকাৰ বাবেই মাষ্টাৰ্ছ এথলিট গৰাকীয়ে এতিয়ালৈকে কোনোধৰণৰ ঔষধ খাবলগীয়া হোৱা নাই বুলি জনাই কয় যে খেলি থকাৰ বাবেই দেহা সুস্থ হৈ আছে।

- Advertisment -
RELATED ARTICLES

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six + seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments