সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৰাজ্যিক মাষ্টাৰ্ছ এথলেটিকছৰ সফল সামৰণি
অলিম্পিয়া প্ৰতিবেদন: অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত দুদিনীয়াকৈ অনুষ্ঠিত হয় প্ৰথম বাৰ্ষিক ৰাজ্যিক মুকলি মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা । ১ জুন অৰ্থাৎ বুধবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত এই ৰাজ্যিক মাষ্টাৰ্ছ এথলেটিকছত ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৩০০ ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । বৃহস্পতিবাৰে দুদিনীয়া প্ৰতিযোগিতাৰ সফল সামৰণি পৰে ।
পুৰুষ আৰু মহিলা উভয়ৰে ৩৫ বছৰ ঊৰ্ধ্বৰ ৰাজ্যখনৰ এথলীটসকলৰ অংশগ্ৰহণে প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলে । এই ৰাজ্যিক প্ৰতিযোগিতাখনত বাছনি হোৱা খেলুৱৈসকলে অহা ১৬ ৰ পৰা ১৯ জুনত গুজৰাটৰ বদোদৰাত ভাৰতীয় এথলেটিকছ ফেডাৰচনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
ভিন্ন বয়স গোটৰ প্ৰতিযোগিতাখনত প্ৰায় ৪০০ তকৈও অধিক ইভেন্ট অনুষ্ঠিত হয় ।প্ৰথমবাৰৰ বাবে আয়োজিত প্ৰতিযোগিতাখনত ৮০ ঊৰ্ধ্বৰ খেলুৱৈসকলৰ অংশগ্ৰহণে দৰ্শক হিচাপে উপস্থিত থকা যুৱ প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰি তোলে । বিশেষকৈ খেলত অংশগ্ৰহণ কৰি ‘আমাৰ খেল চাই আমাৰ নাতি-নাতিনী খেলিবলৈ ওলাই আহক’ বুলি ৮০ ঊৰ্ধ্বৰ এথলীট এগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ।
অসম এথলেটিকছ সন্থাই প্ৰথমবাৰৰ বাবে আয়োজন কৰা প্ৰতিযোগিতাৰ প্ৰতিটো পদক্ষেপক প্ৰশংসা কৰে ভিন্ন জিলাৰ পৰা অহা এথলীটসকলে । খেল খেলি পোন প্ৰথমবাৰৰ বাবে ইভেন্ট সমাপ্তিৰ পাছতে মেডেল লাভ কৰিবলৈ সক্ষম হোৱাটো এক ইতিহাসস্বৰূপ বুলি মন্তব্য কৰে এথলীটসকলে ।
আইটা টেলেণ্ট ছিৰিজ টেনিছত ছান্দোগ্য, অৰ্ণভীৰ দ্বিমুকুট
গোলাঘাট টেনিছ ক্লাবত আয়োজিত আইটা টেলেণ্ট ছিৰিজ টেনিছ টুৰ্ণমেণ্টত ছান্দোগ্য ত্ৰিদিব পাঠক আৰু অৰ্ণভী দেৱনাথে দ্বিমুকুট অৰ্জন কৰিছে ৷ এই প্ৰতিযোগিতাৰ ১২ বছৰ অনূৰ্দ্ধ শাখাৰ ল’ৰাৰ ছিংগলছত বৃহস্পতিবাৰে ছান্দোগ্য ত্ৰিদিব পাঠকে ফাইনেলত অভয় ভৰালীৰ বিৰুদ্ধে ৬-১, ৬-২ ব্যৱধানত জয়লাভ কৰে ৷ ছোৱালী শাখাৰ ছিংগলছ ফাইনেলত অৰ্ণভি দেৱনাথে নয়িম হুছেইনক ৬-৩, ৬-১ ছেটত হৰুৱায় ৷
ল’ৰাৰ ডাবোলছ ফাইনেলত ছান্দোগ্য- অভয় ভৰালী যুটিয়ে নিব্ৰাছ হুছেইন- সমক্ষ শৰ্মা যুটিক ৬-৩, ৬-২ ছেটত আৰু ছোৱালী শাখাত অৰ্ণভী – নয়িম হুছেইন যুটিয়ে আৰিশা মাহিন চৌধুৰী – সংস্কৃতি সৌৰভ বৰাক ৬-১, ৬-১ ছেটত পৰাস্ত কৰি চৃড়ান্ত বিজয়ী হয় । বুধবাৰে অনুষ্ঠিত ছেমিফাইনেলত ছান্দোগ্যই নিব্ৰাছ হুছেইনক ৬-০, ৬-২ ব্যৱধানত আৰু অভয়ে সমক্ষ শৰ্মাক ৬-১, ৬-১ ব্যৱধানত পৰাস্ত কৰে ৷
ইফালে ছোৱালী ছিংগলছৰ ছেমিফাইনেলত নয়িম হুছেইনে নিয়দিতা শুক্লাক ৬-০, ৬-০ আৰু আনখন ছেমিফাইনেলত অৰ্ণভিয়ে আৰিশা মাহিন চৌধুৰীক ৬-২, ৬-২ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত উপনীত হৈছিল ৷ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি গুৱাহাটীৰ টেনিছ প্ৰকল্পত অহা ৬-১০ জুনত অনুষ্ঠিত হ’ব ১৬ আৰু ১৮ বছৰ অনূৰ্দ্ধ ল’ৰা আৰু ছোৱালীৰ আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ টুৰ্ণামেণ্ট ৷