Thursday, July 7, 2022
HomeNewsমাৰাডোনাৰ মৃত্যুৰ ৰহস্য ফাদিল হ'ল

মাৰাডোনাৰ মৃত্যুৰ ৰহস্য ফাদিল হ’ল

চিকিৎসকৰ পৰামৰ্শ মতেই হাস্পতালত ফুটবলৰ ৰাজপুত্ৰ মাৰাডোনাক ড্ৰাগছ আৰু এলকহল যোগান ধৰা হৈছিল। শেহতীয়াকৈ এই কথা পোহৰলৈ অহাৰ লগে লগেই এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। মাৰাডোনাৰ জীয়ৰী ডালমাই বিষয়টোৰ ওপৰত উপযুক্ত ন্যায় বিচাৰি আইনৰ কাষ চাপিছে।

আৰ্জেণ্টিনাৰ স্থানীয় নিউজ চেনেলত বিষয়টোৰ সন্দৰ্ভত প্ৰথমে বাতৰি প্ৰচাৰ হৈছিল। এটা অডিঅ’ বাৰ্টা প্ৰকাশ কৰি তেওঁলোকে এই বাতৰি প্ৰচাৰ কৰিছিল। এই অডিঅ’ বাৰ্তাটো নিউৰো ছাৰ্জিয়ান লিঅ’ পলডো লক আৰু মনোৰোগ বিশেষজ্ঞ আগষ্টিন কজ’ভৰ মাজত হোৱা কথা বতৰা বাণীবদ্ধ হৈ আছে। এই অডিঅ’ ভাইৰেল হোৱাৰ পিছতেই এতিয়া ডালমা আইনৰ কাষ চাপিছে।

ডালমাই পিতৃৰ মৃত্যুৰ বাবে মাৰাডোনাৰ ছাৰ্জিয়ন লিঅ’পলডো লক, অধিবক্তা আৰু ব্যক্তিগত সচিব মটিয়াছ ম’ৰলাক জগৰীয়া কৰি উপযুক্ত ন্যায় বিচাৰিছে।

ইফালে এই অডিঅ’ ভাইৰেল হোৱাৰ পিছতেই মাৰাডোনাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুনৰ খুচৰি চাইছে যদিও কোনোধৰণৰ ড্ৰাগছ তথা এলকলহলৰ ৰেশ পোৱাৰ তথ্য বিচাৰি পোৱা নাই।

উল্লেখ্য যে যোৱা ২৫ নৱেম্বৰত হৃদৰোগত আক্ৰান্ত হৈ কিম্বদন্তী ফুটবলাৰ মাৰাডোনাৰ মৃত্যু হৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments