অলিম্পিয়াৰ প্ৰতিবেদন
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বুঢ়ীদিহিং মৌজাত কালি মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তিনিখনকৈ খেল পথাৰত আধাৰশিলা স্থাপন কৰে।

মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত মাৰ্ঘেৰিটা সমষ্টিৰ জ্ঞানোদয় হাইস্কুল, সোণজান যুৱক সংঘ আৰু ১ নং মহং টকৌ পথাৰ ৰাজহুৱা খেলপথাৰলৈ ২০ লাখকৈ টকা অনুদান হিচাপে আগবঢ়োৱা হৈছে।

আধাৰশিলা স্থাপনৰ এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপৰিও মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, ক্ৰীড়া আৰু যুৱকল্যান বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলি, অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক অতুল বৰা, প্ৰশিক্ষক নিপন দাসৰ লগতে বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে।

ফটো : লক্ষ্য কোঁৱৰৰ ফেচবুক একাউণ্টৰ পৰা সংগৃহীত