আগন্তুক মাৰ্চ মাহত পাটিয়ালাত অনুষ্ঠিত হ’ব ২৪ সংখ্যক ফেডাৰেচন কাপ এথলেটিকছ প্ৰতিযোগিটা। প্ৰতিযোগিতাখনত ভাৰতীয় এথলিট সকলে টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ খেল পথাৰত নামিব।
দেশ স্বাধীন হোৱাৰ পিছৰে পৰা ভাৰতীয় এথলিটে অলিম্পিকৰ মঞ্চত যদিও সফলতা লাভ কৰিব পৰা নাই তথাপিও বহু প্ৰতিভাধৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ প্ৰতিভাৰ উমান দাঙি ধৰিবলৈ সক্ষম হৈছে। এই প্ৰতিভাধৰসকলৰ মাজৰে কেইবাগৰাকীও এথলিটে ইতিমধ্যে টকিঅ’ৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এইসকলৰ মাজত আছে ৰেছ ৱাকাৰ কে টি ইৰফান, জেভলিন থ্ৰ’ৱাৰ নিৰজ চোপ্ৰা, অবিনাশ চেৱল, শিৱপাল সিং, ভাৱনা জাট আৰু ৪×৪০০ মিটাৰ মিক্সড ৰিলে দলটো।
উল্লেখ্য যে ১৫ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈকে অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ বাবে এথলিটসকলৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ অন্তিমসীমা ৭ মাৰ্চ।