Friday, September 30, 2022
HomeNewsমীৰাবাইৰ সৈতে মণিপুৰী নৃত্যত ভাগ ল'লে বলিউদ ষ্টাৰ অমিতাভ বচ্চন আৰু তাৰকা...

মীৰাবাইৰ সৈতে মণিপুৰী নৃত্যত ভাগ ল’লে বলিউদ ষ্টাৰ অমিতাভ বচ্চন আৰু তাৰকা বক্সাৰ নিখাত জাৰিনে

মীৰাবাইৰ সৈতে মণিপুৰী নৃত্যত ভাগ ল’লে বলিউদ ষ্টাৰ অমিতাভ বচ্চন আৰু তাৰকা বক্সাৰ নিখাত জাৰিনে

অলিম্পিয়া প্ৰতিবেদন:

কোন বেনেগা কৌৰপতিত দুগৰাকী তাৰকা খেলুৱৈ । মীৰাবাই চানুৰ সৈতে মণিপুৰী নৃত্যত ভাগ ল’লে বলিউদ ষ্টাৰ অমিতাভ বচ্চন আৰু তাৰকা বক্সাৰ নিখাত জাৰিনে ।

বৰ্তমান ভাৰতীয় টেলিভিছনৰ এক জনপ্ৰিয় শ্ব’ হ’ল— ‘কৌন বেনেগা কৌড়পতি’ — য’ত মূল আকৰ্ষণ হ’ল বলিউডৰ ছুপাৰ ষ্টাৰ অমিতাভ বচ্চন । ‘কৌন বনেগা কৌড়পতি’ৰ চলিত ছিজনৰ এটা খণ্ডত দেখা গ’ল উত্তৰ পূৰ্বাঞ্চলৰ জীয়ৰী তথা অলিম্পিকত স্বৰ্ণ পদকজয়ী মীৰাবাই চানু আৰু বিশ্ব চেম্পিয়ন নিখাত জাৰিনক ।

ভাৰোত্তোলক মীৰাবাই চানুৱে এই অনুষ্ঠানৰ মাজতে অমিতাভ বচ্চনক মণিপুৰী নৃত্য পৰিৱেশন কৰিবলৈ অনুৰোধ জনায় । সেই অনুৰোধ ৰক্ষা কৰি বিগ বিয়ে মীৰাবাই আৰু নিখাত জাৰিনৰ সৈতে “থাবাল চোংবা ” পৰিবেশ কৰিলে । ইয়াকে লৈ উৎসাহিত হৈ পৰিল উত্তৰ পূৰ্বাঞ্চলৰ জীয়ৰী মীৰাবাই চানু । তেওঁ অনুষ্ঠানটোৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি লিখিলে এনেদৰে, “সপোন পূৰ্ণ হ’ল । বলিউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চন চাৰৰ সৈতে কে বি চিৰ মঞ্চত মণিপুৰী নৃত্য ‘থাবাল চোংবা’ নৃত্য কৰিলো ।”

উল্লেখযোগ্য যে, কৌন বনেগা কৌৰপতিত বিগ বিয়ে মণিপুৰৰ ইয়োচাং মহোৎসৱত পৰম্পৰাগত নৃত্য প্ৰদৰ্শনৰ বিষয়ে এক প্ৰশ্ন কৰিছিল । চানু সেই ৰাজ্যৰে হোৱা বাবে উত্তৰটো অৱগত আছিল । সেই সূত্রে থাবাল চোংবাৰ প্ৰংসগ ওলাল । এই নৃত্য কিদৰে কৰিব লাগে মীৰাবাইয়ে শিকালে বিগ বি আৰু নিখাত জাৰিনক ।

ইফালে এই নিখাত জাৰিনে তেওঁৰ বক্সিঙৰ কেৰিয়াৰত সহায় কৰা দেউতাক মহম্মদ জামিল আহমেদক কৃতিত্ব প্ৰদান কৰে । নিখাতে এই অনুষ্ঠানত দেউতাকৰ বিষয়ে কয় এনেদৰে ——- ” এতিয়ালৈকে মই লাভ কৰা সকলো পদকৰ যোগ্য মোৰ দেউতা । কাৰণ, মই যি সমাজৰ সৈতে জড়িত, সেই সমাজখনে মহিলাসকলক পুৰুষ প্ৰধান খেল খেলিবলৈ অনুমতি নিদিয়ে । এনে খেলত নাম আৰু খ্যাতি লাভ কৰাটো মোৰ বাবে ডাঙৰ সাফল্য আছিল । মই কেৱল বক্সিঙৰ সৈতে ৰিঙত যুঁজিছো, কিন্তু মোৰ দেউতাই সেই সকল লোকৰ তাচ্ছিল্য শুনিব লগা হৈছিল । ”

এনেদৰে এই অনুষ্ঠানৰ জৰিয়তে বিগ বিৰ সন্মুখত নিখাত জাৰিনে কঠিন বাস্তৱৰ কথা অৱগত কৰিছিল । সেয়া দেখি শুনি নৱপ্ৰজন্মৰ খেলুলৈসকলো হৈ পৰিব উৎসাহিত । এই অনুষ্ঠানত উপস্থিত থাকি আনন্দিত বিশ্ব চেম্পিয়ন নিখাত জাৰিণ । ছচিয়েল মিডিয়াত সেই স্মৰণীয় মুহুৰ্তৰ কথা শ্বেয়াৰ কৰিলে অনুৰাগীসকলৰ মাজত ।

উল্লেখযোগ্য যে, কুইজৰ ওপৰত আধাৰিত ‘কৌন বনেগা কৌৰপতি’ৰ এই খণ্ডটি যোৱা ৫ ছেপ্টেম্বৰত ইতিমধ্যে সম্প্ৰসাৰণ হৈ গৈছে । তাৰকা খেলুৱৈ দুগৰাকীৰ উপস্থিতি আৰু জীৱন সংগ্ৰামৰ বিষয়ে জানি অনুপ্ৰাণিত হৈছে বিশ্বৰ কোটি কোটি ক্ৰীড়া অনুৰাগী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments