মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা কৰিলে ক্ৰীড়া বিভাগৰ আঁচনি ক্ৰীড়াত পেছাদাৰী মনোভাবৰ পোষকতা

অলিম্পিয়াৰ প্ৰতিবেদক ঃ গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে বিভিন্ন সময়ত বিশেষ ভূমিকা পালন কৰি আহিছে। ইয়াৰে এক অংশস্বৰূপে শেহতীয়াকৈ গুৱাহাটীত ক্ৰীড়া বিভাগৰ আঁচনিসমূহৰ এক পৰ্যালোচনা সভাত অংশ লৈ উপযুক্ত পৰিৱেশ সৃষ্টিৰে ক্ৰীড়াত পেছাদাৰী মনোভাব অনাৰ বাবে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ৰীড়া বিভাগক নিৰ্দেশ দিয়ে। ১৬ মে’ত জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে কয়— “ৰাজ্যখনত বহু প্ৰতিভাধৰ খেলুৱৈ আছে আৰু এইসকল খেলুৱৈৰ ক্ৰীড়াশৈলীৰ উন্নয়ন সাধন আৰু উন্নত খেল প্ৰদৰ্শনৰ সুযোগ প্ৰদানৰ উদ্দেশ্যৰে প্ৰয়োজনীয় বাতাৱৰণৰ সৃষ্টি কৰিব লাগিব।” ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে ক্ৰীড়া, বিত্ত আৰু গড়কাপ্টানী বিভাগে একেলগে সহযোগিতাৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মুখ্য মন্ত্ৰীয়ে কয় যে ক্ৰীড়াৰ আন্তঃগাঁথনিমূলক আঁচনিসমূহৰ দ্ৰুত ৰূপায়ণৰ বাবে এনে ধৰণৰ সহযোগিতাৰ অতিশয় প্ৰয়োজন।  এই পৰ্যালোচনামূলক বৈঠকত ক্ৰীড়া বিভাগৰ বিষয়াসকলে মুখ্য মন্ত্ৰীক অৱগত কৰে যে ৰাজ্যখনৰ ক্ৰীড়া খণ্ডত প্ৰতিভাধৰ খেলুৱৈসকলক বিচাৰি উলিওৱাৰ বাবে শীঘ্ৰে স্প’ৰ্টছ অলিম্পিয়াড আয়োজন কৰা হ’ব। তদুপৰি ৰাজ্যখনত এছিয়ান পৰ্যায়ত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে সক্ৰিয়ভাৱে বিবেচনা কৰা হৈছে বুলি ক্ৰীড়া বিভাগৰ বিষয়াসকলে মুখ্য মন্ত্ৰীক অৱগত কৰে। বিভাগৰ বিষয়াসকলে ভোগেশ্বৰ বৰুৱা ক্ৰীড়া বিদ্যালয় শুভাৰম্ভ কৰা, ডিব্ৰুগড় জিলাৰ চাবুৱাত শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন, খণ্ড উন্নয়ন পৰ্যায়ত ফুটবল প্ৰতিযোগিতা  আদি বিভিন্ন পদক্ষেসমূহৰ বিষয়েও মুখ্য  মন্ত্ৰীক অৱগত কৰে। বৈঠকত মুখ্য মন্ত্ৰীক অৱগত কৰে। বৈঠকত মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা হৃষী¸কেশ¸ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া আৰু যুৱ কল্যাণ উপদেষ্টা প্ৰধান সচিব সঞ্জয় লোহিয়া আৰু ক্ৰীড়া বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *