Monday, July 4, 2022
HomeNewsমুখ্য মন্ত্ৰী হিচাপে দায়িত্ব লোৱা হিমন্ত বিশ্ব শৰ্মালৈ শুভেচ্ছা অসম ক্ৰিকেট...

মুখ্য মন্ত্ৰী হিচাপে দায়িত্ব লোৱা হিমন্ত বিশ্ব শৰ্মালৈ শুভেচ্ছা অসম ক্ৰিকেট সন্থাৰ

মঙ্গলবাৰ : বহু আকাংক্ষিত মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মাক অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। অসম ক্ৰিকেট সন্থাই এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে উল্লেখ কৰিছে যে, অসম ক্ৰিকেট সন্থাৰ লগত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক দীৰ্ঘদিনীয়া।

২০০২ চনৰ পৰা ২০১৬ চনলৈ সুদীৰ্ঘ ১৪ বছৰ ধৰি ড০ শৰ্মাই অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও ২০১৬ চনৰ পৰা ২০১৯ চনলৈকে ড০ শৰ্মাই শ অসম ক্ৰিকেট সন্থাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। সভাপতি হিচাপে ড০ শৰ্মাৰ কাৰ্যকালতে অসম ক্ৰিকেট সন্থাই পোন প্ৰথমবাৰৰ বাবে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ২০১৭ চনৰ ১০ অক্টোবৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। এয়া আছিল অসম ক্ৰিকেট সন্থাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।

অসম ক্ৰিকেট সন্থাৰ প্ৰতিটো পদক্ষেপক সদায়েই সমৰ্থন কৰিবলৈ আগ্ৰহী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২০ চনত অসমত আই পি এলৰ মেচ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অৱশ্যে সেই সময়ছোৱাত কৰ’না মহামাৰীৰ বাবে আই পি এলৰ মেচ অনুষ্ঠিত কৰিব পৰা ন’গল। আনহাতে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাতো ড০শৰ্মাই অসম ক্ৰিকেট সন্থাক আৰ্থিক সহায় আগবঢ়াইছিল। অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকাল আৰম্ভ কৰাৰ সময়ছোৱাত ড০ শৰ্মাক অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা শুভকামনা জ্ঞাপন কৰিছে।

অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত আৰু অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শ‌ইকীয়াই এগৰাকী মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সফলতা লাভ কৰাৰ উপৰিও তেওঁৰ দূৰদৰ্শী নেতৃত্বত অসমে উন্নয়নৰ উচ্চ শিখৰত আৰোহণ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments