অলিম্পিয়া প্ৰতিবেদন
মুম্বাই ইণ্ডিয়ানছৰ এসময়ৰ অধিনায়ক আছিল শচীন তেণ্ডুলকাৰ। এই শচীন তেণ্ডুলকাৰৰে পুত্ৰ অৰ্জুন তেণ্ডুলকাৰো এতিয়া মুম্বাই ইণ্ডিয়ানছৰ সদস্য হোৱা দেখিবলৈ পোৱা গৈছে। ফ্ৰেঞ্চাইজিটোৰ লগত ইতিমধ্যে শচীন পুত্ৰ অৰ্জুন ডুবাইত উপস্থিত হৈছে গৈ আৰু নেট অনুশীলন আৰম্ভ কৰিছে। ইতিমধ্যে দলটোৰ এক গ্ৰোপ ফটোত অৰ্জুন তেণ্ডুলকাৰক সকলোৱে প্ৰত্যক্ষ কৰিছে আৰু ইয়াৰ পিছতে সৰৱ চৰ্চা আৰম্ভ হৈছে। শচীন পুত্ৰ অৰ্জুন কেতিয়া দলটোৰ সৈতে চামিল হ’ল তাক লৈয়ো বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে।
দৰাচলতে অৰ্জুন তেণ্ডুলকাৰ এইবছৰ হে যে মুম্বাই ইণ্ডিয়ানছৰ লগত সংযুক্ত হৈছে তেনে নহয়। বিগত বৰ্ষতো অৰ্জুন মুম্বাই ইণ্ডিয়ানছৰ এজন সদস্য আছিল।
প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে নিজৰ বেটছমেনসকলৰ নেট অনুশীলনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ বহু প্ৰতিভাৱান বলাৰ নিয়োগ কৰে। অৰ্থাৎ প্ৰতিটো ফ্ৰেঞ্চাইজিৰ লগত দলৰ খেলুৱৈৰ উপৰিও থাকে নেট বলাৰ। এই নেট বলাৰৰ কাম হৈছে অনুশীলনৰ সময়ত নেটত বল কৰা। শচীনৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰো এগৰাকী নেট বলাৰ হিচাপেই মুম্বাই ইণ্ডিয়ানছৰ লগত ডুবাইলৈ গৈছে।
সকলোকে জনাই থও যে অসমৰো চাৰিজন প্ৰতিভাৱান বলাৰ ৰাজস্থান ৰয়েলছৰ নেট বলাৰ হিচাপে ডুবাইলৈ গৈছে আৰু তেওঁলোকে নেট অনুশীলনত অংশগ্ৰহণ কৰিছে।