অলিম্পিয়া প্ৰতিবেদন
পুনৰ ফৰ্মত কিং কোহলি । পূৰ্বৰ ছন্দত আৰ চি বিৰ প্ৰাক্তন অধিনায়ক । গুজৰাট টাইটানছৰ বিৰুদ্ধে বিৰাটৰ ৰাণৰ পাহাৰ । গুজৰাটক পৰাস্ত কৰি প্লে অফৰ আশাত বন্দী ফাফ ডু প্লেছিছ বাহিনীৰ ।
বৃহস্পতিবাৰে, আই পি এলৰ মৈদানত এখন হাইভল্টেজ মেচত অৱৰ্তীণ ‘হল গুজৰাট টাইটানছ বনাম ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু । প্ৰথমে বেটিং কৰি ৫ উইকেটৰ বিনিময়ত গুজৰাটে সংগ্ৰহ কৰিলে ১৬৮ ৰাণ । গুজৰাটৰ অধিনায়ক হিচাপে হাৰ্ডিক পাণ্ডিয়াই ৪৭ টা বলত ৬২ ৰাণৰ এক সুন্দৰ ইনিংছ খেলে । হাৰ্ডিকৰ ইনিংছটোত আছিল ৪ টা বাউণ্ডেৰী আৰু ৩ টা অভাৰ বাউণ্ডেৰী । সেইদৰে, গুজৰাটৰ দুৰ্ধৰ্ষ বেটাৰ ডেভিড মিলাৰৰ ৩৪ আৰু ঋদ্ধিমান সাহাৰ ৩১ ৰাণে দলটোক অগ্ৰগতি প্ৰদান কৰে ।
এইবাৰ, ১৫৯ ৰাণৰ লক্ষ্য লৈ ক্ৰীজত নামিল ফাফ ডু প্লেছিছ বাহিনী । অপেনাৰ হিচাপে খেলপথাৰত নামিল মহাতাৰকা বিৰাট কোহলি আৰু অধিনায়ক ফাফ ডু প্লেছিছ । এই যুটিয়ে বহুসময় জুৰি আই পি এল অনুৰাগীসকলক বেটিঙৰ যাদুৰে কৰিলে আপ্লুত । মাৰমুখী ৰূপত দেখা গল কিং কোহলিক । বিৰাটে ৫৪ টা বলত ৭৩ ৰাণৰে আৰ চি বিক দিলে ৰাণৰ উপহাৰ । কোহলিৰ ইনিংছত আছিল ৮ টা বাউণ্ডেৰী আৰু ২ টা অভাৰ বাউণ্ডেৰী । সেইদৰে, অপেনাৰ ফাফ ডু প্লেছিছে কোবালে ৩৮ টা বলত ৪৪ ৰাণ । বিৰাট আৰু প্লেছিছৰ বেটিং যুটি আউট হোৱাৰ পাছত খেলপথাৰত নামিল গ্লেন মেক্সৱেল আৰু দিনেশ কাৰ্তিক । দুয়োগৰাকী দুৰ্দান্ত বেটাৰৰ অপৰাজিত ইনিংছৰ জৰিয়তে লক্ষ্যত উপনীত কৰালে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুক । আৰ চি বিৰ হৈ গ্লেন মেক্সৱেলৰ ৰাণৰ অৱদান ৪০ ।
আনহাতে, ১৮ অভাৰ ৪ টা বলতে ২ টা উইকেট হেৰুৱাই আৰচিবিয়ে ১৭০ ৰাণ সংগ্ৰহৰে বিজয় সাব্যস্ত কৰে । অৰ্থাৎ ৮ উইকেটত জয়ৰ মালা পিন্ধিলে ফাফ ডু প্লেছিছ বাহিনীয়ে ।
এই জয়ৰ লগে লগে ১৬ পইন্ট সংগ্ৰহেৰে তালিকাৰ চতুৰ্থ স্থানত আছে আৰ চি বি । দলটোৰ প্লে অফলৈ যোৱাৰ আশা থাকিলেও শনিবাৰে অনুষ্ঠিত হ’ব লগা দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মেচখনৰ ওপৰত নিৰ্ভৰ কৰিছে আৰ চি বিৰ ভৱিষ্যত । কাৰণ দিল্লী কেপিটেলছ এই পৰ্যন্ত ১৬ পইন্টৈৰে পঞ্চম স্থানত থাকিলেও আৰ চি বি তকৈ ৰাণ ৰেট অধিক । গতিকে, গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ পাছত প্লে অফত আৰ চি বিয়ে প্ৰৱেশ কৰিবলৈ মুম্বাইয়ে দিল্লী কেপিটেলছক পৰাস্ত কৰাটো বাঞ্চনীয় । অন্যহাতে পৰৱৰ্তী অন্তিম মেচত যদি দিল্লী কেপিটেলছ জয়ী হয়, তেন্তে আৰ চি বি বাদ পৰি দিল্লী প্লে অফত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে ।
পইন্ট উন্নত হলেও ৰাণ ৰেটৰ সমীকৰণত বাকী কোন দুটা দলে প্লে অফত প্ৰবেশ কৰিব সেয়া কেইটামান দিনত পৰিস্কাৰ হৈ উঠিব ।