অলিম্পিয়া প্ৰতিবেদন
আই পি এলত মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজৰ মেচ ক্ৰিকেট অনুৰাগীৰ বাবে সদায়েই ৰোমাঞ্চকৰ। দুয়োটা দলৰ মজিয়াতেই দেখা পোৱা যায় বিশ্বৰ আগশাৰীৰ ক্ৰিকেটাৰৰ সমাহাৰ। বিশেষকৈ ভাৰতৰ দুই তাৰকা খেলুৱৈ বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই দুয়োটা দলকে সমুখৰ পৰা নেতৃত্ব দিয়া কথাই ক্ৰিকেটপ্ৰেমীক দুগুণে উৎসাহিত কৰে। দুয়োটা দলতে তাৰকা খেলুৱৈৰ সমাহাৰ ঘটিলেও অৱশ্যে পৰিসংখ্যাৰ ফালৰ পৰা ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ বিৰাট নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুতকৈ যথেষ্ট পৰিমাণে আগবাঢ়ি আছে।
এই পৰ্যন্ত দুয়োটা দলেই ২৭ খন মেচত মুখামুখি হৈছে। ইয়াৰে ১৮ খনতেই জয়লাভ কৰিছে মুম্বাইয়ে। তাৰ বিপৰীতে কেৱল ৯ খনতহে বিজয় সাব্যস্ত কৰিছে বেংগালুৰুই।
আই পি এলৰ ইতিহাসত চাৰিবাৰকৈ মুম্বাইয়ে খিতাপ দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে বেংগালুৰুই এই পৰ্যন্ত খিতাপ দখলত ব্যৰ্থ হৈছে।
বৰ্তমান ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বাবে চিন্তাৰ বিষয় হৈ ৰৈছে বলিং বিভাগৰ বিফলতা আৰু অধিনায়ক বিৰাট কোহলিৰ দুৰ্বল ফৰ্ম। ২০২০ৰ আই পি এলত কোহলিৰ এই পৰ্যন্ত প্ৰদৰ্শন সন্তোষজনক নহয়। এই পৰ্যন্ত দুখন মেচত তেওঁৰ ৰান হৈছে ১৪ আৰু ১।
পূৰ্বৰে পৰা বলিঙত দুৰ্বল আৰ চি বি দলটো এইবাৰো মূলতঃ বলিঙৰ বাবেই বেকফুটলৈ যোৱাৰ সম্ভৱনা প্ৰবল। মূলত যুঁজবেন্দ্ৰ চাহালৰ ওপৰত নিৰ্ভৰ দলটোৰ বলিং আক্ৰমণ। দলটোৰ পেচ আক্ৰমণ ডেইল ষ্টেইন আৰু উমেশ যাদৱৰ ওপৰত নিৰ্ভৰশীল যদিও দুয়োজনেই যোৱা খেলকেইখনত যথেষ্ট ৰান ব্যয় কৰা পৰিলক্ষিত হৈছে।
ইফালে, মুম্বাই ইন্ডিয়ানছৰ মুখ্য বলাৰ যজপ্ৰীত বুমৰাহ লীগৰ প্ৰথমখন মেচত বিফল হোৱা কথাই চিন্তাত ৰাখিছে ৰোহিত শৰ্মাক। অৱশ্যে ইয়াৰ বাহিৰে দলটোয়ে অন্যান্য দিশত বিশেষ চিন্তা কৰিবলগীয়া নাই।