মুম্বাই বনাম হাইদৰাবাদ : Head to Head

আই পি এলৰ আজিৰ মেচখনত মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হাইদৰাবাদ। চেন্নাইত অনুষ্ঠিত হ’বলগীয়া আজিৰ মেচখনত দুয়োটা দলকেই শক্তিশালী বুলি ক’ব পাৰি। আই পি এলত এতিয়ালৈকে দুয়োটা দলে মুঠ ১৬ বাৰ মুখামুখি হৈছে আৰু দুয়োটা দলেই ৮ খনকৈ মেচত জয়লাভ কৰাৰ বিপৰীতে সমসংখ্যক মেচত পৰাজিত হৈছে। আনহাতে চলিত ছিজনত মুম্বাই ইণ্ডিয়ানছে দুখন মেচ খেলি এখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিপক্ষে পৰাজিত হোৱাৰ বিপৰীতে কলকাতা নাইটৰাইডাৰ্ছৰ বিৰুদ্ধে জয় লাভ কৰিবলৈ সক্ষম হৈছে। ছানৰাইজাৰ্ছ হাইদৰাবাদেও দুখন মেচ খেলিছে আৰু দুয়োখন মেচতে পৰাজিত হৈছে।

হাইদৰাবাদৰ অধিনায়ক ডেভিড ৱাৰ্নাৰ, মনিষ পাণ্ডে আৰু জনী বেয়াৰষ্ট্ৰ’ৰ বাহিৰে আন কোনো বেটছমেনে ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই। চলিত ছিজনত দুখন মেচত দলটোৰ হৈ মনিষ পাণ্ডেই সৰ্বাধিক ৯৯ ৰান, জনী বেয়াৰষ্ট্ৰ’য়ে ৬৭ ৰান আৰু ৱাৰ্নাৰে ৫৭ ৰান সংগ্ৰহ কৰিছে। অন্যান্য বেটছমেনসকল সম্পূৰ্ণৰূপে বিফল হৈছে। আনহাতে বলাৰৰ ক্ষেত্ৰত বৰ্তমানলৈকে ৰছিদ খান আৰু হ’লদাৰ সৰ্বাধিক উইকেটৰ অধিকাৰী হৈছে। দলটোৰ ঋদ্ধীমান সাহা, বিজয় শংকৰ ফৰ্মত নাই। আনহাতে ভূৱনেশ্বৰ কুমাৰ আৰু টি।নটৰাজনে বৰ্তমানলৈকে বিশেষ গুৰুত্বপূৰ্ণ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হোৱা নাই।

আজিৰ মেচত জয়লাভ কৰিবলৈ দুয়োটা দলেই বিশেষ ৰণনীতি তৈয়াৰ কৰিব লাগিব। বিশেষকৈ বেটছমেনৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে যোৱা দুখন মেচত পৰাজিত হ’বলগীয়া ডেভিড ৱাৰ্নাৰে কিদৰে আজিৰ দলটো গঠন কৰে সেয়া লক্ষণীয় হ’ব। দল নিৰ্বাচনৰ ওপৰতেই হাইদৰাবাদৰ জয়ৰ সম্ভাৱনীয়তা নিৰ্ভৰ কৰিব। ইয়াৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছে দলৰ কোনো সালসলনি নকৰে বুলি ধাৰণা কৰা হৈছে। বেটিঙত সূৰ্য্য কুমাৰ যাদৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। ক্ৰোণাল পাণ্ডিয়া আৰু হাৰ্ডিক পাণ্ডিয়াইয়ো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। বলিঙৰ ক্ষেত্ৰতো বলাৰ সকলে আশা কৰা ধৰণেই বলি
কৰিবলৈ সক্ষম হৈছে। সেয়ে দলটোৰ কোনো সালসলনি নকৰাকৈ খেল পথাৰত নামিব বুলি আশা কৰা হৈছে।

পিটছৰ ফালে মন কৰিলে দেখা যায় যে পিটছখন স্পীনাৰৰ সহায়ক হ’ব। বৰ্তমানলৈকে এইখন খেল পথাৰত চাৰিখন মেচ অনুষ্ঠিত হৈছে, ইয়াৰে প্ৰথমে বেটিং কৰা দলটোৱে তিনিবাৰ আৰু প্ৰথমে বলিং কৰা দলে এবাৰ জয়লাভ কৰিবলৈ সক্ষম হৈছে। চলিত ছিজনত এইখন গ্ৰাউণ্ডত বৰ্তমানলৈকে ৬২ টা উইকেট পতন হৈছে। ইয়াৰে ২০ টা উইকেট স্পীনাৰে দখল কৰিছে।

ষ্টেডিয়ামখনত মুঠ টি-২০ মেচ অনুষ্ঠিত হৈছে ৮৬ খন। ইয়াৰে ৫০ খনত প্ৰথমে বেটিং কৰা দলে জয়লাভ কৰিছে। প্ৰথম ইনিংছত সৰ্বাধিক স্ক’ৰ ৫ উইকেটত ২৪৬ ৰান। ২০১০ চনত চেন্নাই চুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হোৱা মেচত এই বৃহৎ স্ক’ৰ সংগৃহীত হৈছিল। আনহাতে সৰ্বনিম্ন স্ক’ৰ হৈছে ৭০ ৰান। ২০১৯ চনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু চেন্নাই চুপাৰ কিংছৰ মাজত অনুষ্ঠিত হোৱা মেচত এই স্ক’ৰ সংগৃহীত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *