Monday, October 3, 2022
HomeMiscellaneousমৃত্যুভয়ৰ দৌৰৰ পৰা Îট্ৰকৰ দৌৰলৈ এক অকল্পনীয় যাত্ৰা কেনেকৈ মিলখা হ’লগৈ...

মৃত্যুভয়ৰ দৌৰৰ পৰা Îট্ৰকৰ দৌৰলৈ এক অকল্পনীয় যাত্ৰা কেনেকৈ মিলখা হ’লগৈ ‘ফ্লায়িং শিখ’

✍️ পূৰ্ণানন্দ নেওগ

পাকিস্তানৰ এখন অখ্যাত গাঁও গোবিন্দপুৰ। দেশ বিভাজনৰ পিছৰ ভয়াৱহ সময়ছোৱাৰ সাক্ষী সেই সময়ৰ পাকিস্তান আৰু ভাৰত। উভয় দেশৰে এনে বহু অখ্যাত গাঁও আৰু চহৰ। উভয় দেশৰে সীমান্তৱৰ্তী অঞ্চলসমূহত তেতিয়া মৃত্যুভয় দেখুৱাই ধৰ্মান্তৰকৰণৰ কুটিল ৰাজনীতিৰ প্ৰচলনে সাধাৰণ শ্ৰেণীৰ লোকৰ জীৱন দুৰ্বিষহ কৰি তুলিছিল। গোবিন্দপুৰ আছিল তেনে পৰিৱেশৰে এখন গাঁও। য’ত তেৰ বছৰীয়া মিলখাই মাক-দেউতাক আৰু ভাই-ভনীৰ সৈতে জীৱন যাপন কৰিছিল। গোবিন্দপুৰ আছিল হিন্দু ধৰ্মাৱলম্বী অধ্যুষিত এটা অঞ্চল। স্বাভাৱিকতেই ধৰ্মীয় উন্মাদনাত বিশ্বাসী এজাক মানুহৰ লক্ষ্য হৈ পৰিছিল গোবিন্দপুৰ। অঞ্চলটোৰ সকলোকে ধৰ্মান্তৰিত কৰি ইছলাম ধৰ্মত দীক্ষিত কৰাৰ বাবে ভাবুকি প্ৰদান কৰা হ’ল। কিন্তু গোবিন্দপুৰৰ জনসাধাৰণ নিজৰ ধৰ্ম ত্যাগ কৰিবলৈ প্ৰস্তুত নাছিল আৰু এদিন নিজৰ ধৰ্ম ৰক্ষাৰ মূল্য দিব লগা হয় অঞ্চলবাসীয়ে। এদিন নিশা জুইৰ লেলিহান শিখাই ছানি ধৰিলে গোবিন্দপুৰক। ধৰ্মীয় উন্মাদনাত অন্ধ এদল লোকৰ আক্ৰমণত সমগ্ৰ গোবিন্দপুৰেই প্ৰায় নিঃশেষ হৈ গ’ল। মিলখাৰ ঘৰৰ পদূলি তেজেৰে ৰঙা হৈ পৰিল। নিজৰ মাক-দেউতাকৰ ক্ষত-বিক্ষত দেহ, ভায়েক আৰু বায়েকহঁতৰ তেজে তুমৰলি দেহৰ মাজত নিজে দিক্‌বিদিক্‌ হেৰুৱাই বলিয়াৰ দৰে হৈ পৰা মিলখা সিদিনা নিশা কেৱল দৌৰিছিল প্ৰাণৰ মমতাত। পাছলৈ ঘূৰি চোৱাৰ সাহস সেই সময়ত নাছিল কিশোৰ মিলখাৰ। কোন মুহূৰ্তত তৰোৱালৰ আঘাতে শৰীৰ ক্ষত-বিক্ষত কৰিব তেনে এক শংকাত শৰীৰৰ সমস্ত শক্তিৰে কেৱল দৌৰিছিল তেৰ বছৰীয়া কিশোৰ মিলখা। দৌৰি দৌৰি পাকিস্তানৰ পৰা আহি পাইছিলহি ভাৰত সীমান্ত। সেই দৌৰ আছিল মৃত্যুভয়ৰ। মৃত্যুভয়ৰ সেই দৌৰৰ পৰা গৈ Îট্ৰকৰ দৌৰলৈ মিলখাৰ যি যাত্ৰা সেই যাত্ৰাই বহন কৰিছে ধৈৰ্য, সাহস আৰু একাগ্ৰতাৰ এক অপূৰ্ব নিদৰ্শন।

চকুৰ সমুখতে পিতৃ-মাতৃ, ভাতৃ-ভগ্নীৰ মৃত্যু দেখাৰ বিভীষিকাময় অভিজ্ঞতাৰ পিছৰ জীৱন জানো সহজ হ’ব পাৰে· খং, ক্ষোভ, ঘৃণা, প্ৰতিশোধৰ ভাবে কিশোৰ মিলখাৰ মনটোক ছানি ধৰিছিল সেই সময়ত। ডকাইত হোৱাৰ সপোন  স্থিৰ কৰি লৈছিল মিলখাই। কয়লা চুৰিৰ দৰে কামতো জড়িত হোৱাৰ পিছত এক অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি লৈছিল মিলখাৰ জীৱনে। কিন্তু এনে এক সময়তে মিলখাৰ একমাত্ৰ জীৱিত ককায়েকে মিলখাক উদ্ধাৰৰ বাবে দুহাত আগবঢ়াই দিছিল। ককায়েকৰ পৰামৰ্শ মতেই অৱশেষত অন্ধকাৰ সময়ৰ পৰা নিজকে উদ্ধাৰ কৰি নতুন সপোন দেখাৰ অৱকাশ পালে মিলখাই। ভাতৃৰ অনুপ্ৰেৰণাত মিলখাই সেনাবাহিনীত যোগ দিলে। ইয়াৰ পূৰ্বে খেলা-ধূলা সম্পৰ্কে সম্যক ধাৰণাও নাছিল মিলখাৰ। সেনাবাহিনীৰ কঠোৰ নীতি-নিয়ম, শৃংখলা, পৰিশ্ৰম আৰু এথলেটিক্‌ছ চৰ্চাই ক্ৰমাৎ মিলখাৰ খেলুৱৈ জীৱনৰ ভেটিটো প্ৰতিষ্ঠা কৰিলে। মূলতঃ মিলখাৰ জীৱনলৈ ভাতৃৰ পুনৰাগমন তথা সেনাবাহিনীত যোগদানেই মিলখাৰ খেলুৱৈ জীৱনৰ টাৰ্নিং পইণ্ট বুলি অভিহিত কৰিব পাৰি।

সেনাবাহিনীৰ প্ৰশিক্ষণৰ সময়ত দৌৰাটো দৈনন্দিন কাৰ্যসূচী আছিল। গাঁৱৰ পৰা অহা ল’ৰা হিচাপে দৌৰ সম্পৰ্কে কোনো ধাৰণা নাছিল মিলখাৰ। তথাপি গতিত তীব্ৰতা আছিল বাবেই মিলখাৰ দৌৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল সকলোৰে। ১৯৫৬ চনৰ মেলবৰ্ন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰে যদিও অনভিজ্ঞ মিলখাই বিশেষ উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়াব পৰা নাছিল। সফলতালৈ তেতিয়াও কিছুদূৰ বাকী। পুনৰ চলিল কঠোৰ অনুশীলন। ১৯৫৮ চনত কটকত হোৱা ৰাষ্ট্ৰীয় খেলত ২০০ আৰু ৪০০ মিটাৰ শাখাত  ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে। ১৯৫৮ চনতে অনুষ্ঠিত কমনৱেল্‌থ গেমছতো সোণৰ পদক দখল কৰি জীৱনৰ প্ৰথমটো বৃহৎ সাফল্যৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হয়। সেয়া আছিল স্বাধীনোত্তৰ ভাৰতৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক। ১৯৬০ চনত পাকিস্তানত অনুষ্ঠিত এখন দৌৰ প্ৰতিযোগিতাত পাকিস্তানৰ দৌৰবিদ আব্দুল খালিফক হৰুৱাই মিলখাই সেই সময়ৰ পাকিস্তানৰ জেনেৰেল আয়ুব খানৰ পৰা লাভ কৰে ‘ফ্লাইং শিখ’ উপাধিটো। সেই সময়ত মিলখা এনে এক পৰ্যায়ত আছিল যে সমগ্ৰ ভাৰতবাসীয়ে ১৯৬০ চনত ৰোমত হ’বলগীয়া অলিম্পিকত মিলখাৰ ৰূপত স্বৰ্ণ জয়ৰ সপোন ৰচাৰ সুযোগ পাইছিল। মিলখাই অলিম্পিকত স্বৰ্ণ জিকাটো প্ৰায় নিশ্চিত আছিল। নিজৰ ৰেচৰ সময়ছোৱাত প্ৰথম দুশ মিটাৰ সময়তকৈ আগতে থকা মিলখা কি কাৰণে চতুৰ্থ স্থানতে থমকিব লগা হ’ল· নিজৰ আত্মজীৱনী ‘দ্য বেছ অৱ মাই লাইফ’ত তেওঁ নিজেই কৈছে যে ২৫০ মিটাৰ অতিক্ৰম কৰালৈকে তেওঁ সকলোতকৈ আগত আছিল যদিও তেওঁ সেই গতিবেগত শেষলৈকে দৌৰ অব্যাহত ৰাখিব নোৱাৰিব বুলি আশংকা কৰি হঠাৎ দৌৰৰ গতি কমাই দিছিল, যিটো কথাৰ বাবে বাৰে বাৰে এতিয়াও অনুশোচনাত ভোগে তেওঁ। অৱশ্যে সময়ে মিলখাৰ এই খং, ভুল সকলো মচি ক্ৰীড়াৰ মানচিত্ৰত এক সমুজ্জ্বল তাৰকা হিচাপে চিৰদিনলৈ প্ৰতিষ্ঠা কৰিলে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments