Thursday, July 7, 2022
HomeNewsমৃত্যুৰ সতে যুঁজি জীৱনৰ জয়গান গোৱা এগৰাকী জাপানী ছুইমাৰৰ জীৱনগাঁথা

মৃত্যুৰ সতে যুঁজি জীৱনৰ জয়গান গোৱা এগৰাকী জাপানী ছুইমাৰৰ জীৱনগাঁথা

অলিম্পিয়া প্ৰতিবেদন:  প্ৰকৃততে মানুহৰ বাবে অসাধ্য একো নাই — এই কথাকে প্ৰমাণ কৰি এগৰাকী খেলুৱৈয়ে কেৱল মৃত্যুক জয় কৰাই নহয়, আজি তেওঁ হৈ পৰিছে প্ৰেৰণাৰ প্ৰতীক । দৃঢ় সংকল্প, প্ৰচণ্ড মনোবল , সাহস আৰু পৰিশ্ৰমৰ দ্বাৰা যে জীৱনৰ কঠোৰতম বাধা আৰু সমস্যাক মানুহে জয় কৰিব পাৰে তাকেই প্ৰমাণ কৰি দেখুৱালে জাপানৰ এগৰাকী খেলুৱৈয়ে । নাম তেওঁৰ ৰিকাকো ইকী ।

ইকীয়ে মাত্ৰ ৩ বছৰ বয়সৰ পৰাই ছুইমিং পুলত সাতুৰিবলৈ আৰম্ভ কৰিছিল । মাত্ৰ ৫ বছৰ বয়সতে ফ্ৰীষ্টাইল, বেকস্ট্রোক , বাটাৰফ্লাই , আৰু ব্ৰেষ্টস্ট্রোক– এই চাৰিটা ষ্টাইলতে ৫০ মি: ত পাৰ্গত হৈ উঠিছিল তেওঁ । ২০১৪ চনৰ মাৰ্চ মাহত অনুষ্ঠিত জে ও চি স্প্ৰীং ছুইম মীটত ইকীয়ে ৫০ মি: আৰু ১০০ মি: ফ্ৰী ষ্টাইল ইভেণ্টত স্বৰ্ণ পদক আৰু ৫০ মি: বাটাৰ ফ্লাই ইভেণ্টত স্বর্ণ পদক অৰ্জন কৰি জুনিয়ৰ হাইস্কুল অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল ।

আৰু অধিক পঢ়ক

২০১৪ চনত টকিঅ’ত অনুষ্ঠিত বিশ্বকাপ ছুইমিঙত এইগৰাকী জলপৰীয়ে জাপানৰ হৈ পোনপ্ৰথমবাৰৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিছিল । ইকীৰ অলিম্পিক অভিষেক ঘটিছিল ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত । য’ত তেওঁ ৭ টা ভিন্ন ইভেণ্টত অংশগ্ৰহণ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল আৰু যিটোৰ বাবে আন কোনো জাপানীজ খেলুৱৈৰ বাবে ডাঙৰ সংখ্যা । ২০১৭ চনত অনুষ্ঠিত ৯৩ সংখ্যক জাপান ছুইমত ইকীয়ে ৫ টা স্বৰ্ণ পদক অৰ্জন কৰি পূৰ্বৰ অভিলেখ ভংগ কৰিছিল ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

পৰৱৰ্তী সময়ত ৯৪ সংখ্যক জাপান ছুইমত ৪ টা ইভেণ্টত ইকীয়ে ৬ টা জাপানীজ অভিলেখ ভংগ কৰিছিল । ২০১৭ চনত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত তেওঁ শ্ৰেষ্ঠ মহিলা সাঁতোৰবিদৰ খিতাপ দখল কৰে । ২০১৮ চনৰ এছিয়ান গেমছত ইকীয়ে ৬ টা স্বৰ্ণ পদক আৰু ২ টা ৰূপৰ পদক অর্জনেৰে জাপানৰ সৰ্বকালৰ অভিলেখ ভংগ কৰা প্ৰথমগৰাকী সন্তৰণবিদৰ সন্মান অর্জন কৰে ।

কিন্তু হঠাৎ যেন কালধুমুহা নামি আহিল ইকীৰ জীৱনলৈ । ২০২০ চনত টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক অর্জনৰ বাবে দেখা সপোন যেন নিমিষতে মৰহি গ’ল । ২০১৯ চনত অষ্ট্ৰেলিয়াৰ এক ট্ৰেইনিং কেম্পত হঠাৎ অসুস্থ হৈ পৰে খেলুৱৈগৰাকী । স্বাস্থ্য পৰীক্ষাৰ অন্তত ডাক্তৰে তেওঁৰ দেহত দুৰাৰোগ্য। ৰক্তৰ কৰ্কট ৰোগ বা লিউকেমিয়া (leukaemia) ৰ উপস্থিতিৰ কথা ঘোষণা কৰে ।

ভৱিষ্যতক লৈ সোণালী সপোন দেখি থকা ইকীৰ যেন এটাৰ ৰাতিৰ ভিতৰতেই সকলো সলনি হৈ গ’ল !
ইকী হতাশ হৈ পৰিল । চকুৰ সন্মুখতে জীৱনৰ একমাত্ৰ লক্ষ্য হেৰাই যোৱাৰ উপক্ৰম হ’লে কেনে অনুভৱ হয় সেয়া এগৰাকী খেলুৱৈযেহে বুজিব পাৰে । ইকীৰ ভাষ্য, ” এটা সময়ত মই মৃত্যু কামনা কৰিছিলো । মই ভাবিছিলো ইমান বিষ সহ্য কৰি থকাতকৈ মৃত্যুয়েই শ্ৰেয় । কিন্তু এতিয়া সেই কথা ভাবিলে মোৰ অনুশোচনা হয় যে মই এদিন তেনেদৰেও ভাবিছিলো ! মোৰ অসুস্থতাৰ পৰা বহুখিনি শিকিব পাৰিছো ।

এতিয়া জানো যে মই ক’ত থিয় হৈ আছো, মই মোৰ জীৱনটো কেনেকৈ জীয়াম । এয়া হ’ব মোৰ জীৱনৰ এটা বৃহৎ পৰিঘটনা ।” মানসিকভাৱে কিমান শক্তিশালী হ’লে এনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত ব্যক্তি এগৰাকীয়ে এনেদৰে ভাবিব পাৰে ! ইকীৰ মতে একমাত্ৰ আশাই মাত্ৰ আমাক আগুৱাই যাবলৈ প্ৰেৰণা যোগায় । লাগিলে এই ৰাস্তা যিমানেই কঠিন নহওক কিয় । সেয়ে ইকীয়ে কেতিয়াও আশা এৰি দিয়া নাছিল ।

মৃত্যুৰ সৈতে যুঁজি যুঁজি এটা সময়ত তেওঁ সুস্থ হৈ ঘৰলৈ উভতিল যদিও শাৰিৰীকভাবে অতি দুৰ্বল হৈ পৰিল। ওজন হ্ৰাস পালে ১৫ কে জিলৈ । তথাপি ইকী মানসিকভাবে দুৰ্বল হোৱা নাছিল । পুনৰ দুগুণ উৎসাহেৰে অনুশীলন আৰম্ভ কৰিলে ২০২৪ ত পেৰিচত হ’বলগা অলিম্পিকত পদক আজুৰি আনিবৰ বাবে । সেই সময়তেই ইকীৰ বাবে আহিল এটা ভাল খবৰ ।

২০২০ ত টকিঅ”ত হ’বলগা অলিম্পিক গেমছ কোভিডৰ বাবে ২০২১ লৈ পিছুৱাই দিয়া হৈছে আৰু ২০২১ৰ টকিঅ’ অলিম্পিকত ২০০ মি: ফ্ৰী ষ্টাইল ৰিলে টীমলৈ ইকীয়ে যোগ্যতা অর্জন কৰিছে । ইয়াৰ লগে লগে ইকীয়ে অলিম্পিকত জাপানীজ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ’ল । ইকীৰ ভাষাত ” মই নাজানো এয়া মোৰ জাপানীজ ৰেকৰ্ড নে বিশ্ব ৰেকৰ্ড । মই মাথোঁ মোৰ হৃদয়ৰ পৰা অনুভৱ কৰিব পাৰিছো যে মই এগৰাকী সুখী ছুইমাৰ । ”
ইকীৰ সংগ্ৰামী জীৱন গাঁথা সমগ্ৰ বিশ্ববাসীৰ বাবে প্ৰেৰণা হৈ ৰ’ব । যাৰ খেলৰ প্ৰতি থকা অগাধ ভালপোৱাই মৃত্যুকো কৰিব পাৰে জয় । জাপানৰ এইগ

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments