অলিম্পিয়া প্ৰতিবেদন
ক্ৰমাৎ মৃত্যুৰ বিভীষিকাই যেন গ্ৰাস কৰি আনিছে বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰ । দুখৰ উপৰি অহা দু:খবৰে শোকাগ্ৰস্ত কৰি ৰাখিছে ক্ৰীড়াপ্ৰেমীক । সৌসিদিনা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ এণ্ড্ৰিউ ছাইমণ্ডছে পথ দুৰ্ঘটনাত অকালতে মৃত্যুক আকোৱালি লোৱাৰ পাছত এইবাৰ এগৰাকী প্ৰ তিভাবান ফুটবলাৰে জীৱন নাট সামৰিলে । ক্ৰিকেটেই হওক বা ফুটবলেই নহওক কিয় এক অজান দেশলৈ বাট লৈছে ইজনৰ পাছত সিজন খেলুৱৈয়ে । স্পেইনৰ আগশাৰীৰ ফুটবল ক্লাব এফ চি
বাৰ্ছিলোনা “বি” টিমৰ যুৱ খেলুৱৈ মেক্সি ৰোলন । আৰ্জেণ্টিনাৰ এই খেলুৱৈ জনৰ বয়স মাত্ৰ ২৭ বছৰ । যোৱা শনিবাৰে এটি পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় যুৱ ফুটবলাৰজনে । অতি কম বয়সতে যুৱ খেলুৱৈজনৰ অন্ত পৰিল জীৱনৰ জ্যোতি । যোৱা দেওবাৰে টুইটাৰ যোগে বাৰ্ছিলোনাই জনালে এই বাতৰি । যি বাতৰি কাৰো নাছিল কাম্য । তাৰ পাছতে শোকত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ ফুটবলপ্ৰেমী ।
২০১০ ৰ পৰা ২০১৬ পৰ্যন্ত বাৰ্ছিলোনা যুৱ একাডেমীত অংশীদাৰ হোৱা ৰোলেনে বয়স ভিত্তিক দলৰ সকলো খেল শেষ কৰে । সেই খেলসমূহ খেলাৰ পাছতে তেওঁ স্থান পায় বাৰ্ছিলোনা বি টিমত । ১৯ বছৰ অনূৰ্ধ্ব বাৰ্ছিলোনা দলৰ হৈ দক্ষতা প্ৰকাশ কৰা ৰোলেনে বিজয় সাব্যস্ত কৰে লীগ আৰু ওয়েফা যুৱ লীগ । য’ত তেওঁৰ ২৪ খন মেচৰ ভিতৰত গলৰ অৱদান আছিল দুটা ।
ইয়াৰ পাছতে ৰোলেনে বাৰ্ছিলোনা এৰি যোগ দিয়ে ব্ৰাজিলৰ ছান্টোছ ক্লাবত । এই যাত্ৰা যেন অন্ত নাছিল ইমান সহজে । মুকলি কৰি গৈছিল ইটোৰ পাছত সিটো বাট । স্পেইন, ইকুৱেডৰ, চিলি, ইৰাক আদিকে ধৰি নিজৰ স্থান দখল কৰিবলৈ সক্ষম হ’ল আৰ্জেণ্টিনা দলতো ।
আৰ্জেণ্টিনা ২০ বছৰ অনূৰ্ধ্ব দলৰ হৈ তেওঁ ২০১৫ বৰ্ষত সাব্যস্ত কৰে দক্ষিণ আমেৰিকান যুৱ চেম্পিয়নৰ খিতাপ । কিন্তু নিষ্ঠুৰ নিয়তিৰ কি যে অদ্ভুত বিচাৰ ! নেদেখাজনে যেন নিবিচাৰিলে উদিত ফুটবলাৰজন জীয়াই থকাতো । যাৰ পৰিণতিত অতি কম বয়সতে ইতি পৰিল এক সুন্দৰ জীৱনৰ অধ্যায় ।