Monday, July 4, 2022
HomeNewsমেন ইন ব্লুৰ হাতত পৰাভূত আফ্ৰিকান বাহিনী

মেন ইন ব্লুৰ হাতত পৰাভূত আফ্ৰিকান বাহিনী

অলিম্পিয়া প্ৰতিবেদন

অৱশেষত জয়ৰ মুখ দেখিলে টীম ইণ্ডিয়াই । মেন ইন ব্লুৰ হাতত পৰাভূত আফ্ৰিকান বাহিনী । চাহালৰ স্পীন বলিঙত বিধ্বস্ত টীম দক্ষিণ আফ্ৰিকা ।

ভাৰত -দক্ষিণ আফ্ৰিকাৰ মাজত অব্যাহত আছে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা । প্ৰথম দুখন মেচত ভাৰতীয় দলটো পৰাজিত হোৱাৰ পাছত মঙলবাৰে তৃতীয়খন মেচত ৪৮ ৰাণত পৰাস্ত কৰে দক্ষিণ আফ্ৰিকাক ।
টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ঋষভ পন্ট নেতৃত্বৰ ভাৰতীয় দলটোৱে । প্ৰথমে খেলপথাৰত নামি ৫ টা উইকেটৰ বিনিময়ত ভাৰতে সংগ্ৰহ কৰিলে ১৭৯ ৰাণ । ভাৰতৰ হৈ ৰিতুৰাজ গায়কোৱাড আৰু ঈশান কিষাণে অৰ্জন কৰিলে অৰ্ধশতক ।

বলিঙত ভাৰতীয় বলাৰে দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । অক্ষৰ পেটলে আফ্ৰিকান বেটাৰ টেম্বা বাভুমাক ৮ ৰাণতে পেভেলিয়নলৈ উভতাই পঠায়। সেইদৰে, ২৩ ৰাণত হৰ্ষল পেটেলৰ চিকাৰ হয় হেণ্ডিক্স । ৰ’ছি ভান ডুৰে ডুছেন আৰু প্ৰিটোৰিয়াছৰ উইকেট দখল কৰিলে চাহালে।
৫ উইকেট হেৰুৱাই দিশহাৰা হয় দক্ষিণ আফ্ৰিকাৰ দলটো । গোটেই বোজা ক্লাছেনৰ ওপৰত আছিল । পিছে তেওঁ চাহালৰ দুৰ্ধৰ্ষ বলিঙৰ কোবত ২৯ ৰাণ কৰিয়েই ইনিংছ সামৰিলে ।
উল্লেখযোগ্য যে, লেগ স্পীনাৰ যুজবেন্দ্ৰ চহলে মুঠ ৩ টা উইকেট দখল কৰিবলৈ সক্ষম হয় ।ইফালে ৱেইন পাৰনেলৰ অপৰাজিত 22 ৰাণ সংগ্ৰহেৰে মুঠ ১৩১ ৰাণতে থমকিল দক্ষিণ আফ্ৰিকা । অৱশেষত ১৯.১ অভাৰত অলআউটেৰে বিজয় পথ থমকিল টীম দক্ষিণ আফ্ৰিকাৰ । ইয়াৰ ফলত চলিত টি-২০ শৃংখলাত ৪৮ ৰাণত জয়ী হ’ল ঋষভ পন্ট বাহিনী ।
পিছে ভাৰতৰ এই জয় সাব্যস্ত কৰিলেও ৫ খন খেলৰ শৃংখলাত ২-১ ব্যৱধানত আগবাঢ়ি আছে দক্ষিণ আফ্ৰিকা ।

ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ আশা– শৃংখলাটোত ভাৰতে কৰক উন্নত প্ৰদৰ্শন । ঋষভ পন্থৰ নেতৃত্বত ভাৰতীয় দলে দিয়ক শৃংখলা জয়ৰ সোৱাদ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments