Tuesday, October 4, 2022
HomeNewsমে পল দ' পল কা শ্বায়ৰ হু.....

মে পল দ’ পল কা শ্বায়ৰ হু…..

✍️যুগললোচন দাস

স্বাধীনতা দিৱসৰ সন্ধিয়া নীৰৱতাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে টীম ইণ্ডিয়াৰ কেপ্টেইন কুল মহেন্দ্ৰ সি ধোনিয়ে। যোৱা কিছুদিনৰ পৰা ধোনিৰ কেৰিয়াৰক লৈ চলি আহিছিল জল্পনা কল্পনা। ক’ৰনা ভাইৰাছৰ বাবে সকলো স্তব্ধ। শূন্যতা খেল পথাৰতো। কেতিয়ালৈ খেলবোৰ নিয়মীয়াভাবে আৰম্ভ হয় তাৰো নিশ্চয়তা নাই। সেইবাবেই হয়তো ধোনিয়ে অৱসৰ লোৱাৰ এয়াই উপযুক্ত সময় বুলি বিবেচনা কৰিলে। ইনষ্টাগ্ৰামত ধোনিয়ে ‘কভি কভি’ ছবিৰ মুকেশৰ সেই জনপ্ৰিয় গীত ‘মে পল দো পল কা শ্বায়ৰ হু….’ গীতৰ এক ভিডিঅ’ শ্লাইডৰে নিজৰ অৱসৰৰ কথা ঘোষণা কৰে দেশবাসীক।

“ধন্যবাদ আপোনালোকে মোক যথেষ্ঠ সমৰ্থন জনালে। ৭.২৯ মিনিটৰ পৰা মই আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সক্ৰিয় ক্ৰিকেটাৰ হৈ নাথাকো। এজন অবসৰ লোৱা খেলুৱৈ।” এনেদৰে শীতলভাৱে ধোনিয়ে ক্ৰিকেটৰ পৰা বিদায় ললে। লগে লগে যৱনিকা পৰিল ১৫ বছৰীয়া এক বৰ্ণিল বৰ্ণাঢ্য কেৰিয়াৰ। উইকেটৰক্ষক তথা আক্ৰমণাত্মক বেটছমেনৰূপে পৰিচিত ধোনিয়ে সুদীৰ্ঘ ২৮ বছৰৰ মূৰত ভাৰতক বিশ্বকাপত চেম্পিয়ন কৰিছিল ২০১১ চনত। তাৰ আগতে ২০০৭ চনত দক্ষিণ আফ্ৰিকাত পাকিস্তানক পৰাস্ত কৰি ভাৰতক প্ৰথমবাৰ টি-টুৱেন্টি বিশ্বকাপত বিজয়ী কৰিছিল। ২০১৪ চনত আই চি চি চেম্পিয়নছ ট্ৰফীতো ভাৰতক বিজয়ী কৰি এক অনন্য ইতিহাস ৰচনা কৰিছিল। আই চি চিৰ তিনিটাকৈ প্ৰধান প্ৰতিযোগিতাৰ বিজয়ী ট্ৰফী জয় কৰা ধোনিয়েই একমাত্ৰ অধিনায়ক। খেলপথাৰত অতি ঠাণ্ডা মগজুৰে খেলক নেতৃত্ব দিয়ে ধোনিয়ে। শ্বাসৰুদ্ধকৰ মুহুৰ্ততো অকনো উত্তেজিত হোৱা কোনেও দেখা নাই। সেইবাবেই ধোনিক কোৱা হয় কেপ্টেইন কুল। তেওঁৰ সাফল্যও ঈৰ্ষনীয়। ধোনিৰ নেতৃত্বত ভাৰতে টেষ্টত ২৭ বাৰ, এদিনীয়াত ১১০ বাৰ আৰু টি-টুৱেন্টিত ৪১ বাৰ জয়ৰ মুখ দেখিছে। চুলিৰ নিত্য নতুন ষ্টাইলেৰে যুৱসমাজত জনপ্ৰিয় হৈ পৰা ধোনিৰ হাতৰ পৰা নিৰ্গত হোৱা ‘হেলিকপ্টাৰ শ্বট’ অতি জনপ্ৰিয়। এই শ্বটত বল বাউণ্ডেৰীৰ বাহিৰলৈ যোৱা চাই দৰ্শক আপ্লুত হৈ পৰে। ছিক্সাৰ কোবোৱাত সিদ্ধহস্ত ধোনি। ‘ছিক্সাৰমেন’ বুলিও সেয়ে কোৱা হয় তেওঁক।

১৯৮১ চনৰ ৭ জুলাইত ধোনিৰ জন্ম ঝাৰখণ্ডৰ ৰাচীত। পিতৃ আৰু মাতৃ হ’ল ক্ৰমে পান সিং আৰু জানকী দেৱী। ডেভ (Dav) স্কুলত পঢ়া সময়ৰ পৰাই ধোনিয়ে ফুটবল আৰু বেডমিণ্টন খেলি ভাল পাইছিল। বিশেষকৈ স্কুলীয়া ফুটবল দলটোৰ গ’লৰক্ষক আছিল কিন্তু এবাৰ স্কুলৰ ক্ৰিকেট দলটোৰ উইকেটৰক্ষকজন খেলিবলৈ নহাত ধোনিক উইকেট কিপিং কৰিবলৈ দিয়া হৈছিল। প্ৰথমবাৰ ক্ৰিকেট টুৰ্ণামেণ্টত খেলি ধোনি খেলটোৰ প্ৰতি আগ্ৰহী হৈ উঠিল আৰু ক্ৰিকেটকে আকোৱালি ল’লে। এবাৰ এখন স্কুলৰ টুৰ্ণামেণ্টত অ’পেনিং কৰি ২১৩ ৰান সংগ্ৰহ কৰিছিল আৰু এই ইনিংছটোৱেই আছিল টাৰ্নিং পইণ্ট। ১৮ বছৰ বয়সত ৰাজ্যিক ঝাৰখণ্ড দলত খেলিবলৈ সুযোগ পোৱৰ পিছত ধোনিয়ে আাৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। ৰাজ্যৰ হৈ ৰঞ্জি, দলীপ আৰু দেওধৰ ট্ৰফী সুন্দৰ প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয় নিৰ্বাচকৰ চকুত পৰিছিল। ভাৰত ‘এ’ দলৰ হৈ কেনিয়া, জিম্বাৱ’য়ে ভ্ৰমণ কৰি চমকপ্ৰদ প্ৰদৰ্শন কৰিছিল। এই প্ৰদৰ্শন চকুত পৰিছিল সেই সময়ৰ অধিনায়ক সৌৰভ গাংগুলীৰ। ফলত ধোনিৰ ৰাষ্ট্ৰীয় দললৈ আগমনৰ পথ মুকলি হৈ পৰিল। ২০০৪-০৫ চনত বাংলাদেশ ভ্ৰমনলৈ যোৱা এদিনীয়া দলত খেলাৰ সুযোগ পায় আৰু শূন্য ৰানতে হৈছিল ৰান আউট। ধোনিৰ জীৱনৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় মেচৰ প্ৰদৰ্শন আশাপ্ৰদ নহ’ল। কিন্তু আত্মবিশ্বাসী ধোনিয়ে পাকিস্তানৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত কৰিছিল চমৎকাৰ প্ৰদৰ্শন। বিশাখাপট্টনমত খেলে ১৪৮ ৰানৰ বিস্ফোৰক ইনিংছ। শ্ৰীলংকাৰ বিৰুদ্ধে জয়পুৰত এদিনীয়াত খেলে সৰ্বোচ্চ অপঃ ১৮৩ ৰানৰ ইনিংছটো। পাকিস্তান ভ্ৰমনতো ধোনিয়েই হৈছিল জয়ৰ নায়ক। ২০১৪ চনত ধোনিয়ে টেষ্টদলৰ নেতৃত্ব ত্যাগ কৰিছিল আৰু ২০১৭ চনত এৰিছিল এদিনীয়াৰ নেতৃত্ব। ২০১৯ চনৰ বিশ্বকাপৰ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা ছেমিফাইনেল আছিল ধোনিৰ অন্তিম এদিনীয়া মেচ। দুৰ্ভাগ্যজনক ভাৱে সেইখন খেলাত ৰান আউট হৈছিল তেওঁ।

ধোনিয়ে ৯০ খন টেষ্টত ৩৮.০৯ গড় ৪৮৭৬ ৰান সংগ্ৰহ কৰিছিল যত শতক ৬ আৰু অৰ্ধশতক ৩৩ টা আছে। সৰ্বোচ্চ ২৪৪ ৰান। এইটোৱেই একমাত্ৰ তেওঁৰ দ্বিশতক। ৩৫০ খন এদিনীয়া খেলি ৫০.৫৯ গড়ে ১০,৭৭৩ ৰান সংগ্ৰহ কৰে ধোনিয়ে। ১০ টা শতকৰ বিপৰীতে আছে ৭৩ টা হাফচেঞ্চুৰী। সৰ্বোচ্চ ১৮৩। টি টুৱেন্টি খেলিছে ৯৮ খন। ৩৭.৬০ গড়ে ২টা অৰ্ধশতকৰে ৰান সংগ্ৰহ কৰিছে ১৬১৭ । উইকেটৰক্ষক হিচাবে ধোনিয়ে টেষ্টত ২৫৬ জনক কেচ ধৰাৰ লগতে ৩৫৬ টা ষ্টাম্পিং কৰিছে। এদিনীয়াত ৩২১ টা কেচৰ লগতে ষ্টাম্পিং ১২৩ টা। টি-টুৱেন্টিত ১৭০ টা কেচ আৰু ৮৩ টা ষ্টাম্পিং।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments