Friday, September 30, 2022
HomeNewsমোহালীত ৰোহিত বাহিনীয়ে পুনৰ খালে উজুটি

মোহালীত ৰোহিত বাহিনীয়ে পুনৰ খালে উজুটি

মোহালীত ৰোহিত বাহিনীয়ে পুনৰ খালে উজুটি

অলিম্পিয়া প্ৰতিবেদন: মোহালীত ৰোহিত বাহিনীয়ে পুনৰ খালে উজুটি । প্ৰথমখন টি-20 মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ পৰাজয় । হাৰ্ডিক পাণ্ডিয়া আৰু কে এল ৰাহুলৰ অৰ্ধশতকেও পৰাজয়ৰ গৰাহৰ পৰা ৰক্ষা নকৰিলে মেন ইন ব্লুক ।

মঙলবাৰে মোহালিত অনুষ্ঠিত হ’ল ভাৰত-অষ্ট্ৰেলিয়াৰ ৩ খন টি – ২০ শৃংখলাৰ প্ৰথম মেচ । এছিয়া কাপত ব্যৰ্থ হোৱা ভাৰতীয় দলটোৰ বাবে বিশ্বকাপৰ পূৰ্বে এই টি-২০ শৃংখলাটো অত্যন্ত গুৰুত্বপূৰ্ণ । পিছে প্ৰথম মেচতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চাৰি উইকেটত পৰাজিত হ’ল টীম ইণ্ডিয়া ।

প্ৰথমে বেটিং কৰি ভাৰতে ৬ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ২০৮ ৰাণ । অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰাক্তন অধিনায়ক বিৰাট কোহলি প্ৰথম মেচত হ’ল ব্যৰ্থ । হিটমেন ৰোহিত শৰ্মাই ৯ টা বলত সংগ্ৰহ কৰিলে মাত্র ১১ ৰাণ । ইফালে এছিয়া কাপত পুৰণি ফৰ্ম ঘূৰাই পোৱা কিং কোহলিৰ ৰাণৰ অৱদান আছিল নিৰাশাজনক । বিৰাটে ৭ টা বলত ২ ৰাণ কৰিয়েই পেভেলিয়নলৈ উভতিল ।

ইয়াৰ বিপৰীতে কে এল ৰাহুলে ৩৫ টা বলত ৫৫ ৰাণৰ এক সুন্দৰ ইনিংছ খেলে । সূৰ্য কুমাৰ যাদৱেও দললৈ ৪৬ ৰাণৰ বৰঙণি আগবঢ়ায় । ভাৰতীয় দলটোৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অদমনীয় প্ৰদৰ্শন আগবঢ়ালে অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই । মাত্ৰ ৩০ টা বলত কেৰিয়াৰৰ শ্ৰেষ্ঠ ইনিংছ খেলি হাৰ্ডিকে সংগ্ৰহ কৰে ৭১ ৰাণ । তেওঁৰ এই বিধ্বংসী ইনিংছটোত আছিল ৭ টা বাউণ্ডেৰী আৰু ৫ টা অভাৰ বাউণ্ডেৰী । ভাৰতৰ ৬ উইকেটৰ পতন ঘটিলেও অষ্ট্ৰেলিয়াৰ বাবে ২০৯ ৰাণৰ লক্ষ্য বান্ধি দিলে ।

হাইস্কৰিং মেচখনত বেটিঙত তাণ্ডৱ দেখুৱালে এৰণ ফিন্স বাহিনীয়ে । অধিনায়ক ফিন্সে ১৩ বলত ৰাণ সংগ্ৰহ কৰিলে ২২ । কেমেৰুণ গ্ৰীণে ৩০ টা বলত অষ্ট্ৰেলিয়াৰ দললৈ বৰঙণি যোগালে ৬১ ৰাণ । মেন অৱ দ্য মেচ গ্ৰীণে ৮ টা চাৰি আৰু ৪ টা ছয় কোবায় । শেষত টীম অষ্ট্ৰেলিয়াক জয়ৰ প্ৰলেপ দিলে বেটাৰ মেথিউ ৱেডৰ ৪৫ ৰাণ আৰু পেট কামিনছৰ ৪ ৰাণৰ অপৰাজিত যুটিয়ে ।

১৯ অভাৰ ২ টা বলতে জয়ৰ লক্ষ্যত উপনীত হ’ল টীম অষ্ট্ৰেলিয়া । ফলত প্ৰথমখন টি- ২০ ত জয়ৰ কৃতিত্বৰে ১-০ ৰ অগ্ৰগতি লাভ কৰিলে কেংগেৰু বাহিনীয়ে । ব্যৰ্থ হ’ল ভাৰতৰ ষ্ট্ৰাইক বলাৰ ভূবনেশ্বৰ কুমাৰ । তেওঁ ৪ অভাৰত ৫২ ৰাণ ব্যয় কৰিও উইকেটৰ মুখ নেদেখিলে । মাত্ৰ অক্ষৰ পেটেলে ৩ টা উইকেট দখল কৰে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বাকী দুখন টি- ২০ মেচ অনুষ্ঠিত হ’ব ২৩ আৰু ২৫ ছেপ্টেবৰত ক্ৰমে নাগপুৰ আৰু হায়দৰাবাদত । ইফালে দুৱাৰ মুখত টি- ২০ বিশ্বকাপ । বিশ্বকাপৰ পূৰ্বে ভাৰত -অষ্ট্ৰেলিয়াৰ এই শৃংখলাটো গুৰুত্বপূৰ্ণ । হয়তো বিশ্বকাপত দল দুয়োটাই কেনেকুৱা প্ৰদৰ্শন কৰিব সেয়া কিছু পৰিমাণে এই শৃংখলাতেই দৃষ্টিগোচৰ হ’ব । ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ আশা — বাকী দুখন মেচত জয়লাভ কৰি ভাৰতে হস্তগত কৰক ভাৰত -অষ্ট্ৰেলিয়াৰ মাজৰ টি-২০ শৃংখলা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments