মৰমত বিৰাটক কি বুলি মাতে পত্নী অনুষ্কাই!
অলিম্পিয়া প্ৰতিবেদন :এহাল তাৰকা দম্পতী । বিবাহৰ পাছতো বহু চৰ্চিত বিৰাট আৰু অনুষ্কাৰ যুটি ।বিৰাট কোহলিক সহধৰ্মিনী অনুষ্কাই কি বুলি মাতে মৰমত ! প্ৰকাশ পালে ফটোৰ কমেন্টত । এটা কমেন্টত লৈ ছচিয়েল মিডিয়াত তুমুল চৰ্চা । কোহলিৰ ফটোত কমেন্ট কৰিলে অনুষ্কা শৰ্মাই ।
টীম ইণ্ডিয়া আৰু বিৰাট কোহলি এতিয়া অনুশীলনত ব্যস্ত । কাৰণ ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচ সমাগত । ইয়াৰ মাজতে স্বাস্থ্য পৰীক্ষাত প্ৰকাশ পালে বিৰাটৰ কৰোনা পজিটিভ । বাধাগ্ৰস্ত হৈছে প্ৰস্তুতি । এসময়ত প্ৰেমৰ সম্পৰ্কৰে বান্ধ খোৱা বিৰাট আৰু অনুস্কা, বিবাহৰ পাছতো অনুৰাগীৰ মাজত খুবেই চৰ্চিত । দুয়োৰে প্ৰায়ে মুকলিকৈ নিজৰ প্ৰেমৰ ভাৱ প্ৰকাশ কৰে । এইক্ষেত্ৰত তাৰকা দম্পতীৰ নাই যেন কোনো লুক ঢাক । তাকেই পুনৰ বাৰ ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰমাণ কৰিলে বিৰাট আৰু অনুষ্কাই ।
শেহতীয়াকৈ বিৰাটে ছচিয়েল মিডিয়াত অনুশীলনৰ এখন ফটো শ্বেয়াৰ কৰিছে । স্বভাৱিকভাৱেই বিৰাট কোহলীৰ অনুৰাগীসকলে এই বিশেষ ফটোত কৰিলে কমেন্ট । পিছে এই অনুৰাগীৰ কমেন্টৰ মাজত দেখা গল পত্নী অনুষ্কাৰ এটা আকৰ্ষণীয় মন্তব্য । এই বিশেষ ফটো খনত কিউটি বুলি কমেন্ট কৰিলে অনুস্কাই । ইয়াৰ পাছতে ছচিয়েল মিডিয়াত অনুৰাগীৰ মাজত দেখা গল উছাহৰ ঢল ।
উল্লেখযোগ্য যে, ২ বছৰ ধৰি বিৰাটৰ বেটৰ পৰা অহা নাই কোনো শতৰাণ । ২০১৯ চনৰ নবেম্বৰতে বাংলাদেশৰ বিৰুদ্ধে বিৰাটে কোবাইছিল শতক । অনুৰাগীসকলে আশা কৰিছে— ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচত বিৰাটে দেখুৱাব আশাজনক ফল । বিৰাটৰ বেটৰ যাদুত বুৰ যাবলৈ সদায়ে সাজু ক্ৰিকেট বিশ্ব ।