Sunday, October 2, 2022
HomeNewsমৰিগাঁৱৰ আশা কাকতি পান অলিম্পিক আৰু এছিয়ান গেমছলৈ নিৰ্বাচিত; ধনৰ অভাৱত দেশক...

মৰিগাঁৱৰ আশা কাকতি পান অলিম্পিক আৰু এছিয়ান গেমছলৈ নিৰ্বাচিত; ধনৰ অভাৱত দেশক প্ৰতিনিধিত্ব কৰাৰ সপোন আধৰুৱা হ’ব নেকি?

মৰিগাঁৱৰ আশা কাকতি ব্ৰাজিলৰ পান অলিম্পিক আৰু জাপানৰ এছিয়ান গেমছলৈ নিৰ্বাচিত হৈছে। অলপতে গুজৰাটৰ বৰোদাত অনুষ্ঠিত হোৱা তৃতীয় মাষ্টাৰ গেমছত আশা কাকতিয়ে ৩০ বছৰ শাখাত ডিছকাছ থ্ৰ’ আৰু হামাৰ থ্ৰ’ত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। প্ৰতিযোগিতাখনত লাভ কৰা সফলতাৰ সুৱাদতে আশা কাকতিয়ে পান অলিম্পিক আৰু এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে। ইতিমধ্যে প্ৰতিযোগিতা দুখনলৈ নিজকে প্ৰস্তুত কৰি থকা আশা কাকতিক এতিয়া প্ৰয়োজন চৰকাৰী সাহাৰ্যৰ। মধ্যবিত্ত পৰিয়ালৰ আশা কাকতিয়ে প্ৰতিযোগিতা দুখনত অংশগ্ৰহণ কৰিবলৈ প্ৰয়োজনীয় ধনৰ যোগাৰ কৰিব পৰা নাই। যাৰ বাবে তেওঁ ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগ আৰু সংশ্লিষ্ট বিভাগসমূহক এই ক্ষেত্ৰত সহায় কৰাৰ বাবে আহ্বান জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 + 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments