Monday, July 4, 2022
HomeNewsমৰিয়নিত কালাৰ বেল্ট গ্ৰেডিং প্ৰদান

মৰিয়নিত কালাৰ বেল্ট গ্ৰেডিং প্ৰদান

অলিম্পিয়া প্ৰতিবেদন

মৰিয়নিত ক্ৰীড়াৰ এক অনন্য পৰিবেশ । অসমৰ কাৰাটে কিডছ জ’নৰ খেলুৱৈক কালাৰ বেল্ট গ্ৰেডিং প্ৰদান । উদীয়মান খেলুৱৈৰ দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন ।

মৰিয়নিত আছিহাৰা কাৰাটে স্কুল অৱ অসমৰ বিশেষ উদ্যোগ । দেওবাৰে কাৰাটে কিডছ জ’নৰ খেলুৱৈক প্ৰদান হ’ল কালাৰ বেল্ট গ্ৰেডিং । মৰিয়নিৰ ৰেলৱে হাইস্কুলৰ প্ৰেক্ষাগৃহত তাৰেই এক সুন্দৰ ক্ৰীড়াৰ পৰিবেশে বিৰাজ কৰিলে । প্ৰায় ৪০ গৰাকী উদীয়মান প্ৰতিভাই অংশ লোৱা এই অনুষ্ঠানত খেলুৱৈসকলে উজাৰি দিলে নিজৰ শ্ৰেষ্ঠত্ব । এই অনুষ্ঠানত সকলোৱে ভাল ফলাফল দেখুৱাই কালাৰ বেল্ট পাবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে, মৰিয়নিৰ কালাৰ বেল্ট গ্ৰেডিং অনুষ্ঠানত পৰীক্ষক হিচাপে উপস্থিত থাকিল হেমন্ত বৰঠাকুৰ, ৰাজীৱ দাস, কুতুমুদ্দিন আহমেদ আৰু সংগীতা আৰন্ধৰা।

মৰিয়নিত আছিহাৰা কাৰাটে স্কুল অৱ অসমে যি পদক্ষেপ গ্ৰহণ কৰিলে সি নিশ্চয়কৈ প্ৰশংসনীয় । ক্ৰীড়া অনুৰাগীৰ আশা — কালাৰ বেল্ট গ্ৰেডিং লাভ কৰা সকলো খেলুৱৈয়ে অনাগত সময়ত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াঙ্গনত পদক অৰ্জনৰে অসম মাতৃক কৰক গৌৰৱান্বিত ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments