Tuesday, October 4, 2022
HomeNewsমৰিয়নীৰ ৰেলৱে হাইস্কুলত জিলা ভিত্তিক তৃতীয় বাৰ্ষিক আছিহাৰা কাৰাটে চেম্পিয়নশ্বিপ প্ৰতিয়োগিতা

মৰিয়নীৰ ৰেলৱে হাইস্কুলত জিলা ভিত্তিক তৃতীয় বাৰ্ষিক আছিহাৰা কাৰাটে চেম্পিয়নশ্বিপ প্ৰতিয়োগিতা

মৰিয়নীৰ ৰেলৱে হাইস্কুলত জিলা ভিত্তিক তৃতীয় বাৰ্ষিক আছিহাৰা কাৰাটে চেম্পিয়নশ্বিপ প্ৰতিয়োগিতা

অলিম্পিয়া প্ৰতিবেদন: সমগ্ৰ অসমতে এতিয়া ৰঙালীৰ আনন্দ ৷ তাৰ মাজতে মৰিয়নীৰ ৰেলৱে হাইস্কুলত অনুস্থিত হয় যোৰহাট জিলা ভিত্তিক তৃতীয় বাৰ্ষিক আছিহাৰা কাৰাটে চেম্পিয়নশ্বিপ প্ৰতিয়োগিতা ৷ যোৱা দেওবাৰে মৰিয়নী কাৰাটে ক্লাবে আয়োজন কৰা এই প্ৰতিয়োগিতাখনত অংশগ্ৰহণ কৰে ২০০ৰো অধিক কাৰাটেকাই ৷ প্ৰতিযোগিতাৰ শেষত ইয়াৰে ৩০ জন খেলুৱৈক বাচনি কৰা হয় ৰাজ্যিক পৰ্যায়ৰ খেলৰ বাবে ৷ মৰিয়নী কাৰাটে ক্লাবে আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু বিশিষ্ট সমাজসেৱক মোহন ৰাও ৷

আৰু অধিক পঢ়ক

উক্ত প্ৰতিযোগিতাত ছোৱালী আৰু ল’ৰাৰ জুুনিয়ৰ শাখাত শ্ৰেষ্ঠ যুঁজাৰু হেমা মুণ্ডা আৰু প্ৰাণদ্বীপ শইকীয়াৰ লগতে প্ৰথম আৰু দ্বিতীয় শ্ৰেষ্ঠ দল ক্ৰমে মৰিয়নীৰ কিডছ জ’আন আৰু টেকেলা গাঁও কাৰাটে ক্লাবে পাবলৈ সক্ষম হয় ৷ বিহুৰ মাজত ক্ৰীড়াৰ প্ৰতি গঢ় লৈ উঠা এনে ক্ৰীড়ামূলক অনুষ্ঠানে ক্ৰীড়াক্ষেত্ৰখনক অধিক শক্তিশালী কৰিব বুলি আয়োজক কমিটিয়ে আস্থা প্ৰকাশ কৰিছে ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

YouTube player
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 + 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments