যিকোনো পৰিস্থিতিতে অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক

যিকোনো পৰিস্থিতিতে টকিঅ’ অলিম্পিক অনুষ্ঠিত হ’ব। জাপানৰ টকিঅ’ অলিম্পিক আয়োজিত কমিটিৰ প্ৰমুখ Seiko Hashimoto ই ঘোষণা কৰিছে এই কথা। এক সংবাদ মেলত প্ৰতিযোগিতাখন পুনৰ স্থগিত ৰখা বা বাতিল কৰাৰ সম্ভাৱনা সম্পৰ্কে কৰা এক প্ৰশ্নৰ উত্তৰত Seiko Hashimoto য়ে স্পষ্টভাৱে কৈছে, এনেকুৱা একো নহয়‌। তেওঁ কৈছে বিভিন্ন চিন্তা আছে কিন্তু টকিঅ’২০২০ আয়োজক কমিটিয়ে প্ৰতিযোগিতাখন বাতিল বা স্থগিত ৰখাৰ চিন্তা কৰা নাই।

উল্লেখ্য যে কেইদিনমান পূৰ্বে জাপানৰ শাসনাধিস্থ দল এল ডি পিৰ মহাসচিব গৰাকীয়ে প্ৰতিযোগিতাখন স্থগিত বা বাতিল কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

২০২০ বৰ্ষৰ ২৪ জুলাইৰ পৰা টকিঅ’ অলিম্পিক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কৰ’না ভাইৰাঊ সংক্ৰমণৰ বাবে এই প্ৰতিযোগিতা এবছৰ পিছুৱাই ২০২১ চনৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈকে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এবছৰৰ পিছতো কৰ’নাৰ ভয়াবহতা দূৰ নোহোৱাত এতিয়া প্ৰতিযোগিতাখনকলৈ পলে পলে অনিশ্চয়তা বৃদ্ধি পাইছে। তাৰ মাজতে আয়োজক কমিটি আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে যিকোনো পৰিস্থিতিতে অলিম্পিক আয়োজন কৰিব বুলি মত প্ৰকাশ কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *