Friday, September 30, 2022
HomeNewsযুঁজি যুঁজি হাৰিল ঋষভ বাহিনী : জোছ বাটলাৰৰ শতকত জয়ী ৰাজস্থান

যুঁজি যুঁজি হাৰিল ঋষভ বাহিনী : জোছ বাটলাৰৰ শতকত জয়ী ৰাজস্থান

যুঁজি যুঁজি হাৰিল ঋষভ বাহিনী : জোছ বাটলাৰৰ শতকত জয়ী ৰাজস্থান

অলিম্পিয়া প্রতিবেদন: আই পি এলৰ এখন ৰোমাঞ্চকৰ মেচ । জোছ বাটলাৰৰ শতকত জয়ী ৰাজস্থান ৰয়েলছ । যুঁজি যুঁজি হাৰি গ’ল ঋষভ পন্ট বাহিনী । শেষৰ অভাৰত ৰভমান পৱেলৰ তিনিটা অভাৰ বাউণ্ডেৰীয়েও বচাব নোৱাৰিলে দিল্লী কেপিটেলছক ।

শুক্ৰবাৰে আই পি এলৰ এখন হাই ভল্টেজ মেচ প্ৰত্যক্ষ কৰিলে ক্ৰিকেট অনুৰাগীয়ে । সমুখ সমৰত সঞ্জু চেমচন বাহিনী বনাম ঋষভ পন্ট বাহিনী । প্ৰথমে বেটিং কৰি ৰাজস্থান ৰয়েলছে ২ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ২২২ ৰাণ । ৰাজস্থানৰ হৈ দুৰ্দান্ত বেটাৰ জোছ বাটলাৰে দাঙি ধৰিলে অদমনীয় প্ৰদৰ্শন । দিল্লী কেপিটেলছৰ বল নিৰ্দয়ভাৱে প্ৰহাৰ কৰি কৰিলে শতক । ৯ টা বাউণ্ডেৰী আৰু ৬ টা অভাৰ বাউণ্ডেৰীৰে ৬৫ টা বলত দললৈ বৰঙণি যোগালে মুঠ ১১৬ ৰাণ । দেৱদত্ত পাডিক্কালেও ৩৫ টা বলত ৫৪ ৰাণৰ এক সুন্দৰ ইনিংছ খেলে । আনহাতে অধিনায়ক হিচাপে ৰাজস্থানৰ সঞ্জু ছেমচনে ১৯ টা বলৰ বিপৰীতে ৪৬ ৰাণ কৰে ।

আৰু অধিক পঢ়ক

জয়ৰ বাবে ২২৩ ৰাণৰ বৃহৎ লক্ষ্য লৈ ক্ৰীজত নামিল ঋষভ পন্ট বাহিনী । দিল্লীৰ হৈ পৃথিৱী শ্ব’ই ৩৭ , ডেভিদ ৱাৰ্ণাৰে ২৮ আৰু ঋষভ পন্টে ৪৪ ৰাণৰ ইনিংছ খেলে । অন্তিম অভাৰত দিল্লীক জিকিবলৈ প্ৰয়োজন আছিল ৩৬ ৰাণ । অভাৰটোত ৰভমান পাৱেলে ক্ৰমাগত ৩ টা বলত ৩ টা ছিক্সাৰ কোবাই খেলখন আকৰ্ষণীয় কৰি তুলিলে । পিছে পৰাজয়ৰ পৰা দিল্লীক বচাব নোৱাৰিলে পাৱেলে । ৮ টা উইকেটৰ বিনিময়ত ২০৭ ৰাণ কৰিয়েই ক্ষান্ত থাকিল দিল্লী কেপিটেলছ । ফলত ১৫ ৰাণত জয়ৰ মালা পিন্ধিলে ৰাজস্থানে ।

চলিত ছিজনৰ আই পি এলত এই পৰ্যন্ত এটা ইনিংছত সৰ্বাধিক ৰাণ কৰা খেলুৱৈ হিচাপে পৰিগণিত হল জোছ বাটলাৰ । চলিত আই পি এলত বাটলাৰে এই পৰ্যন্ত ৩ টা শতক অৰ্জন কৰি একেটা ছিজনত (২০১৬ বৰ্ষত) সৰ্বাধিক ৪ টা শতৰাণ কৰা বিৰাট কোহলিৰ অভিলেখ ভংগ কৰাৰ দিশে অগ্ৰসৰ হৈছে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উল্লেখযোগ্য যে, এই জয়ৰ পাছতেই ১০ পইন্টৰে পইন্ট তালিকাৰ শীৰ্ষলৈ উন্নীত হ’ল ৰাজস্থান ৰয়েলছ । চলিত ছিজনত ৭ খন মেচৰ ভিতৰত ৫ খনতে জয়লাভ কৰিছে সঞ্জু বাহিনীয়ে । আনহাতে ৭ খন মেচৰ ভিতৰত মাত্র ৩ খনত জয়ী হৈ ৬ পইন্টৰে তালিকাৰ ষষ্ঠ স্থানত আছে দিল্লী কেপিটেলছ ।

শনিবাৰে অনুষ্ঠিত হ’ব দুখনকৈ হাই ভল্টেজ মেচ । এখনত অৱৰ্তীণ হ’ব কলকাতা নাইট ৰাইডাৰ্ছ বনাম গুজৰাট টাইটানছ ।আনখনত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৱে যুঁজিব ছানৰাইজাৰ্ছ হাইদৰাবাদৰ বিৰুদ্ধে ।

ক্ৰমে দৃশ্যমান হৈ পৰিছে ১০ টা আই পি এল দলৰ শক্তি । চলিত ছিজনত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ নিজ নিজ দলৰ হৈ মৰণপণ যুঁজ দিছে ক্ৰিকেটৰ মহাতাৰকাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments