Friday, September 30, 2022
HomeNewsযেতিয়া পিতৃ-মাতৃ আৰু পুত্ৰ তিনিও অলিম্পিয়ান হয়!!বিখ্যাত পেজ পৰিয়ালৰ ক্ৰীড়া প্ৰতিভাৰ কথা...

যেতিয়া পিতৃ-মাতৃ আৰু পুত্ৰ তিনিও অলিম্পিয়ান হয়!!বিখ্যাত পেজ পৰিয়ালৰ ক্ৰীড়া প্ৰতিভাৰ কথা !

এটা পৰিয়াল। ভাৰতৰ ক্ৰীড়া ইতিহাসৰ এটা বিস্ময়কৰ পৰিয়াল। সেই পৰিয়ালৰে সদস্য ভাৰতীয় টেনিছ জগতৰ তাৰকা খেলুৱৈ লিয়েণ্ডাৰ পেজ। বিশ্ব টেনিছৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ ডাবলছ প্লেয়াৰ তেওঁ। তেওঁৰ নামত আছে আঠটাকৈ ডাবলছ আৰু দহটাকৈ মিক্সড ডাবলছৰ গ্ৰেণ্ড শ্লেমৰ খিতাপ। তেওঁৰ নামতে আছে ডেভিছ কাপত সৰহসংখ্যক ডাবলছৰ খিতাপ অৰ্জন কৰাৰ অভিলেখো। তেওঁ অলিম্পিকত ভাৰতক সাতবাৰকৈ প্ৰতিনিধিত্ব কৰিছে। ১৯৯৬ চনত আটলান্টা অলিম্পিকত ব্ৰঞ্জৰ পদক দখল কৰিছিল এইজন টেনিছ খেলুৱৈয়ে। ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ এনে এজন মহান খেলুৱৈয়ে জন্ম লাভ কৰিছিল এটা মহান পৰিয়ালত। লিয়েণ্ডাৰৰ পিতৃ মাতৃ দুয়ো আছিল খেলুৱৈ। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল দুয়োই। তাৰোপৰি দুয়োগৰাকীয়ে অলিম্পিকতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। পিতৃ ভিচি পেজ ( Vece Paes) আছিল এজন হকী খেলুৱৈ আৰু মাতৃ আছিল এগৰাকী বাস্কেটবল খেলুৱৈ। পিতৃ মাতৃ দুয়োৰে আছে এক বৰ্ণিল ক্ৰীড়া ইতিহাস।

পিতৃ Vece Paesৰ নামত আছে অলিম্পিকৰ পদক

পিতৃ Veceৰ সৈতে লিয়েণ্ডাৰ পেজ

Vece paes আছিল এগৰাকী সুদক্ষ হকী খেলুৱৈ। ভাৰতীয় হকী দলৰ তেওঁ নিৰ্ভৰযোগ্য মিডফিল্ডাৰ আছিল । ১৯৭২ চনৰ মিউনিখ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল তেওঁ। সেইবাৰ ভাৰতীয় হকী দলে ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল। তাৰোপৰি স্পৰ্টছ মেডিচিনৰ চিকিৎসকো আছিল তেওঁ।

মাতৃ জেনিফাৰো আছিল অলিম্পিয়ান

মাতৃ জেনিফাৰৰ সৈতে লিয়েণ্ডাৰ

লিয়েণ্ডাৰৰ মাতৃ জেনিফাৰ পেজ আছিল কলিকতাৰ জীয়ৰী। জেনিফাৰৰ ককাদেউতাক আছিল বিখ্যাত বংগ কবি মাইকেল মধুসুদন দত্ত। জেনিফাৰৰ খুৰাকো আছিল এজন নাম কৰা এথলিট। খেলা ধূলা জেনিফাৰৰ তেজত আছিল। সেয়ে সময়ত দেশৰ বাস্কেটবলক্ষেত্ৰৰ এটা চিনাকি নাম হৈ পৰিছিল। ১৯৮২ চনত ভাৰতীয় বাস্কেটবল দলক নেতৃত্ব প্ৰদান কৰি এছিয়ান বাস্কেটবল চেম্পিয়নশ্বিপত। ১৯৭২ ৰ গ্ৰীষ্মকালীন অলিম্পিকতো ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল এইগৰাকী খেলুৱৈয়ে।

এনেদৰেই পিতৃ, মাতৃ আৰু পুত্ৰই অলিম্পিকত নিজৰ দেশক প্ৰতিনিধিত্ব কৰাৰ বিৰল উদাহৰণ ইতিহাসত লিপিবদ্ধ কৰিলে পেজৰ পৰিয়ালটোৱে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments