যোগাসনত অসমৰ সুমিত দে’ৰ ৰূপৰ পদক
অলিম্পিয়াৰহৈ দীপশিখা বৰা হাজৰিকা, নগাঁও: হাৰিয়ানাৰ পাঞ্চকুলাত চলি থকা চতুৰ্থ খেলো ইণ্ডিয়া য়ুথ গেমছত পোনপ্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হোৱা যোগাসন ইভেণ্টত অসম যোগ সংস্থাৰ সম্পাদক তথা যোগগুৰু প্ৰভাত চন্দ্ৰ বৰাৰ প্ৰশিক্ষণৰে পুষ্ট অসমৰ সুমিত দে’য়ে ৰূপৰ পদক অৰ্জন কৰিছে ।
আৰ্টিটিকছৰ ল’ৰাৰ একক শাখাত সোমবাৰে চমকপ্ৰদ প্ৰদৰ্শনৰে তেওঁ দ্বিতীয়স্থান অধিকাৰ কৰি ৰূপৰ পদক অৰ্জনৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । অসমৰ পৰা যোগাসনৰ একমাত্ৰ খেলুৱৈৰূপে সুমিত দে’ আৰু যোগ প্ৰশিক্ষকৰূপে প্ৰভাত চন্দ্ৰ বৰাই অসম দলটোৰ আন খেলুৱৈসকলৰ সৈতে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই সফলতা লাভ কৰাৰ বাবে অসম যোগ সংস্থাৰ অধ্যক্ষ ডাঃ কৃষ্ণ কুমাৰ বৰা, সভাপতি তপন কুমাৰ দাস, যুটীয়া সম্পাদক সমীৰ হাজৰিকা, কাৰিকৰী সঞ্চালক চিত্তৰঞ্জন বৰা আদিয়ে তেওঁলোকক অভিনন্দন জনাইছে । ইয়াৰ উপৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ যোগপ্ৰেমীসকলেও যোগক্ৰীড়াই সুমিত দে’ৰ পদকপ্ৰাপ্তিৰ জৰিয়তে এনেদৰে স্বীকৃতি পোৱাত আনন্দ প্ৰকাশ কৰিছে ।