যোৰহাটত আছিহাৰা কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ
অলিম্পিয়া প্ৰতিবেদন: এজাক উদীয়মান খেলুৱৈৰ দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । যোৰহাটত আছিহাৰা কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ । বহুসংখ্যক সমৰকলা খেলুৱৈৰ অংশগ্ৰহণ ।
অহা ২৩ আৰু ২৪ জুলাইত দেৰগাঁৱত অনুষ্ঠিত হ’ব ৰাজ্যিক পৰ্যায়ৰ আছিহাৰা কাৰাটে প্ৰতিযোগিতা । এই লক্ষ্য আগত লৈ জিলাই জিলাই চলিছে প্ৰশিক্ষণৰ লগতে বাছনি শিবিৰ । শিৱসাগৰত বাছনি শিবিৰ সফলতাৰে অনুষ্ঠিত হোৱাৰ পাছত এইবাৰ এই শিবিৰ অনুষ্ঠিত হৈছে যোৰহাট জিলাত ।
আছিহাৰা কাৰাটে স্কুল অৱ যোৰহাট টেকেলা গাঁৱৰ ক্লাবে ২১ আৰু ২২ মে’ত অনুষ্ঠিত কৰে এক প্ৰশিক্ষণ শিবিৰ । প্ৰায় ৮০ গৰাকীৰো অধিক প্ৰৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই শিবিৰত দুগৰাকীকৈ প্ৰশিক্ষণে আছিহাৰা কাৰাটেৰ প্ৰশিক্ষণ আগবঢ়ায় । সেই দুগৰাকী প্ৰশিক্ষক হ’ল- -সুশান্ত দাস আৰু দিব্যজ্যোতি বৰা ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
উল্লেখযোগ্য যে, আছিহাৰ কাৰাটে স্কুল অৱ অসমৰ জিলা আছে মুঠ ১৮ খন। পৰৱৰ্তী বাছনি তথা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ’ব ডিব্ৰুগড়ত । জুন মাহৰ ভিতৰতে একাদিক্ৰমে সকলো জিলাতে অনুষ্ঠিত হ’ব বাছনিসমূহ ।
ক্ৰীড়া অনুৰাগীৰ আশা– -অনাগত ৰাজ্যিক আছিহাৰা কাৰাটে চেম্পিয়নশ্বিপত অসমৰ উদীয়মান প্ৰতিভাই দাঙি ধৰক উন্নত প্ৰদৰ্শন । পদক অৰ্জনৰে প্ৰতি খন জিলাৰ পৰা আছিহাৰা কাৰাটেত জিলিকি উঠক নৱ প্ৰতিভা।